Logo
image

খোৱাপানীৰ মৰীচিকা

গেমন বাতিল, নতুন চুক্তি কৰিব নগৰ উন্নয়নে
আমাৰ অসম, ১২ আগষ্টঃ কেতিয়া গুৱাহাটীবাসীয়ে লাভ কৰিব বিশুদ্ধ খোৱাপানী৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী অশোক সিংঘালে বাৰম্বাৰ খোৱা পানী যোগানৰ দিন-বাৰ ঘোষণা কৰি বাঃ বাঃ লৈছিল যদিও এতিয়া যেন গুৱাহাটীবাসীয়ে কেতিয়া খোৱাপানী লাভ কৰিব তাৰ কোনো সদুত্তৰ নাই চৰকাৰৰ হাতত৷ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠান গেমনক অব্যাহতি দিলেও বিভাগীয় মন্ত্ৰী অশোক সিংঘালেও এতিয়া নাজানে কেতিয়া মহানগৰবাসীয়ে খোৱাপানী লাভ কৰিব৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালতে গেমনে প্ৰকল্পৰ ৭২ শতাংশ কাম কৰি ৯৬ শতাংশ কামৰ ধন উলিয়াই নিবলৈ সক্ষম হৈছিল৷ নক’লেও হ’ব যে ঠিকাদাৰী প্ৰতিষ্ঠানটোক বিল মোকলাই দিয়াত জিএমডিএৰ লগতে দিছপুৰৰ ৰাজনৈতিকভাৱে প্ৰভাৱশালী বিষয়াৰ মন্ত্ৰণাতে সেয়া সম্ভৱ হৈছে৷ শেহতীয়াকৈ এই বৃহৎ জালিয়াতি পোহৰলৈ অহাত জিএমডিএ কতৃৰ্পক্ষই চুক্তিমৰ্মে প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব নোৱৰাৰ দোহাই দি গেমনক বিগত সোমবাৰে টালি-টোপোলা বান্ধি বিদায় দিয়ে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়া কে জে হিলালীয়ে ৪ আগষ্টত গেমনক বিতাড়ন কৰিলেও গেমনে কাম নকৰাকৈ ধন সৰকাই নিয়া কাৰ্যৰ বিৰুদ্ধে অজ্ঞাত কাৰণত কোনো তদন্তই ঘোষণা নকৰিলে৷ পূৰ্বে জিএমডিএৰ অধ্যক্ষৰ দায়িত্ব পালন কৰা বৰ্তমানৰ নগৰ উন্নয়ন বিভাগৰ অশোক সিংঘালো এতিয়া গেমনক লৈ বিশেষ মুখ খুলিব নিবিচাৰে৷ অৱশ্যে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্ৰী অশোক সিংঘালে গেমনৰ সৈতে চুক্তি বাতিল কৰিলেও পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰা হ’ব বুলি জানিবলৈ দিছে৷ দুমাহৰ ভিতৰত জিএমডিএ কতৃৰ্পক্ষই নিবিদা প্ৰকাশ কৰিব বুলি মন্ত্ৰী সিংঘালে সদৰী কৰিছে মন্ত্ৰী সিংঘালে৷ স্বাভাৱিকতেই এতিয়া নিবিদা দিব, কেতিয়া প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব আৰু খোৱা পানী যোগান ধৰিব, সেয়া যেন গুৱাহাটীবাসীৰ বাবে মৰীচিকাত পৰিণত হৈছে৷