Logo
image

৬নং দফা ৰূপায়ণক লৈ কেন্দ্ৰৰ শপতনামা বিচাৰিলে ন্যায়ালয়ে

আমাৰ অসম, ১২ আগষ্টঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীয়ে দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰীকৰণৰ বিষয়টোৱে এইবাৰ পালেগৈ ন্যায়ালয়ৰ মজিয়া৷ ৮৫৫জনৰো অধিক অসমীয়াৰ আত্মবলিদান অন্তত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিত স্বাক্ষৰ কৰিছিল যদিও বছৰ বছৰ ধিৰ চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰা নাই৷ অসম চুক্তিৰ ৬নং দফাই খিলঞ্জীয়াক ৰক্ষাকবচ দিয়াৰ লগতে চাকৰিৰ ক্ষেত্ৰতো থলুৱাৰ সংৰক্ষণৰ পোষকতা কৰিছে৷ অসম চুক্তিৰ নামত বহুজন নেতা হৈ ৰাজপাট দখল কৰাৰ পাছতো চুক্তিৰ দফা ৰূপায়ণৰ কোনো ব্যৱস্থা নললে৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ ৰাজনীতিকৰণ হোৱাৰ মাজতে মিত্ৰজোঁটৰ চৰকাৰৰ পূৰ্বৰ কাৰ্যকালত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৬নং দফা ৰূপায়নক লৈ এখন উচ্ছস্তৰীয় কমিটী গঠন কৰি দিছিল৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত কমিটীখনে প্ৰতিবেদন সাজু কৰাৰ পাছতো অজ্ঞাত কাৰণত গৃহ মন্ত্ৰণালয়ে প্ৰতিবেদনখন গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ হাতত জমা দিবলৈ কমিটীক নিৰ্দেশ দিছিল৷ ইয়াৰ পাছতেই কমিটীখনে অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰিলে যদিও বছৰ ধৰি দিছপুৰতে পৰি আছে ৬নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদন৷ লক্ষণীয়ভাৱে ৬নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদনত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ লগতে অসম চৰকাৰৰ চাকৰিত ৮০ শতাংশ থলুৱা নিযুক্তি আৰু ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ চাকৰিত ৭০ শতাংশ অসমীয়াক নিযুক্তিৰ পৰামৰ্শ দিয়া বুলি উল্লেখ কৰি কাৰ্যকৰীকৰণৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ-জড়িত গোচৰ ৰুজু কৰে দুৰ্লভ তালুকদাৰ নামৰ এজন ব্যক্তিয়ে৷ ৫২/২০২২ নম্বৰত ৰুজু হোৱা উক্ত ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰটোৰ পূৰ্বৰ শুনানিতে উচ্ছ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল৷ বুধবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানিত শপতনামা দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই৷ সেই সূত্ৰে উচ্ছ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে থলুৱাৰ চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰত ৬নং দফা ৰূপায়ণ কমিটীয়ে দিয়া পৰামৰ্শৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰি তাক স্পষ্ট কৰাৰ নিৰ্দেশ দি ২৬ আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে৷