Logo
image

আলফাৰ ভাবুকিৰ ‘গুৰুত্ব’ক লৈ বিভ্ৰান্তি চৰকাৰৰ মাজতে

তৈলক্ষেত্ৰ, বাগিচাত আক্ৰমণ? ডিগবৈত বাহৰ জিপিৰ

আমাৰ অসম, ১৩ আগষ্টঃ সুদীৰ্ঘ ৭ বছৰৰ মূৰত এইবাৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটো সৰ্বাত্মক অসম বন্ধৰ ঘোষণা কৰিছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে৷ বিদ্ৰোহী সংগঠনটোৰ এই ঘোষণাৰ পাছতেই স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ তৈল কোম্পানী, চাহ বাগিচা তথা ভাষিক সংখ্যালঘু লোক আলফাৰ টাৰ্গেট হোৱাৰ সতৰ্কীকৰণ জাৰি কৰিছে চোৰাংচোৱাই৷ যাৰ পৰিপ্ৰেক্ষিতত তৈল কোম্পানী, চাহ বাগিচা আৰু ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কালিৰে পৰা উজনি অসমত বাহৰ পাতি আছে অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং৷ কিন্তু আলফাৰ ভাবুকি তথা শক্তিৰ ‘গুৰুত্ব’ক লৈ চৰকাৰৰ মাজতেই এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ কিয়নো বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আলফা বৰ্তমানেও সক্ৰিয় বুলি দাবী কৰি কূটাঘাতৰ আশংকাতে উজনি অসমত বাহৰ পাতিছে যদিও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু ৰাজ্যপাল জগদীশ মুখিয়ে আজিৰ তাৰিখত আলফা স্বাধীনৰ কোনো প্ৰাসংগিকতা নাই বুলিহে সদৰী কৰিছে৷ স্বাভাৱিকতেই চৰকাৰী পক্ষৰ এনে স্ব-বিৰোধী বিভ্ৰান্তিকৰ মন্তব্যত আলফাৰ শক্তিক লৈ সৰ্বসাধাৰণ ৰাইজ বিবুধিত পৰিছে৷ উল্লেখ্য, আলফাই কূটাঘাতৰ পৰিকল্পনা কৰাৰ চোৰাংচোৱাৰ খবৰৰ ভিত্তিতে ইতিমধ্যে বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে উজনি অসমৰ জিলা কেইখনৰ সেনা-আৰক্ষীৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছে৷ শীৰ্ষ আৰক্ষী বিষয়াজনে ডিগবৈত বাহৰ পাতি অইল ইণ্ডিয়া আৰু চাহ বাগান সমূহৰ নিৰাপত্তা দিশ পৰ্যালোচনা কৰিছে৷ এই সন্দৰ্ভত জি পি সিঙে কয়–‘অইল, চাহ বাগান আৰু ভাষিক সংখ্যালঘু লোকসকল আলফাৰ পূৰ্বতে টাৰ্গেট হৈছে৷ সেয়েহে এনে প্ৰতিষ্ঠান আৰু লোকসকলৰ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰাৰ বাবে নিৰাপত্তাৰ পৰ্যালোচনা কৰা হৈছে৷ আলফাৰ যিকোনো প্ৰত্যাহ্বানক বাধা দিয়াৰ বাবে আৰক্ষী সাজু আছে৷ মই বিশ্বাস কৰো, অসম এতিয়া উন্নয়নৰ দিশত আগবাঢ়ি গৈছে৷ আলফাই যদি কিবা কৰে অসমৰ উন্নয়নত বাধা আহিব পাৰে৷’ অৱশ্যে বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আলফাৰ কূটাঘাতৰ আশংকা ব্যক্ত কৰি ৰাইজক সতৰ্ক কৰিলেও ৰাজ্যপাল জগদীশ মুখিয়ে আজিৰ তাৰিখত আলফা [স্বাঃ]ৰ কোনো প্ৰাসংগিকতা নাই বুলিহে মন্তব্য কৰে৷ আনকি নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবেহে আলফাই বন্ধ ঘোষণা কৰিছে বুলিও দাবী কৰে ৰাজ্যপাল মুখিয়ে৷ ইফালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই আলফাক সাধাৰণ চোৰ বুলি অভিহিত কৰাৰ লগতে ভয়ৰ কোনো কাৰণ নাই বুলিও মন্তব্য কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘ক’ৰবাত চোৰৰ দৰে কিবা এটা পেলাই থৈ যাবলৈ অসম্ভৱ নহ’লেও, সেইটোকো বন্ধ কৰিবলৈ চেষ্টা চলাইছো৷ আলফাই স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকি দিলেও উদযাপনত কোনো বাধা নাই৷ অসমৰ ৰাইজে যিদৰে বিচাৰে আলফাৰ বিৰুদ্ধে সেইদৰে ব্যৱস্থা ল’ম৷’ আনহাতে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে স্বাধীনতা দিৱস পালনত যদি কোনোবাই বাধা দিয়ে, সেইসকলক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰে৷

