ফ্লপ হ’ল নেকি ‘লাল সিং চাড্ডা’
অৱশেষত মুক্তি আমিৰৰ বহুচৰ্চিত ছবি
আমাৰ অসম, ১২ আগষ্টঃ অৱশেষত মুক্তি পালে বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানৰ বহু চৰ্চিত হিন্দী ছবি ‘লাল সিং চাড্ডা’৷ অভিনেতা আমিৰ খানৰ এই ছবিখন বয়কটৰ আহ্বানৰে দেশজুৰি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হোৱাৰ মাজতে বৃহস্পতিবাৰে লাল সিং চাড্ডা মুক্তি পায়৷ কিন্তু বিতৰ্কিত বলীউডৰ ছবিখন ফ্লপ হ’ব নেকি এই লৈ চলচ্ছিত্ৰ সমালোচকসকলৰ মাজত ব্যাপক চৰ্চা হোৱা দেখা গৈছে৷ বলীউডত বহু সফল চিনেমা উপহাৰ দিয়া আমিৰ খানৰ পূৰ্বৰ কিছু মন্তব্যক লৈ একাংশ হিন্দুত্বপন্থীয়ে সামাজিক মাধ্যমত লাল সিং চাড্ডাক বয়কটৰ আহ্বান জনোৱা দেখা গৈছিল৷ যাৰ পৰিপ্ৰেক্ষিতত লাল সিং চাড্ডাক লৈ দেশৰ জনতা দুটা শিবিৰত অৱস্থান লোৱা দেখা গৈছিল৷ এটা পক্ষই ছবিখনৰ বয়কটৰ আহ্বান কৰিছিল যদিও আন এটা পক্ষই সপক্ষে থিয় দি আমিৰ খানৰ হৈ মাত মাতিছিল৷ আনকি এই বিতৰ্কৰ বাবে আমিৰ খানে হাত জোৰ কৰি বিতৰ্কৰ সৃষ্টি কৰাসকলক তেওঁ দেশদ্ৰোহী নহয়, ভাৰতীয় বুলিহে ক’বলগীয়া হৈছিল৷ কিন্তু সামাজিক মাধ্যমত নেটিজেটৰ বয়কটৰ মাজতে বৃহস্পতিবাৰে লাল সিং চাড্ডা মুক্তি লাভ কৰে যদিও মুক্তিৰ পূৰ্বৰ ৪৮ ঘণ্টা অলপো শুব পৰা নাছিল বুলিও মন্তব্য কৰে আমিৰ খানে৷ তাৎপৰ্যপূৰ্ণভাৱে লাল সিং চাড্ডা ছবিখনৰ মুক্তিৰ দিনটোতে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ আন এখন চৰ্চিত ছবি ‘ৰক্ষা বন্ধন’ মুক্তি দিয়ে৷ অৱশ্যে আমিৰ খানৰ লাল সিং চাড্ডাক সমৰ্থন জনাই বহু চলচ্ছিত্ৰপ্ৰেমীয়ে অগ্ৰিম টিকট বুকিং কৰিছিল যদিও বাস্তৱত মুক্তিৰ দিনা হলত দৰ্শকৰ উপস্থিতি আছিল সেৰেঙা৷ কিছু কিছু ছবিগৃহত মাত্ৰ ১৫-২০ শতাংশহে দৰ্শক দেখা গৈছিল লাল সিং চাড্ডা উপভোগত৷ এক কথাত আশা কৰাৰ বিপৰীতে ছবিগৃহলৈ দৰ্শকক আকৰ্ষণ কৰিব পৰা নাই লাল সিং চাড্ডাই৷ দিল্লীৰ ছবিগৃহত লাল সিং চাড্ডাৰ বুকিং ১৫-২০ শতাংশ যদিও অক্ষয় কুমাৰৰ ‘ৰক্ষাবন্ধন’ৰ বুকিং তাতকৈও কম৷ দিল্লীৰ ছবিগৃহত ৰক্ষাবন্ধনৰ মাত্ৰ ১২ শতাংশহে বুকিং হোৱা বুলি প্ৰকাশ পাইছে৷ লক্ষণীয়ভাৱে লাল সিং চাড্ডা মুক্তিৰ পাছতেই ছবিখনৰ ৰেক’ৰ্ডিঙৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত প্ৰয়োজনা গোষ্ঠীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে পঞ্জাৱৰ এটা হলত উগ্ৰ হিন্দুত্ববাদীয়ে লাল সিং চাড্ডাৰ প্ৰদৰ্শন আধাতে বন্ধ কৰি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে লাল সিং চাড্ডাক লৈ আজিও আশাবাদী আমিৰ খান৷ উল্লেখ্য, আমিৰ খানে পূৰ্বে ভাৰতত অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি হোৱা বুলি মন্তব্য কৰা এটা ভিডিঅ’ক লৈ ছ’চিয়েল মিডিয়াত হিন্দুত্বাদী পন্থীয়ে আমিৰ খানক দেশদ্ৰোহী বুলি অভিহিত কৰি নতুন ছবিখনৰ বয়কটৰ আহ্বান জনাইছিল৷ ইয়াৰ পাছতেই বহু লোকে সামাজিক মাধ্যমত আমিৰ খানৰ বক্তব্যৰ বহু পূৰণি ভিডিঅ’ ভাইৰেল কৰি বয়কটৰ আহ্বান ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত পৰিণত হৈছিল৷ উল্লেখ্য হলীউডৰ ফৰেষ্ট গাম্প ছবিখনক আমিৰ খানে হিন্দীত লাল সিং চাড্ডা নামেৰে নিৰ্মাণ কৰিছে৷ এজন মানসিকভাৱে কিছু অসুস্থ যুৱকৰ সমাজৰ লাঞ্ছনা, প্ৰেম, বন্ধুত্ব আৰু ত্যাগৰ নিদৰ্শনেৰে ছবিখনৰ কাহিনী প্ৰস্তুত হৈছে৷