Logo
image

ইউক্ৰেইন, টাইৱান যুদ্ধৰ ওৰ পৰিলেহে সম্পূৰ্ণ হ’ব গুৱাহাটীৰ ট্ৰেফিক ছিগ্‌নেল

আমাৰ অসম, ১৩ আগষ্টঃ মাহৰ পাছত মাহ ধৰি অব্যাহত আছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ৷ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ মাজতে এইবাৰ টাইৱান আৰু চীনৰ মাজতো যুদ্ধৰ উত্তেজনাই দেখা দিছে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত শাক-পাচলিৰ দাম বৃদ্ধি পোৱা বুলি মিত্ৰজোঁটৰ চৰকাৰৰ নেতা-মন্ত্ৰীসকলে আজব যুক্তি দিছিল যদিও সম্প্ৰতি ইউক্ৰেইন-ৰাছি`য়া আৰু চীন টাইৱানৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে অসমৰ উন্নয়নতো প্ৰভাৱ পৰাৰ খবৰ পোহৰলৈ আহিছে৷ অৱশ্যে এইবাৰ যুদ্ধৰ প্ৰভাৱ নেতা-মন্ত্ৰীসকলে কোৱাৰ দৰে খাদ্য-সামগ্ৰী বা ইন্ধনৰ ওপৰত নহয়, গুৱাহাটী মহানগৰীৰ ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট চিষ্টেম সংস্থাপনতহে প্ৰভাৱ পৰিছে৷ স্মাৰ্ট চিটি লিমিটেডৰ অধীনত ৭৮.৪৪ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মহানগৰীত স্থাপন কৰা ট্ৰেফিক ছিগনেল পইণ্ট সংস্থাপন কৰাত যুদ্ধৰ বাবেই প্ৰয়োজনীয় সা-সামগ্ৰী অনাত সমস্যাই দেখা দিছে৷ গুৱাহাটী আৰক্ষীৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি হাইটেক ট্ৰেফিক চিষ্টেম কাৰ্যকৰী কৰাত বিলম্ব হোৱাৰ অন্যতম কাৰণ হৈছে ছেমি কনডাক্টৰৰ নাটনি৷ ছেমি কনডাক্টৰ উপলব্ধ নোহোৱাৰ বাবেই গুৱাহাটীৰ ৭২টা নিৰ্ধাৰিত স্থানৰ বিপৰীতে মাত্ৰ ২০টা স্থানতহে প্ৰথম অৱস্থাত ট্ৰেফিক ছিগনেল মুকলি কৰিব৷ স্বাধীনতা দিৱসৰ দিনটোত উক্ত ২০টা স্থানত ইণ্টিগ্ৰেডেট ট্ৰেফিক মেনেজমেণ্ট চিষ্টেম শুভাৰম্ভ হ’ব৷ গুৱাহাটী আৰক্ষীয়ে প্ৰকাশ কৰা মতে ইউক্ৰেইন-ৰাছিয়া আৰু টাইৱান-চীনৰ যুদ্ধময় পৰিস্থিতিৰ অৱসান ঘটাৰ পাছতহে ট্ৰেফিক ছিগনেলৰ কাম সম্পূৰ্ণ হ’ব৷ কিয়নো ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট চিষ্টেমৰ বাবে প্ৰয়োজনীয় ছেমি কনডাক্টৰ যোগান ধৰে ইউক্ৰেইন, ৰাছিয়া, চীন আৰু টাইৱানে৷ জানিব পৰা মতে ছেমি কনডাক্টৰত ব্যৱহৃত ৭০ শতাংশ নিয়ন উৎপন্ন হয় ইউক্ৰেইনত আৰু ৪০ শতাংশ পেলেডিয়াম উৎপন্ন হয় ৰাছিয়াত৷ একেদৰে চীনেও কনডাক্টৰ ৰপ্তানি কৰি আহিছিল যদিও ক’ভিডৰ পাছতেই ইয়াৰ ব্যৱসায় বন্ধ কৰিছে৷ আনহাতে, কিছু পৰিমানে টাইৱানে ছেমি কনডাক্টৰত ব্যৱহৃত নিয়ন আৰু পেলেডিয়াম ৰপ্তানি কৰে যদিও চীনৰ সৈতে যুদ্ধময় পৰিস্থিতিৰ বাবে সেই বাণিজ্য স্তব্ধ হৈ পৰিছে৷ স্বাভাৱিকতেই ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ গুৱাহাটীৰ ট্ৰেফিক চিষ্টেমত প্ৰভাৱ পৰা বুলি দাবী কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ অৱশ্যে, ১৫ আগষ্টত গুৱাহাটীৰ জি এছ ৰোডতহে প্ৰথম পৰ্যায়ত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট চিষ্টেম আৰম্ভ হ’ব বুলি গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে জানিবলৈ দিছে৷ এই অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট সংস্থাপনৰ পাছত গুৱাহাটীৰ চিৰপৰিচিত যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰা হৈছে৷ ইয়াৰ ফলত ট্ৰেফিক পইণ্টত যান-বাহন আৰক্ষীৰ কষ্ট কিছু হ্ৰাস পাব৷ অৱশ্যে, নতুন ছিগনেল পইণ্ট আৰম্ভ হ’লেই যান-বাহন আইন উলংঘন কৰা সকল সমস্যাত পৰিব৷ কিয়নো ট্ৰেফিক পইণ্টত ছিগনেল লাইটৰ সৈতে সংলগ্ন হৈ থাকিব চিচিটিভি৷ উক্ত কেমেৰাত প্ৰতিখন বাহনৰ গতিবিধি বন্দী হৈ ৰ’ব৷ অৰ্থাৎ ট্ৰেফিক ছিগনেল ভংগ কৰিলেই চিচিটিভিত ৰেকৰ্ডিং হৈ ৰ’ব৷ যাৰ ফলত গুৱাহাটীৰ উলুবাৰীৰ পৰা পৰিচালিত হোৱা নিয়ন্ত্ৰণ কক্ষই সংশ্লিষ্ট বাহনৰ গৰাকীলৈ আইন উলংঘন কৰাৰ অপৰাধত জৰিমনাৰ ই-চালান প্ৰেৰণ কৰিব৷ উল্লেখ্য, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ নিৰ্মাণৰ কাম M/S Technosys Security Systems Pvt Ltd নামৰ কোম্পানীটোক দিয়া হৈছে৷ ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমসমূহৰ পাঁচ বছৰ চোৱা-চিতাৰ দায়িত্বও প্ৰতিষ্ঠানটোক দিয়া হৈছে৷