Logo
image

ৰাষ্ট্ৰপতিক ৰাখী পিন্ধালে পূৰ্বোত্তৰৰ জনজাতীয় শিক্ষাৰ্থীয়ে

আমাৰ অসম, ১২ আগষ্টঃ প্ৰথমবাৰৰ বাবে পূৰ্বোত্তৰৰ জনজাতি শিক্ষাৰ্থীয়ে ৰাখী পিন্ধালে ৰাষ্ট্ৰপতিক৷ আজি পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা ডেৰাডুনৰ বিখ্যাত জনজাতি বিদ্যালয় আই টি আই টি আই ডুণ সংস্কৃতি বিদ্যালয়, ঝাঝৰাৰ এদল শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰপতিক দ্ৰৌপদী মুৰ্মুক ৰাখী পিন্ধোৱাৰ লগতে মিঠাই আগবঢ়ায়৷ উল্লেখ্য যে, ডেৰাডুনৰ উক্ত বিদ্যালয়খন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰিছিল৷ তদুপৰি শিক্ষাৰ্থীৰ দলটোৱে শ্ৰদ্ধা আৰু চেনেহৰ চিহ্ন স্বৰূপে ৰাষ্ট্ৰপতিগৰাকীক উপহাৰৰ টোপোলা আগবঢ়ায়৷ প্ৰাপ্ত তথ্য মতে ৰাষ্ট্ৰপতিগৰাকীক পিন্ধোৱা ৰাখীসমূহ জনজাতি শিক্ষাৰ্থীসকলে নিজ হাতেৰে প্ৰস্তুত কৰি উলিয়াইছিল৷ এই বিষযে শিক্ষাৰ্থীৰ দলটোৰ সৈতে যোৱা ক্ৰিয়েটিভ ডাইৰেক্টৰ শ্ৰীমতী সম্ভাবীয়ে ৰাষ্ট্ৰপতিগৰাকীক চাওতালী ভাষাত অৱগত কৰে৷ উল্লেখ্য যে ৰাষ্ট্ৰপতিগৰাকীক ৰাখী পিন্ধাবলৈ যোৱা শিক্ষাৰ্থীসকলে উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশৰ জনজাতীয় শিৰস্ত্ৰাণৰ লগতে অসম আৰু ত্ৰিপুৰাৰ পৰম্পৰাগত পোছাক পৰিধান কৰি ৰাষ্ট˜পতিৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ ৰাষ্ট্ৰপতিয়ে গৰাকীয়ে উক্ত সময়ছোৱাত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ লগতে সকলোকে আৰ্শীবাদ জনায়৷ জনজাতীয় শিক্ষাৰ্থীৰ দলটোক নেতৃত্ব প্ৰদান কৰিছিল সাংসদ তৰুণ বিজয় আৰু ডেৰাডুনৰ বন্দনা বিষ্টৰ অধ্যক্ষই৷