Logo
image

নয়নমণি আৱেগিক কষ্টকৰ আছিল জয়

আমাৰ অসম, ১২ আগষ্টঃ সদ্যসমাপ্ত কমনৱেলথ গেমছৰ মহিলাৰ লন বলত স্বৰ্ণপদক জয় কৰি ইতিহাস ৰচিছিল ভাৰতীয় দলটোৱে৷ এই দলটোৰ অন্যতম সদস্য আছিল অসম চৰকাৰৰ বন বিভাগৰ বন সুৰক্ষা বাহিনীৰ জোৱান নয়নমণি শইকীয়া৷ অসম কন্যাগৰাকী বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত নতুন দিল্লীৰ পৰা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ’য়৷  নয়নমণিৰ লগত একেখন বিমানত নতুন দিল্লীৰ পৰা আহিছে কমনৱেলথ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ মৃদুল বৰগোহাঁই৷ আনহাতে বিমানবন্দৰত নয়ন মণিক প্ৰথমে এটি ফুলৰ থোপাৰে আদৰণি জনাই তেওঁৰ চাৰি বছৰীয়া কন্যা তনয়াই ৷ আনহাতে ভি ভি আই পি কক্ষত কিছু সময় জিৰণি লোৱাৰ পাছত বিমানবন্দৰৰ পৰা ওলাই অহা নয়নমণিয়ে উপস্থিত সাংবাদিকক আবেগিক ভাবে কয় তাত বহু বিৰল অভিজ্ঞতা লাভ কৰিলো, বহু নতুন কথা শিকিলোঁ৷ তাত আমাৰ জয় সিমান সহজ নাছিল, বৰঞ্চ জয়ৰ বাবে বহু কষ্ট কৰিব লগা হৈছিল৷ অসমবাসীৰ মৰম আৰু আশীৰ্বাদত লাভ কৰা প্ৰেৰণাই মোক বিজয়ৰ লক্ষ্যত উপনীত কৰাত সহায় কৰিছিল৷ আজি মই ইয়াতকৈ আপোনালোকক বেছি নকওঁ৷ পাছত সময় সুবিধা মিলিলে তাত লাভ কৰা অভিজ্ঞতা আৰু মোৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বিস্তৃত ভাবে ব্যাখ্যা কৰিম৷ ইফালে বন বিভাগত কৰ্মৰত হোৱাৰ সূত্ৰে বিমানবন্দৰত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মুৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এছ এন সিং, পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াকে ধৰি বন বিভাগৰ উচ্ছপদস্থ বিষয়া, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি বিভাগৰ কেবাজনো বিষয়া, অসম লন বলিং সন্থাৰ সভাপতি দুৰ্গা দাস বড়ো, উপ সভাপতিত্ৰয় প্ৰণয় বৰদলৈ,  পংকজ লোচন দেৱ মহন্ত আৰু নিৰেশ্বৰ শইকীয়া, সম্পাদক নব বসুমতাৰী, কোষাধক্ষ্য ইমতিয়াজ আহমেদকে ধৰি কৰ্মকৰ্তা সকলে সম্বৰ্ধনা জনায়৷ তাৰ পাছত নয়নমণি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পোনে পোনে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি কন্যা তনয়া আৰু স্বামী ভাস্কৰ জ্যোতি গোঁহাইৰ সৈতে দিছপুৰলৈ ৰাওনা হয়৷ দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নয়নমণিক জাপি, গামোছা, শৰাইৰে বিপুল সম্বৰ্ধনা জনাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নয়নমণিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি স্বৰ্ণ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেওঁক ক্ৰীড়া ক্ষেত্ৰত অধিক দক্ষতাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় - সহযোগিতা আগবঢ়োৱা হব বুলি ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কালত দুৰ্গা দাস বড়ো, প্ৰণয় বৰদলৈ, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে৷  তাৰ পাছত অসম চৰকাৰৰ বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় অৰণ্য ভৱনৰ সভাগৃহত বন বিভাগৰ ফালৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয়৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বন বাহিনীৰ মুৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱকে ধৰি বিভাগৰ উচ্ছপদস্থ বিষয়া সকলে নয়নমণিক বিপুল সম্বৰ্ধনা জনায়৷ তাৰ পাছত সন্ধিয়া  অসংখ্য অনুৰাগীৰ মাজত অসম  লন বলিং সন্থাই সৰুসজাই ক্ৰীড়া প্ৰকল্পত নয়নমণিক সম্বৰ্ধনা জনায়৷