Logo
image

অসমীয়া জাতিৰ দ্বিধাগ্ৰস্ততা

অসমৰ জাতীয় জীৱন আজি বহুধাবিভক্ত৷ সেয়া লাগিলে ৰাজনৈতিক ক্ষেত্ৰতে হওক, ধৰ্মীয় ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক৷ মহাপুৰুষ শংকৰদেৱে যি একতাৰ দোলেৰে অসমীয়া জাতিক বান্ধি গৈছিল আজি এই বান্ধ সোলোক-ঢোলোক হৈ পৰিছে৷ সমাজ জীৱনত আজি অসমীয়া জাতি ইমানে বহুধাবিভক্ত যে গুৰুজনাৰ আদৰ্শ আজি কেৱল মুখতহে আছেগৈ৷ অসমবাসীয়েও আজি সম্পূৰ্ণৰূপে দ্বিধাগ্ৰস্ততাৰ মাজেদি অতিক্ৰম কৰিছে৷ এইটো যিকোনো জাতি এটাৰ বাবে অতি ভয়াৱহ লক্ষণ৷ গুৰুজনাই দি যোৱা ধৰ্মীয় ঐক্য ৰাজনৈতিক মেৰপেঁচত পৰি সম্পূৰ্ণৰূপে থানবান হৈ যোৱাৰ উপক্ৰম হৈছে৷ অসমীয়া জাতি যে ৰাজনৈতিক দিশত ৰাজনৈতিকভাৱেও দ্বিধাগ্ৰস্ততাৰ মাজেদি পাৰ হৈ আছে, তাৰ স্পষ্ট উদাহৰণ হ’ল ‘কা’বিৰোধী আন্দোলন৷ সুপৰিকল্পিত আৰু আৱেগবৰ্জিত নোহোৱাৰ ফলত এক বিশাল ৰূপ ধাৰণ কৰাৰ পাছতো অসমৰ ‘কা’বিৰোধী আন্দোলনক বিজেপি দল আৰু চৰকাৰে নূ্যনতমো গুৰুত্ব নিদিলে৷ অথচ ‘কা’বিৰোধী আন্দোলনৰ ঠিক মাহ কেইমাহমান পাছত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত অসমবাসীয়ে দিল্লীলৈ নিৰ্বাচন কৰি পঠিয়ালে বিজেপিৰ জ্ঝজনকৈ সাংসদক৷ উজনি অসমৰ যোৰহাট, ডিব্ৰুগড়, উত্তৰ অসমৰ তেজপুৰ, লখিমপুৰত ‘কা’বিৰোধী প্ৰতিবাদ প্ৰবল ৰূপত চলিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমীয়া জাতি আৰু ‘কা’বিৰোধী শক্তি ঐক্যবদ্ধ হ’ব নোৱৰাৰ ফলত বিজেপি  দলৰ প্ৰাৰ্থী অনায়াসে বিজয়ী হৈ ওলাই যায়৷ ৰাজ্যসভাৰ মজিয়াত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক যাতে কোনো কাৰণতে গৃহীত হ’ব নোৱাৰে, সেইক্ষেত্ৰত বহু পূৰ্বৰ পৰা অধিক তৎপৰ আৰু সক্ৰিয় হৈ থকা কংগ্ৰেছৰ ভুবনেশ্বৰ কলিতা মঙলদৈ লোকসভা সমষ্টিত পৰাজিত হ’বলগীয়া হয়৷ অথচ এই সমগ্ৰ অঞ্চলটোত ‘কা’বিৰোধী আন্দোলন অতি শক্তিশালী আছিল৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলেও দিল্লীৰ ৰাজনীতিত ‘কা’বিৰোধী ৰাজনৈতিক শক্তিক একত্ৰিত কৰাৰ ক্ষেত্ৰত ভুবনেশ্বৰ কলিতাই আৰম্ভণিৰে পৰা যথেষ্ট কষ্ট কৰিছিল৷ ‘কা’বিৰোধী আন্দোলনৰ অভিকেন্দ্ৰ গুৱাহাটী হোৱাৰ পাছতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ সাংসদ নিৰ্বাচিত হয়৷ আজি ৰাজ্যজুৰি আকৌ আৰম্ভ হৈছে ‘কা’বিৰোধী আন্দোলন আৰু প্ৰতিবাদ৷ কিন্তু আজিও এই আন্দোলন আৰু প্ৰতিবাদ বহুধাবিভক্ত৷ ‘কা’ বিৰোধী দল-সংগঠন কিহৰ তাড়নাত একেখন মঞ্চত একত্ৰিত হৈ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে মাত মাতিব পৰা নাই, সেইটো আজিও ৰহস্যৰ বিষয়৷ যাৰ ফলত ৰাইজো বহুধাবিভক্ত হৈ পৰিছে৷ ইয়াৰে সুযোগ লৈছে বিজেপিৰ দৰে শাসকীয় দলে৷ সচেতন মঞ্চৰ পৰা প্ৰতিজন ‘কা’বিৰোধী অসমীয়াই দিল্লীক এইটো বাৰ্তা দিবলৈ ব্যৰ্থ হৈছে যে আমি ‘কা’ নামানো৷ আজিৰ দিশটোতে আছু, কৃষক মুক্তি, কংগ্ৰেছ, এ আই ইউ ডি এফ, শিল্পীসমাজ সকলোৰে পৃথক পৃথক কাৰ্যসূচী৷ কাৰো লগত কাৰো সমন্বয় নাই নে সমন্বয় ৰাখিব বিচৰা নাই, সেয়া ৰহস্যৰ আৱৰ্তত৷ দল-সংগঠনৰ নেতৃত্বৰ এয়া নিজৰ শক্তি আৰু অস্তিত্ব জাহিৰৰ আন্দোলন, নে নিজকে নেতা বনোৱাৰ আন্দোলন, তাক লৈ ৰাইজ আজি সন্ধিহান৷ ঐক্যবদ্ধতাৰে দিল্লীক এটা বাৰ্তা দিব নোৱৰাপৰ্যন্ত এই আন্দোলন সফল হোৱাৰ আশা ক্ষীণ৷ অসম আন্দোলনৰ ঐতিহাসিক পটভূমিত গঠিত অসম গণ পৰিষদৰ দৰে শক্তিৰ এই ঐক্যবদ্ধ মঞ্চ গঢ়ি তোলাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা থাকিব লাগিছিল যদিও দলটোৱে ৰাজ্যসভাৰ মজিয়াত ‘কা’ৰ সপক্ষে অৱস্থান গ্ৰহণ কৰে৷ দলটোৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাত ‘কা’ৰ সপক্ষে ভোটদান কৰে৷ অথচ এই অগপ দলেই ‘কা’ৰ বিৰুদ্ধে  ৰাইজক লগত লৈ ৰাজপথত নামিছিল৷ ৰাজ্যৰ মন্ত্ৰীসভাৰ পৰা ওলাই আহিছিল৷ ‘কা’বিৰোধী আন্দোলন শাম কটাৰ পাছত অৱশ্যে অগপৰ তিনিওজন মন্ত্ৰীয়ে পুনৰ নিজৰ পূৰ্বৰ মন্ত্ৰীপদ বিজেপি চৰকাৰৰ পৰা উভতাই লয়৷ ‘কা’ আন্দোলনত ৰাইজক উদ্বুদ্ধ কৰা বহু দল-সংগঠনৰ নেতা-শিল্পী পৰৱৰ্তী সময়ত বিজেপি দলৰ শৰণাপন্ন হয়৷ এনেবোৰ কাৰ্যই  ৰাইজক যে দ্বিধাগ্ৰস্ত কৰি তুলিব, সেয়া নিশ্চিত৷