বৰ্জনৰ আহ্বান নতুন কথা নহয়ঃ ডিজিপি

স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনোৱাটো অসমৰ বাবে কোনো নতুন কথা নহয়৷ কিন্তু স্বাধীনতা দিৱস সুকলমে উদযাপন কৰিবলৈ বদ্ধপৰিকৰ অসম আৰক্ষী৷ — এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই৷ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত কেন্দ্ৰীয় ভাবে প্ৰস্তুতি চলোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ নিৰাপত্তা ব্যৱস্থা তদাৰক কৰি ডিজিপি ভাস্কৰ জ্যোতি মহন্তই হুংকাৰ দি কয় - ‘‘ভুলতো ক’ৰবাত কিবা কৰিলে অসম পুলিচ বহি নাথাকে৷ কোনো সাৰি নাযায়৷ ‘‘ জেহাদী ধৰিবলৈ অসমৰ মুছলমান ৰাইজৰ সহায় বিচাৰিছে ভাস্কৰ জ্যোতি মহন্তই৷ অসমত সাম্প্ৰদায়িক কথা-বতৰা বন্ধ কৰাৰো হুংকাৰ৷ তিনিচুকীয়াত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ খালি কাৰ্টিজ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে - ‘‘ক’ৰবাত কোনোবাই চোৰৰ দৰে আহি কিবা পেলাই থয় যোৱাটো অসম্ভৱ নহয়৷ কিন্তু সেয়াও ৰোধ কৰাৰ প্ৰতিশ্ৰুতি৷ ‘‘ অমৃত মহোৎসৱৰ অংশ হিচাপে উচ্ছ পদস্থ বিষয়া সকলে বিদ্যালয়লৈ গৈ শিক্ষক-ছাত্ৰৰ লগত কথা পাতিব৷ জ্যেষ্ঠ নাগৰিকৰ সৈতেও কথা পাতিব৷ চাইবাৰ ক্ৰাইম, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ পৰাও স্বাধীনতা বিচাৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই৷ পেৰেডৰ অনুশীলন চাই সন্তোষ প্ৰকাশ কৰে ভাস্কৰ জ্যোতি মহন্তই৷ উল্লেখ্য যে, খানাপাৰাত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলাইছে৷ ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰা খেলপথাৰত চলিছে এই ব্যাপক আয়োজন৷ খানাপাৰাত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলন চলি আছে৷ অনুশীলনত ভাগ লৈছে অসম আৰক্ষীৰ জোৱান, চি আৰ পি এফ বাহিনীয়ে৷ মুঠ ১৫টা প্লেটোনে অংশগ্ৰহণ কৰিব পেৰেডত৷ সন্ত্ৰাসবাদী, দুষ্টচক্ৰৰ কূট-কৌশল ৰোধিবলৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ খানাপাৰাত সংস্থাপন কৰা হৈছে ১৬ টাতকৈও অধিক চিচি টিভি কেমেৰা৷ শুকুৰবাৰে খোদ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’য়৷

