Logo
image

ইডি, মন্ত্ৰীসভা, অধ্যক্ষ, অনাস্থা... সাৱধানেৰে আগবাঢ়িছে নীতীশ-তেজস্বী

আমাৰ অসম, ১২ আগষ্টঃ বিজেপিৰ মিত্ৰতা ভংগ কৰি জে ডি ইউৰ মুৰব্বী নীতীশ কুমাৰে পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলেও এইবাৰ অতি সাৱধান হ’বলগীয়া হৈছে৷ একেদৰে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা আৰ জে ডি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱেও ইডি, চি বিআইক ভয় নকৰে বুলি উল্লেখ কৰিলেও সাৱধানতা অৱলম্বন কৰিব লগা হৈছে৷ বিশেষকৈ গেৰুৱা দলটো ক্ষমতাৰ পৰা আঁতৰিব লগীয়া হোৱাত বিহাৰৰ নতুন চৰকাৰখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিহিংসাৰ চিকাৰ হ’ব পাৰে বুলি চৰ্চা আৰম্ভ হোৱাত নীতীশ-তেজস্বীয়ে এনে সাৱধানতা অৱলম্বন কৰিছে৷ ৰাজনৈতিক পৰ্যৱেক্ষক মহলৰ মতে কেন্দ্ৰীয় চৰকাৰে ই ডি, চিবিআই আৰু আয়কৰ বিভাগক এই ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ আশংকা কৰিছে৷ নতুন চৰকাৰখনক অস্থিৰ কৰি তুলিবলৈ  বিশেষকৈ আৰ জে ডিৰ নেতা লালু প্ৰসাদ যাদৱৰ পৰিয়ালটোক বিভিন্ন গোচৰত সাঙোৰ খুৱাই তেওঁলোকৰ বিৰুদ্ধে ই ডি, আয়কৰ আৰু চি বিআইক ব্যৱহাৰৰ কৰাৰ আশংকা কৰা হৈছে৷ সেয়ে হয়তো নীতীশ কুমাৰে নতুন মন্ত্ৰীসভাখনৰ সম্প্ৰসাৰণ ১৫ আগষ্টৰ পাছতহে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইপিনে বিহাৰত ক্ষমতাৰ ৰদ-বদল ঘটিলেও বিহাৰ বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিনহাই পদত্যাগ কৰাৰ পৰা বিৰত আছে৷  এনে পৰিস্থিতিত সিনহাক অনাস্থা প্ৰস্তাৱৰ জৰিয়তে অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মহাজোঁটৰ অংশীদাৰী দলসমূহে৷ উল্লেখ্য যে ৰাজ্য এখনত চৰকাৰৰ সাল-সলনি ঘটিলে সংশ্লিষ্ট বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে পদত্যাগ কৰাটো নিয়ম৷ অৰ্থাৎ নতুন মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ পাছত বিৰোধী দলৰ বিধায়কে অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকাটো নজীৰবিহীন৷ কিন্তু বিহাৰত পূৰ্বৰ চৰকাৰখনৰ মিত্ৰদল বিজেপিৰ বিধায়ক বিজয় কুমাৰ সিনহাই এতিয়াও অধ্যক্ষৰ পদটোক খামুচি ধৰি ৰাখিছে৷ এনে পৰিস্থিতিত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি তেওঁক অপসাৰণৰ পৰিকল্পনা হাতত লৈছে আৰ জে ডি[ইউ]-কংগ্ৰেছ আৰু বাওঁদলৰ মহাজোঁট বন্ধনে৷ ইয়াৰ পাছতহে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী নীতীশ কুমাৰ আস্থা ভোটৰ সন্মুখীন হ’ব৷ বৃহস্পতিবাৰে নতুনকৈ ক্ষমতা গ্ৰহণ কৰা মহাজোঁট বন্ধন সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা বাতৰি মতে ইয়াৰ বাবে অহা ২৪ আগষ্টত বিহাৰ বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান জনোৱা হৈছে৷ সেই দিনটোতে মুখ্যমন্ত্ৰী নীতীশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব৷