Logo
image

ৰং-ৰূপ সলনি হৈছে ত্ৰিৰংগাৰ

খাদীৰ সলনি পলিয়েষ্টাৰ, গেৰুৱাৰ ঠাইত ভিন্ন ৰং

আমাৰ অসম, ১২ আগষ্টঃ আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যত আৰম্ভ হৈছে ত্ৰিৰংগা বিতৰ্ক৷ ৰাষ্ট্ৰীয় পতাকাৰ ক্ষেত্ৰত থকা পূৰ্বৰ বহু নিয়ম আৰু কঠোৰ বাধা-নিষেধ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে শিথিল কৰিছে৷ এই শিথিলতাৰ পিছতে এতিয়া আৰম্ভ হৈছে ত্ৰিৰংগা বিতৰ্ক৷ উল্লেখ্য, স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী৷ স্বাধীনতাৰ ৭৫ বছৰৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইতিমধ্যে প্ৰতিটো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন, শিক্ষানুষ্ঠান আদিয়ে আয়োজিত কৰিছে বিভিন্ন কাৰ্যসূচী৷ এই কাৰ্যসূচীসমূহ বহুলভাৱে ব্যৱহৃত হৈছে দেশৰ ৰাষ্ট্ৰীয় পতাকা৷ ৰাইজৰ মাজত বিনামূলীয়াভাৱে বিতৰণো কৰি থকা হৈছে ৰাষ্ট্ৰীয় পতাকা৷ সমগ্ৰ ৰাজ্যতে ৮০ লাখ পতাকা উত্তোলন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে অসম চৰকাৰে৷ ইয়াৰ বাবে প্ৰতিটো পৰিয়ালক এখনকৈ পতাকা প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷ কিন্তু ইয়াতে সৃষ্টি হৈছে ত্ৰিৰংগা বিতৰ্ক৷ ৰাজ্যবাসীৰ বহুল চাহিদা পূৰণৰ বাবে বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে লাখ লাখ পতাকা৷ ঘৰুৱাভাৱে পতাকা উৎপাদন কৰি থকা হৈছে যদিও বজাৰত বিক্ৰী হৈ থকা অধিকাংশ পতাকা প্ৰস্তুতৰ ক্ষেত্ৰত কোনো ধৰণৰ নীতি-নিৰ্দেশনা মনা হোৱা নাই৷ বহু ক্ষেত্ৰত পতাকাত গেৰুৱা ৰঙৰ পৰিৱৰ্তে ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰা হৈছে৷ পতাকাৰ বগাৰ মাজত থাকিবলগীয়া অশোক চক্ৰ অংকিত কৰা হৈছে পতাকাখনৰ এটা কোণত৷ বহু ক্ষেত্ৰত গেৰুৱা, বগা আৰু সেউজীয়া ৰঙৰ কাপোৰৰ আকাৰৰ মাজত কোনো ধৰণৰ সামঞ্জস্য নাই৷ মুঠৰ ওপৰত যিয়ে যেনেকৈ পাইছে তেনেকৈয়ে পতাকা প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে মেলি দিছে৷ পূৰ্বতে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত আৰু ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট কঠোৰ বাধা-নিষেধ আৰু নীতি-নিৰ্দেশনা আছিল৷ কিন্তু ২০২১ চনৰ ৩০ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনাযোগে এই নীতি-নিয়মৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা আনে৷ পূৰ্বতে সূৰ্যোদয়ৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু সুৰ্যাস্তৰ পূৰ্বে পতাকা নমোৱাৰ নিয়ম আছিল৷ সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত কেৱল মাত্ৰ ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীতহে ৰাষ্ট্ৰীয় পতাকা নিজৰ নিজৰ ঘৰ আৰু বাহনত উত্তোলনৰ অনুমতি আছিল৷ ৰাষ্ট্ৰীয় পতাকা খাদী কাপোৰেৰে প্ৰস্তুত কৰাটো বাধ্যতামূলক আছিল৷ কিন্তু ‘দ্যা ফ্লেগ কোড অফ ইণ্ডিয়া, ২০০২’ক কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰি ২০২১ চনৰ ৩০ডিচেম্বৰত এক নিৰ্দেশনা জাৰি কৰে৷ এই নতুন নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় পতাকা হাতে বোৱাৰ উপৰিও মেচিনেৰে প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো অনুমতি দিয়া হয়৷ সেই অনুসৰি ৰাষ্ট্ৰীয় পতাকা কপাহ, পলিয়েষ্টাৰ, ঊণ, চিল্ক আৰু খাদী কাপোৰেৰে প্ৰস্তুত কৰিব পৰাৰ নিয়ম প্ৰচলন হয়৷ সন্মান সহকাৰে সাধাৰণ নাগৰিক, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিয়ে বছৰৰ যিকোনো সময়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অনুমতি দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ নতুন নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকা দিনে-নিশাই ব্যৱহাৰৰ অনুমতি দিয়া হয়৷ পূৰ্বতে ৰাষ্ট্ৰীয় পতাকাৰ আকাৰৰ এটা নিৰ্দিষ্ট জোখ আছিল যদিও ২০২২ চনৰ ১৯ জুলাইৰ অন্য এক সংশোধনীযোগে ৰাষ্ট্ৰীয় পতাকাৰ আকৃতি যিকোনো কৰাৰ অনুমতি দিয়া হয়৷ অৱশ্যে এইক্ষেত্ৰত দৈঘ্য আৰু উচ্ছতাৰ অনুপাত ৩ঃ২ হ’ব লাগিব৷ কিন্তু শেহতীয়াভাৱে বজাৰত উপলব্ধ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ ক্ষেত্ৰত সকলো ধৰণৰ নিয়ম-নীতি বিসৰ্জন দিয়া হৈছে৷ বিশেষকৈ আজিৰ তাৰিখত পলিয়েষ্টাৰৰ পৰা প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাই বজাৰ ছানি ধৰিছে৷ ৰাজ্য চৰকাৰে সুলভ মূল্যৰ দোকানৰ জৰিয়তে যিসমূহ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰি আছে সেইসমূহ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নীতি-নিয়ম মানি চলা হোৱা নাই৷ বহু ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত থাকিবলগীয়া ২৪ডাল দণ্ড নাই৷ ৰাষ্ট্ৰীয় পতাকাৰ নামত বজাৰত এতিয়া বিক্ৰী হৈ আছে কিছুমান কিম্ভ³ত কিম্বাকাৰ খণ্ডবস্ত্ৰহে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই ক্ষেত্ৰত মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়– ৰাষ্ট্ৰীয়বাদ কেতিয়াও বিক্ৰী নহয়৷ অথচ ৰেচনৰ দোকানত ৰেচন ল’বলৈ অহা দুখীয়ালোকক ২০টকাৰে ৰাষ্ট্ৰীয় পতাকা কিনিবলৈ বাধ্য কৰা হৈছে৷ ইয়াৰ পূৰ্বে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও এইক্ষেত্ৰত চৰকাৰ কঠোৰ সমালোচনা কৰি কৈছিল যে ৰাষ্ট্ৰীয় পতাকা কিনিবলৈ নিবিচৰা দুখীয়া লোকক ৰেচন দিবলৈ অস্বীকাৰ কৰিছে ৰেচনৰ দোকানীয়ে৷ লক্ষণীয়ভাৱে পলিয়েষ্টাৰ, প্লাষ্টিক আদিৰে প্ৰস্তুত কৰা লাখ লাখ ৰাষ্ট্ৰীয় পতাকাৰ অৱস্থা ১৫ আগষ্টৰ পাছত কি হ’ব তাক লৈ বহু লোক উদ্বিগ্ন হৈ পৰিছে৷ এতিয়া ৰাইজৰ হাতে হাতে থকা প্লাষ্টিকৰ ৰাষ্ট্ৰীয় পতাকা ১৫ আগষ্টৰ পিছত পেলনীয়া সামগ্ৰী হৈ পৰিব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰো কোনো ধৰণৰ নীতি-নিৰ্দেশনা পৰিলক্ষিত হোৱা নাই এই পৰ্যন্ত৷ ৰাষ্ট্ৰীয় পতাকাখন যে স্বাভিমান, সন্মান আৰু গৌৰৱৰ প্ৰতীক সেয়া বহুতে পাহৰি গৈছে ইয়াক ব্যৱহাৰৰ ক্ষেত্ৰত৷ যেন ৰং-ৰূপ সলনি হৈছে ত্ৰিৰংগাৰ৷

মোৰাঝাৰত ওলোটাকৈ উৰিল জাতীয় পতাকা

৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচী আজি মোৰাঝাৰত ৰূপায়ণ কৰা হয়৷ এই উপলক্ষে মোৰাঝাৰৰ প্ৰগতিশীল যুৱ মঞ্চৰ উদ্যোগত আৰু ডবকা ৰাজহ চক্ৰৰ সহযোগত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ বাবে এক সজাগতা পদযাত্ৰা উলিওঁৱা হয৷ এই পদযাত্ৰাত আয়োজকসকলৰ ভুলৰ বাবেই দেশৰ গৌৰৱ জাতীয় পতাকা ওলোটাকৈ উৰি থকা দেখি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷  পদযাত্ৰী কাৰ্যসূচীত মোৰাঝাৰৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে যদিও কাৰো চকুত জাতীয় পতাকা উলোঠাকৈ উৰি থকাটো ধৰা নপৰাটো আশ্চৰ্যজনক৷ ৰাজহ চক্ৰ বিষয়া অংকিতা বৰাও উপস্থিত থাকে এই কাৰ্যসূচীত৷ মোৰাঝাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা পদযাত্ৰা মোৰাঝাৰ আৰক্ষী থানাত সমাপ্ত হয়৷