মাইক্ৰ’ছেকেণ্ডৰ মূল্য বুজিলোঁ, কিন্তু মই হেৰাই নাযাওঁঃ হিমা
আমাৰ অসম, ১২ আগষ্টঃ আঘাতৰ সৈতে কৰা দীঘলীয়া সংগ্ৰামৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ বাৰ্মিংহাম কমনৱেল্থ গেমছত ট্ৰেকত নামছিল ‘ধিং এক্সপ্ৰেছ’ হিমা দাস৷ সদায়েই আশা কৰাৰ দৰে অনুৰাগীসকলে এইবাৰো আশা কৰিছিল হিমাৰ পৰা এটা পদক৷ কিন্তু আশাহত হ’ল অনুৰাগী৷ পদক নাপালে হিমাই৷ অনুৰাগী আশাহত হ’লেও কমনৱেল্থ গেমছে হিমাৰ মনত দিলে নতুন আশা৷ নতুন আত্মবিশ্বাস৷ ট্ৰেকত আগুৱাই যোৱাৰ বাবে শিক্ষা৷ প্ৰতিযোগিতাখনৰ মহিলাৰ ২০০ মিটাৰৰ ছেমিফাইনেলত উপনীত হৈ আশাৰ সঞ্চাৰ কৰিছিল হিমাই৷ কিন্তু মাত্ৰ এক মাইক্ৰ ছেকেণ্ডৰ বাবেই ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হ’ল দেশৰ তাৰকা এথলীট গৰাকী৷ ২০০ মিটাৰৰ ছেমিফাইনেলত দৌৰ সমাপ্ত কৰাৰ বাবে হিমাক প্ৰয়োজন হৈছিল ২৩.৪২ ছেকেণ্ড৷ এই সময় প্ৰদৰ্শনেৰে ফাইনেলত স্থান পোৱা নাছিল খেলুৱৈ গৰাকীয়ে৷ ২৩.৪১ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল অষ্ট্ৰেলিয়াৰ এলা কনলীয়ে৷ ফাইনেলত উপনীত হোৱাত ব্যৰ্থ হ’লেও কমনৱেল্থ গেমছত নিজৰ প্ৰদৰ্শনক লৈ সুখী হিমা৷ কমনৱেল্থ গেমছৰ ফাইনেলত ব্যৰ্থ হৈ তেওঁ ভালদৰেই বুজিব পাৰিলে এক মাইক্ৰ ছেকেণ্ডৰ মূল্য৷ বৃহস্পতিবাৰে গুৱাহাটীত অসম এথলেটিকছ সন্থাই আয়োজন কৰা এক সংবাদ মেলত অংশ লৈ খেলুৱৈগৰকীয়ে কয়–‘কমনৱেল্থ গেমছত ফাইনেলত উপনীত নোহোৱাটো ডাঙৰ কথা নহয়৷ মোৰ প্ৰদৰ্শনক লৈ মই সন্তুষ্ট৷ মই বুজিব পাৰিলো এক মাইক্ৰ ছেকেণ্ডৰ মূল্য৷ জামাইকা, অষ্ট্ৰেলিয়া আদি দেশৰ শক্তিশালী খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামি মই যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলো৷ এছিয়ান গেমছৰ ট্ৰেকত কিদৰে প্ৰতিপক্ষৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিম সেয়া শিকি আহিছো৷’ লগতে তেওঁ কয়–‘বহুতে ভাবিছিল মই হেৰাই যোৱা বুলি৷ কিন্তু মই প্ৰমাণ কৰিলো মই হেৰাই যোৱা নাই৷’ প্ৰথমে কমনৱেল্থ গেমছৰ ২০০ মিটাৰ বাবে ভাৰতীয় দলত নাম নাছিল হিমাৰ৷ কিন্তু পিছত তেওঁ ৰেংকিঙৰ ভিত্তিত প্ৰতিযোগিতাখনত ২০০ মিটাৰ দৌৰত ভাগ লোৱাৰ সুযোগ পাইছিল৷ হিমাৰ মতে অষ্টে˜লিয়া, জামাইকা আদি দেশৰ খেলুৱৈসকল জন্মগতভাৱেই শক্তিশালী৷ কিন্তু হিমাৰ বিশ্বাস সেইসকল খেলুৱৈৰ সৈতে ফেৰ মাৰি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হ’ব৷ বিদেশৰ খেলুৱৈসকলৰ ত্যাগৰ পৰা বহু কথা শিকিব পাৰিছে বুলিও হিমাই কয়৷ কমনৱেলথ গেমছত ভাৰতীয় দলৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতাত নামিছিল ৪*১০০ মিটাৰ ৰীলেতো৷ কিন্তু ফাইনেলত ব্যৰ্থ হয় ভাৰত৷ ৰীলেত অৱশ্যে নিজে প্ৰদৰ্শন কৰা সময়ক লৈ সন্তুষ্ট হিমা৷ সংবাদ মেলত খেলুৱৈগৰাকীয়ে কয়যে বিভিন্নজনৰ সহযোগিতাৰে তেওঁ আঘাত অতিক্ৰম কৰি ট্ৰেকলৈ প্ৰত্যাৱৰ্তন কৰিছে৷ তেওঁ ৰোমন্থন কৰে শচীন তেণ্ডুলকাৰৰ পৰামৰ্শও কথাও৷ কঠিন সময় অতিক্ৰম কৰিব পাৰিব লাগিব বুলি শচীনে কৈছিল হিমাক৷ প্ৰত্যাৱৰ্তনৰ পথত তেওঁ সেই কথা সদায় মনত ৰাখিছিল৷ আনহাতে লাভলীনাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত হিমাই কয়–‘সদায়েই খেলুৱৈয়ে পদক জয় কৰিব বুলি ক’ব নোৱৰি৷ লাভলীনাই এছিয়ান গেমছত ভাল প্ৰদৰ্শন কৰিব৷ কঠোৰ শ্ৰম কৰি তেওঁ অলিম্পিকত পদক জয় কৰিছে৷ তেওঁ যিখিনি কৰিছে অসমৰ বাবেই কৰিছে৷’ আজিৰ সংবাদ মেলত হিমাৰ সৈতে সৈতে উপস্থিত আছিল অসম এথলেটিকছ সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ৷