Logo
image

পৱন বৰঠাকুৰ নতুন মুখ্য সচিব এপিডিচিএলৰ অধ্যক্ষ জিষ্ণু বৰুৱা

আমাৰ অসম, ১২ আগষ্টঃ অসমৰ পৰৱৰ্তী মুখ্য সচিব হ’ব পবন কুমাৰ বৰঠাকুৰ৷ ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এই সিদ্ধান্ত ঘোষণা কৰে৷ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱা চলিত মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিব৷ তাৰ পিছতে পবন কুমাৰ বৰঠাকুৰে মুখ্যসচিবৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিব৷ ১৯৮৯ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া বৰঠাকুৰ বৰ্তমান ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে৷ আনহাতে অৱসৰৰ পিছত বৰ্তমানৰ মুখ্যসচিব জিষ্ণু বৰুৱাই অসম শক্তি বিতৰণ কোম্পানী [এপিডিচিএল]ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ তেওঁৰ এই কাৰ্যকাল দুবছৰীয়া হ’ব৷ উল্লেখ্য যে কলিয়াবৰ শিলঘাটৰ কামাখ্যা গাঁৱত জন্মগ্ৰহণ কৰা পৱন কুমাৰ বৰঠাকুৰে কামাখ্যা প্ৰাথমিক বিদ্যালয়ত নিজৰ শিক্ষা জীৱন আৰম্ভ কৰি কলিয়াবৰ হাইস্কুলৰ [বৰ্তমান উচ্ছতৰ মাধ্যমিক বিদ্যালয়] পৰা ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰে৷ তেওঁ অংক বিষয়ত সৰ্বোচ্ছ নম্বৰো পাইছিল৷ ১৯৮২ চনত কটন কলেজৰ পৰা উচ্ছতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ সপ্তম স্থান লাভ কৰে৷ ১৯৮৫ চনত পদাৰ্থ বিজ্ঞান বিষয়ত দিল্লীৰ ছেণ্ট ষ্টিফেন্স কলেজৰ পৰা স্বৰ্ণ পদকসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰঠাকুৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৮৯ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ১৭ সংখ্যক স্থান লাভ কৰে৷ তেওঁ পদাৰ্থ বিজ্ঞান আৰু অংক বিষয় দুটা লৈ এই পৰীক্ষাত উত্তীৰ্ণ হয়৷ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে ১৯৮৫ চনত ছেণ্ট ষ্টিফেন্স কলেজ ছেণ্টিনেৰী এৱাৰ্ড লাভ কৰা বৰঠাকুৰে নিজৰ চাকৰি জীৱন আৰম্ভ কৰে ঢকুৱাখানাৰ মহকুমাধিপতি হিচাপে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা বৰঠাকুৰ এজন কবিও৷ শিক্ষাগুৰু, আলাৱৈ, পথৰুঘাট, কাজিৰঙা আদি বিভিন্ন বিষয়বস্তুৰ ওপৰত গীত ৰচনা কৰা বৰঠাকুৰৰ প্ৰকাশিত কবিতা পুথি সমূহ হ’ল–ধন্য জন্ম ভাৰত বৰিষে, ইৰৱাদীৰ পগলা ফাটেক আৰু একুঁৰি কবিতা, এজন দ্ৰষ্টাৰ স্বপ্ন, প্ৰেম, ভালপোৱা আৰু অংসবৃত জীৱন৷ আনহাতে তেওঁৰ গীতৰ অডিঅ’ চিডি দুখন হ’ল–আই মহেশ্বৰী, তোমাৰ কাৰণে৷