Logo
image

সৰ্বানন্দৰ বিৰুদ্ধে খেলিব বাইচুঙে

আমাৰ অসম, ১৪ আগষ্টঃ বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাৰ নিয়ম অনুসৰি সংবিধান সংশোধন আৰু নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে সমস্যা আহি পৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ [এ আই এফ এফ] সন্মুখত৷ ফিফাৰ নিৰ্দেশ অমান্য কৰি ফুটবল ফেডাৰেশ্বনৰ কাম-কাজত তৃতীয় পক্ষৰ হস্তক্ষেপ অব্যাহত থাকিলে এ আই এফ এফক অনিৰ্দিষ্ট কাললৈ নিলম্বিত কৰা হ’ব বুলি সকীয়াই দিয়া হৈছে৷ ইয়াৰ মাজতে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে ফুটবল ফেডাৰেশ্বনে৷ সকলো ঠিকে থাকিলে ফেডাৰেশ্বনৰ নতুন সভাপতিৰ নিৰ্বাচন আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে৷ কিয়নো এই পদটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ অৱশ্যে এই বিষয়টোত সোণোৱালে এতিয়ালৈকে কোনো মন্তব্য কৰা নাই৷সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লে সোণোৱালক প্ৰয়োজন হ’ব বিজেপিৰ অনুমোদনৰ৷ ইপিনে, অসম ফুটবল সন্থাৰ ফালৰ পৰা কোৱা হৈছে যে বৰ্তমানৰ কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপথ আৰু আয়ূষ দপ্তৰৰ মন্ত্ৰী সোণোৱাল যদি সঁচাকৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহী, তেন্তে ফুটবল সন্থা তেওঁৰ পক্ষত থাকিব৷

সোণোৱালে ফুটবল ফেডাৰেশ্বনৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁৰ সন্মুখত কঠিন প্ৰতিদ্বন্দ্বী হৈ থিয় হ’ব পাৰে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া৷ দেশৰ একাংশ প্ৰাক্তন ফুটবলাৰে ভূটীয়াক ফুটবল ফেডাৰেশ্বনৰ নতুন সভাপতিৰ ৰূপত বিচাৰিছে৷ উল্লেখ্য, ভূটীয়ায়ো কেইদিনমান পূৰ্বে উল্লেখ কৰিছিল যে দীৰ্ঘ সময় দেশক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ফুটবলাৰ এজন ফেডাৰেশ্বনৰ সভাপতি পদত অধিষ্ঠিত হ’লে ফেডাৰেশ্বনৰ কাম-কাজবোৰ ভালদৰে পৰিচালিত হ’ব৷ ভূটীয়াৰ নিকা ভাৱমূৰ্তিৰ বাবেও বহুতে তেওঁক ফুটবল প্ৰশাসনৰ বাবে যোগ্য বুলি বিবেচনা কৰে৷

সোণোৱাল আৰু ভূটীয়াৰ মাজত ফুটবল ফেডাৰেশ্বনৰ সভাপতি পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা হয় নে নহয়, তাক জানিবৰ বাবে আৰু কিছুদিন আপেক্ষা কৰিব লাগিব৷ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ জমা কৰিব লাগিব ১৭ৰ পৰা ১৯ আগষ্টৰ ভিতৰত৷ আনহাতে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ দিন ২২-২৪ আগষ্ট৷ ২৫ আগষ্টত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ’ব ২৮ আগষ্টত৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ফুটবল ফেডাৰেশ্বনৰ নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰি থকা হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ মতে, ফুটবল ফেডাৰেশ্বৰনৰ জেনেৰেল বডীত থকা ৩৬খন ৰাজ্যিক সন্থাৰ প্ৰতিনিধিৰ লগতে থাকিব ৩৬জন প্ৰাক্তন ফুটবলাৰ৷ তেওঁলোকৰ ২৪জন পুৰুষ আৰু ১২গৰাকী মহিলা, যিসকলৰ কমেও এখন আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ লোৱাৰ অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ প্ৰাক্তন ফুটবলাৰসকলৰ ভোটাধিকাৰ থাকিব৷ ন্যায়ালয়ৰ এই নিদেৰ্শত ৰাজ্যিক সন্থাবোৰ সন্তুষ্ট নহয় যদিও বাইচুং ভূটীয়া, জো পল আনছাৰী, সন্দেশ জিংগানৰ দৰে ফুটবলাৰে এই সিদ্ধান্তক আদৰণি জনাইছে৷