Logo
image

৪৭ হাজাৰ টকাত বিক্ৰী এটা কুকুৰা কণী

আমাৰ অসম, ১২ আগষ্টঃ এটা কুকুৰা কণীৰ দাম ৪৭ হাজাৰ টকা বুলি ক’লে আপুনি বিশ্বাস কৰিবনে? এই কথা  শুনিলেই বহুতেই জাঁপ মাৰি উঠিব৷ সাধাৰণতে এটা লোকেল কুকুৰা কণীৰ দাম ১০ টকা হয়৷ কিন্তু ব্ৰিটেইনত অবিশ্বাস্যভাৱে এটা লোকল কুকুৰা কণী বিক্ৰী হয় ৫০০ পাউণ্ড অৰ্থাৎ ৪৭ হাজাৰ টকাত৷ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য৷ প্ৰকাশিত বাতৰি অনুসৰি ব্ৰিটেইনৰ এটা  পৰিয়ালে কেইবছৰমান পূৰ্বে এজনী কুকুৰা আনি পুহিছিল৷ লাহে লাহে সেই কুকৰাজনীৰ পৰাই ঘৰত কুকুৰাৰ সংখ্যা বাঢ়িবলৈ ধৰে৷ পৰিয়ালৰ সদস্যই প্ৰতিটো কুকুৰাৰ নাম ৰাখে৷ কেইদিনমান আগেয়ে টুইনস্কি নামৰ কুকুৰাজনীয়ে এটা কণী পাৰে৷ কিন্তু আচৰিত কথা যে এই কণীটো আন কণীৰ দৰে নহয়৷ সম্পূৰ্ণ গোলাকৃতিৰ৷ গতিকে এয়া পৰিয়ালটোৰ বাবে আচৰিত ঘটনা৷ পাছত এই সম্পূৰ্ণ গোলাকৃতিৰ কণীটোৰ কথা ইণ্টাৰনেটযোগে প্ৰকাশ কৰি গৰাকী মুলাশ্বিয়ে বিক্ৰীৰ বাবে চেষ্টা চলায়৷ তেতিয়াই এজন গ্ৰাহকে ৪৭ হাজাৰত কিনিবলৈ আগবাঢ়ি আহে৷