Logo
image

আকৌ আৰম্ভ হ’ল কয়লা ছিণ্ডিকেট

কোন এই ধীৰাজ আৰু প্ৰফুল্ল

আমাৰ অসম, ১৩ আগষ্টঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ঘোষণা কৰিলেও ৰাজ্যত পুনৰ আৰম্ভ হৈছে কয়লাৰ ছিণ্ডিকেট৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই কয়লা ছিণ্ডিকেটৰ ধনৰ ভাগ দিছপুৰলৈ যোৱা বুলিও গুৰুতৰ অভিযোগ উঠিছে৷ জনৈক ধীৰাজ আৰু প্ৰফুল্লৰ নেতৃত্বতে এইবাৰ মেঘালয়ৰ কয়লাৰ ছিণ্ডিকেট পৰিচালিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীক মেনেজ কৰি প্ৰতি নিশাই গুৱাহাটীৰ মাজেৰে পাৰ হৈ গৈছে চোৰাং কয়লা ভৰ্তি ট্ৰাক৷ আৰক্ষীৰ চকুৰ সন্মুখতে ধীৰাজ-প্ৰফুল্ল বাহিনীৰ নেতৃত্বত চোৰাং কয়লা ভৰ্তি ট্ৰাকৰ অবাধ চলাচলে নি(য়কৈ ছিণ্ডিকেট চক্ৰটোৱে ৰজাঘৰক যে মেনেজ কৰি এই দুঃসাহস কৰিবলৈ সক্ষম হৈছে সেয়া নকলেও স্পষ্ট  হৈ পৰিছে৷ যি সময়ত বৰাকৰ কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিছে, ঠিক তেনে সময়তে ধীৰাজ-প্ৰফুল্লই কাৰ সাহসত কয়লাৰ ছিণ্ডিকেট চলাবলৈ আগবাঢ়িছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ মেঘালয়ৰ পৰা সৰবৰাহ কৰা কয়লা যোৰাবাটত মজুত কৰি নিশা হ’লেই গুৱাহাটী পাৰ কৰাই এই ছিণ্ডিকেট চক্ৰটোৱে৷ মহানগৰীৰ বশিষ্ঠ, যোৰবাট আৰু গড়চুক  থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে জিলা পৰিবহণ বিষয়াক আগতীয়াকৈ ট্ৰাকৰ নম্বৰ যোগান ধৰি কোনো বাধা নোহোৱাকৈ ছিণ্ডিকেট মাফিয়া চক্ৰটোৱে চোৰাং কয়লাৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ কৰ ফাঁকি দি কয়লাৰ চোৰাং সৰবৰাহ অব্যাহত ৰখা ছিণ্ডিকেট মাফিয়া চক্ৰটোক মুখ্যমন্ত্ৰীয়ে নাকী লগাবলৈ সক্ষম হ’ব নে নাই, সেয়া অনাগত দিনত হ’ব লক্ষণীয় বিষয়৷