চৰাইদেউত কূটাঘাতৰ আশংকাত সষ্টম সেনা-আৰক্ষী

স্বাধীনতা দিৱসলৈ মাজত মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত কালি চৰাইদেউ জিলাৰ সাপেখাতীত দুজনকৈ আলফাৰ[স্বাঃ] আটক কৰাৰ পাছত জিলাখনৰ নিৰাপত্তাৰ দিশটোত অধিক সস্ত্ৰম হৈ পৰিছে চৰাইদেউ জিলা আৰক্ষী আৰু সেনা বাহিনী৷ বিশেষকৈ আলফাকে ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনসমূহৰ সদস্যসকলে অসমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবৰ বাবে অসম-অৰুণাচল আৰু অসম-নাগালেণ্ডৰ সীমান্তৰ সৈতে সংযুক্ত হৈ থকা চৰাইদেউ জিলাক গ্ৰীন কৰিড’ৰ হিচাপে গ্ৰহণ কৰি আহিছে৷ ইতিপূৰ্বে বিগত সময়ছোৱাত কেইবাবাৰো অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল সীমান্ত এলেকাত ‘আলফা’কে[স্বাঃ] ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ যোৱা অৱস্থাত বহুসংখ্যক যুৱক-যুৱতীক আৰক্ষীয়ে আটক কৰিছে৷ উজনি অসমৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লোকৰ উগ্ৰপন্থী সংগঠনৰ সৈতে যোগাযোগ আৰু যাতায়াতৰ অন্যতম পথ হৈছে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহ৷ ইফালেদি শেহতীয়াকৈ বিগত দুটা বছৰৰ পাছত অসমৰ নিষিদ্ধঘোষিত সংগঠন আলফাই[স্বাঃ] আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিবৰ বাবে অসমৰ ৰাইজক আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যজুৰি অসম চৰকাৰৰ গৃহ বিভাগৰ লগতে আৰক্ষী প্ৰশাসনে প্ৰতিমুহূৰ্ততে উগ্ৰপন্থী সংগঠনৰ কূটাঘাতৰ আশংকাত সস্ত্ৰম হৈ আছে৷ সমগ্ৰ ৰাজ্যখনৰ লগতে বিশেষভাৱে চৰাইদেউ জিলাটো উগ্ৰপন্থী সংগঠনৰ কূটাঘাতৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা আৰক্ষী আৰু সেনা বাহিনীৰ জোৱানে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত চোকা দৃষ্টি ৰাখিছে৷ বিশেষকৈ জিলাখনৰ অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত সেনা-আৰক্ষীৰ লোকে নিজৰ অধীনত ৰাখি পৰ্যবেক্ষণ কৰি আছে৷ কিন্তু স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ[স্বাঃ] সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত শাসনাধিষ্ঠিত বিজেপি দলৰ দুজন কৰ্মকৰ্তাক চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ ঘটনাত সৃষ্টি হোৱা চাঞ্চল্য মাৰ নৌযাওঁতেই আজি চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চৰাইদেউ আৰক্ষী আৰু সেনা বাহিনীৰ লোকে উগ্ৰপন্থীবিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে৷ স্নিফাৰ ডগ আৰু মেটেল ডিটেক্টৰৰ জৰিয়তে ভাৰতীয় সেনা বাহিনীৰ জোৱানে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কূটাঘাত সংঘটিত কৰিবলগীয়া সম্ভাব্য অঞ্চলসমূহত ব্যাপক অভিযান চলোৱা পৰিলক্ষিত হৈছে৷

আলফাৰ লক্ষ্য হ’ব পাৰে সংখ্যালঘু লোকো!

