Logo
image

প্ৰাথমিক শিক্ষা আৰু বিনামূলীয়া নহয়

আদৰ্শ বিদ্যালয়ত ৩০০ টকা মাচুল

আমাৰ অসম, ১৪ আগষ্টঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত গোপনে ব্যক্তিগতকৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ৰাজ্যৰ চৰকাৰী আদৰ্শ বিদ্যালয়সমূহত মাচুলৰ প্ৰৱৰ্তনেৰে ত্বৰান্বিত কৰিব বিচৰা হৈছে এই প্ৰক্ৰিয়া৷ প্ৰথম অৱস্থাত আদৰ্শ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পৰা ৩০০ টকাকৈ মাচুল সংগ্ৰহৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে৷ লক্ষণীয় যে বিজেপিশাসিত ৰাজ্য হাৰিয়ানাত চৰকাৰে যেনেদৰে দেখাদেখিকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ স্থানান্তৰিত কৰাৰ বাবে ‘চিৰাগ’ আঁচনি ঘোষণা কৰিছে, অসমত তেনেদৰে নহ’লেও কিন্তু সৰ্পিল গতিৰে আগবাঢ়িছে শিক্ষাৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া৷ শেহতীয়াকৈ ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত মাহে ৩০০ টকাৰ ফিজ লগোৱাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে শিক্ষা বিভাগৰ অএমঅ’ত স্বাক্ষৰো কৰিছে৷ যোৱা ১৭ জুলাইত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকত ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত মাহে ৩০০ টকাৰ ফিজ আৰোপৰ বাবে সিদ্ধান্ত লোৱা হৈছিল৷ ইয়াৰ ‘মাইনুছ কপী ‘আমাৰ অসম’ৰ হাতত আহি পৰিছে৷ এই মাইনুছত উল্লেখ কৰা হৈছে যে ৰাজ্য আদৰ্শ বিদ্যালয়সমূহৰ ২০ শতাংশ আসনহে আৰ্থিকভাৱে দুৰ্বল আৰু বি পি এল শ্ৰেণীৰ বাবে সংৰক্ষিত হ’ব৷ ৮০ শতাংশ আসনেই মুক্ত থাকিব৷ আৰ্থিকভাৱে দুৰ্বল আৰু বি এপ এল শ্ৰেণীৰ বাহিৰে বাকী ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই মাহে ৩০০ টকাকৈ মাচুল ভৰিব লাগিব৷ লক্ষণীয় যে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বত ৰাজ্য চৰকাৰে চি বি এছ ইৰ ইংৰাজী মাধ্যমৰ নতুন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে গ্ৰহণ কৰিছে আন এক অভিলাষী আঁচনি৷ সেই অনুসৰি বৰ্তমানৰ নূন্যতম ১০ বিঘা ভূমি থকা একত্ৰিকৃত বা বাহাল থকা চৰকাৰী প্ৰাদেশিকীকৃত হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুলত নতুন আদৰ্শ বিদ্যালয়লৈ পৰিৱৰ্তন কৰা হ’ব৷ ইয়াৰ বাবে স্থানীয় বিধায়কসকলৰ পৰা নাম বিচৰা হ’ব৷ ৰাজ্য চৰকাৰে প্ৰথমে আদৰ্শ বিদ্যালয়সমূহত ফিজ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও পাছলৈ পৰ্যায়ক্ৰমে আন চৰকাৰী, প্ৰাদেশিক বিদ্যালয়সমূহতো যে ফীজ আৰোপ নকৰিব সেয়া মুঠেই উলাই কৰিব নোৱাৰি৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপিশাসিত হাৰিয়ানাত বছৰি ১.৮০ লাখ টকাৰ তলৰ অভিভাৱকসকলে নিজৰ সন্তানক চৰকাৰী স্কুললৈ পঠিয়ালে ৫০০ টকাৰ ফীজ দিব লাগিব বুলি কোৱাৰ বিপৰীতে যদিহে একে আয়ৰ লোকসকলে নিজৰে সন্তানক প্ৰাইভেট বিদ্যালয়লৈ পঠিয়ালে ১, ১০০ টকা পৰ্যন্ত ফীজ চৰকাৰে ওলোটাই বহন কৰিব বুলি আজব ঘোষণা কৰিছে৷ ইয়াৰ দ্বাৰা চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীক প্ৰাইভেট স্কুললৈ স্থানান্তৰিত কৰি পৰিকল্পিতভাৱে চৰকাৰী স্কুল বন্ধ কৰি জিঅ’ৰ অফাৰৰ দৰে পাছত দুখীয়াৰ সন্তানৰ ভাগ্য অদৃশ্যৰ হাতত এৰি দিব বুলি আশংকা প্ৰকট হৈছে৷

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰা চান্দা সংগ্ৰহ কৰি বিদ্যালয়ৰ ডেস্ক, বেঞ্চ, ফেন ক্ৰয় কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা অখিল গগৈৰ