স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে প্ৰথমে আৰক্ষীৰ উচ্ছ পদস্থ বিষয়াবৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ কালি নিশা ডিগবৈত পাৰ কৰা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানজনে সেনা বাহিনীৰ সৈতেও আলোচনাত বহে৷ উল্লেখ্য যে, শেহতীয়াকৈ নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আলফা [স্বা] তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে৷ কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ দ-পথাৰ মাজগাঁৱত এজন লোকৰ ঘৰত থিতাপি লৈ থকা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আলফাৰ [স্বাঃ] এটা ছজনীয়া দলৰ সৈতে সেনা-আৰক্ষীৰ সংঘৰ্ষ হৈছিল৷ উক্ত সংঘৰ্ষত জ্ঞান অসম নামৰ দুধৰ্ষ আলফা কেডাৰজন ঘটনাস্থলীতে নিহত হোৱাৰ উপৰি উদ্ধাৰ হৈছিল এ কে চিৰিজৰ ৰাইফলৰ লগতে ভালেসংখ্যক বিস্ফোৰক সামগ্ৰী৷ অৱশ্যে নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হৈছিল আলফাৰ লেফটেনেণ্ট কৰ্ণেল পৰ্যায়ৰ নেতা ৰূপম অসমৰ নেতৃত্বত অহা দলটোৰ আন পাঁচজন সদস্য৷ উক্ত দলটোৰ সন্ধানত অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত সেনা, আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ সময়তে জিলাখনৰ পেঙেৰীৰ কুজুপথাৰত সেনা, আৰক্ষীৰে আলফাৰ দ্বিতীয়টো সংঘৰ্ষ সংঘটিত হয়৷ লক্ষণীয়ভাৱে সুদীৰ্ঘ জ্জ বছৰৰ ব্যৱধানত এইবাৰ দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই [স্বা] সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে৷ ইফালে স্বাধীনতা দিৱসৰ সময়ত আলফাই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ প্ৰবল সম্ভাৱনাৰ কথা সদৰি কৰিছে চোৰাংচোৱাৰ সূত্ৰই৷ ইতিমধ্যে তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে৷ এনে সময়তে সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ তদাৰকীৰ বাবে তিনিচুকীয়ালৈ আগমন ঘটে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙৰ৷ আজি সংবাদ মাধ্যমৰ আগত সিঙে কয় যে নিষিদ্ধঘোষিত সংগঠনৰ দ্বাৰা আগে-পিছে তেল আৰু চাহ খণ্ডৰ লগতে ভাষিক সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷ এনে সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে কঠোৰ কৰি তোলা হৈছে৷

জেহাদী! মেঘালয়ত ব্যাপক সতৰ্কতা

বিগত কেইদিনত অসম আৰক্ষীয়ে বৰপেটা, মৰিগাঁও, বিলাসীপাৰাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশৰ সংযুক্ত ইছলামীক মৌলবাদী সংগঠন আনছাৰুল বাংলা টীম চমুকৈ এবিটিৰ মহিলাসহ প্ৰায় এক ডজনৰে অধিক জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আনকি আন কেবাটাও পলাতক জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ লগতে জেহাদী কাৰ্যকলাপৰ সন্দেহত কেবাখনো সন্দেহজনক মাদ্ৰাছাৰ ওপৰত অসম আৰক্ষীয়ে চকু ৰাখিছে বুলি আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সদৰি কৰিছে৷ ইফালে চুবুৰীয়া ৰাজ্যখনত বাংলাদেশৰে প্ৰত্যক্ষভাৱে সংযুক্ত কেবাজনো জেহাদী ধৰা পৰাৰ পাছতে মেঘালয় চৰকাৰে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে৷ এই সন্দৰ্ভত ১০ আগষ্টত মেঘালয়ৰ গৃহমন্ত্ৰী লাখমেন ৰিমবায়ে সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি চুবুৰীয়া ৰাজ্য অসমত জেহাদী ধৰা পৰা আৰু বিষয়টোত আমাৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ একাংশ ইছলামীক মৌলবাদী জড়িত থকা বিষয়টোক আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো৷ যাৰ বাবে আমি মেঘালয় আৰক্ষীক নিৰ্দেশ দিছো যাতে বাংলাদেশৰে সংযুক্ত জেহাদীয়ে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে কিম্বা মেঘালয়ৰ মাজেৰে অসমলৈ প্ৰৱেশ কৰিব নোৱাৰে৷ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত কেতবোৰ বিশেষ স্পৰ্শকাতৰ অঞ্চলত চকু ৰাখিছে যাতে জেহাদী কাৰ্যকলাপৰ লগত জড়িত লোকে তাত আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰে৷ আনকি মেঘালয় আৰক্ষীয়ে স্পৰ্শকাতৰ বিষয়টোত অসম আৰক্ষীৰ উপৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি চলিছে৷ ইফালে অসমত জেহাদী কাৰ্যকলাপ আৰু জেহাদী ধৰা পৰাৰ পাছত ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হৈছে বুলি মেঘালয়ৰ গৃহমন্ত্ৰী লাখমেন ৰিমবায়ে জানিবলৈ দিছে৷