‘প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা চান্দা সংগ্ৰহ কৰি বিদ্যালয়ৰ ডেস্ক, বেঞ্চ, ফেন, ফিল্টাৰ ক্ৰয় কৰিবলৈ বিজিপি চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে৷ আচলতে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি ব্যক্তিগত খণ্ডত হস্তান্তৰ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰ৷ চৰকাৰৰ জাতি ধবংসী আখৰাৰ বিৰুদ্ধে সকলো দল সংগঠন ঐক্যবদ্ধ ভাবে ওলাই আহক৷’ এই অভিযোগ তথা আহ্বান ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ৷ গুৱাহাটীৰ চানমাৰিৰ নিজৰাপাৰৰ বাস ভৱনত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ বিধায়ক অখিল গগৈয়ে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ দানেৰে বিদ্যালয়ৰ সমস্যা দূৰীকৰণৰ বাবে জাননী প্ৰকাশ কৰা চৰকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে৷ অখিল গগৈয়ে কয় যে অসমত চান্দা সংগ্ৰহৰ একমাত্ৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিজেপিৰহে আছে৷ ‘চৰকাৰৰ দেউলীয়া অৱস্থাৰ প্ৰকৃত স্বৰূপ এই জাননীয়ে উদঙাই দিছে৷’ মুখ্যমন্ত্ৰীয়ে দ্বিতীয় বৰ্ষৰ বিধায়ক পুঁজিৰ উপৰিও সুহৃদ আঁচনিৰ ধনো মোকোলাই দিব নোৱাৰাৰ অভিযোগ৷ চৰকাৰে ৰাজহুৱা শিক্ষানুষ্ঠানৰ পৰা নিজৰ দায়িত্ব এৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইয়াৰ লগে লগেই বিদ্যালয়ৰ ব্যক্তিগতকৰণ আৰম্ভ হৈছে৷ অসমত ৩১ হাজাৰ ৩৫৩ বিদ্যালয়ত খোৱা পানী, ফিল্টাৰ, ডেস্ক-বেঞ্চ, বিজুলী ব্যৱস্থা নাই৷ ৪ হাজাৰৰো অধিক মাধ্যমিক বিদ্যালয়ত আন্তঃগাঁঠনি নাই বুলি তথ্য প্ৰকাশিত হৈছে৷ ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰা হৈছে৷ ব্যক্তিগত মানুহৰ পৰা দান লোৱা বিদ্যালয়ৰ ক্ষেত্ৰত শীৰ্ষত কোকৰাঝাৰ আৰু দ্বিতীয় স্থানত শোণিতপুৰ আছে৷ পিপিপিৰ আৰ্হিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বুলেট, স্কুটি, লেপটপ দিব পৰা চৰকাৰে বিদ্যালয়ত ডেস্ক-বেঞ্চ, ফিল্টাৰ, ফেনৰ যোগান ধৰিব নোৱাৰাতো ৰহস্যজনক কথা৷ অসমৰ চৰকাৰী বিদ্যালয় সমূহক ব্যক্তিগতকৰণ কৰাৰ ইংগিত এয়া৷ ১ লাখ ১২ হাজাৰ টকাৰ ধাৰত পোত গৈছে বিজেপি চৰকাৰ৷ কংগ্ৰেছৰ দিনত ধাৰ আছিল ৩৫ হাজাৰ কোটি৷ ২০১৬ৰ পৰা ৮০ হাজাৰ কোটিতকৈ অধিক ধাৰ লৈছে বিজেপিয়ে৷ ‘‘ ‘‘বৰ্তমানো ঠিকাদাৰক ২২ হাজাৰ কোটি টকা দিবলৈ বাকী আছে বিজেপি চৰকাৰৰ৷ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত বিদ্যালয় ‘বিদ্যা ইণ্টাৰনেশ্বনেল স্কুল’ নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে৷ ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ উত্তৰণ নিবিচাৰে৷ ইপিনে ধনুকাক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিয়াৰ অভিযোগকৰে অখিল গগৈয়ে৷ সংবাদ মাধ্যমে ধনুকা সন্দৰ্ভত অখিল গগৈয়ে দিয়া সংবাদমেল প্ৰকাশ নকৰাক লৈয়ো ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে৷ ১৫ আগষ্টত মাৰ্চ পাৰ্চ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ পোছাক আৰু জোতা উপায়ুক্তক কিনিবলৈ দিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিলে চৰকাৰ দেউলীয়া হোৱাৰ বাবেই এনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে৷ মাতৃ ভাষা মাধ্যমৰ বিদ্যালয় ব্যক্তিগতকৰণ বন্ধ কৰা,  প্ৰাথমিক স্কুলৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৩ কোটি টকা আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান দিয়া আৰু গুণগত শিক্ষাৰ বাবে বিদ্যালয়ৰ শিক্ষকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ আৰু শিক্ষকক আন কামত ব্যৱহাৰ নকৰিবলৈ, পাঠদান হৈছে নে নাই নজৰত ৰাখিবলৈ ভিজিলেন্সৰ ব্যৱস্থা কৰিবলৈও অখিল গগৈয়ে এই তিনিটা দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰে৷

অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধবংস কৰাৰ সিদ্ধান্ত লোৱা নাইঃ ৰণোজ পেগু

বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিটিচিত শিক্ষানুষ্ঠানসমূহ ক্ৰমাগতভাৱে প্ৰাদেশিকীকৰণ হ’বই৷ এই ঘোষণা অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷ বিটিচিত উপস্থিত হৈ এখন পৰ্যবেক্ষণ সভাত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ এই মন্তব্য কৰে৷ তেওঁ কয়– ২০১৭চনৰ আইনৰ অধীনত অসমৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে৷ যিমান বিদ্যালয়ৰ প্ৰয়োজন তাতোকৈ অত্যধিক বিদ্যালয় আছে৷ গতিকে ২০১৭ চনৰ আউটিৰ ভিতৰত কোনো বিদ্যালয় যদি প্ৰাদেশিকীকৰণ হোৱা নাই, তেন্তে তেনে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব৷ টে’ট এটা কোৱালিফাইং এক্সামিনেচন৷ টে”ট উত্তীৰ্ণ হ’লেই যে চাকৰি পাব তেনে কোনো কথা নাই৷ টেট পাছ কৰিলেহে শিক্ষকৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব৷ ষষ্ঠ অনুসূচী অঞ্চলত পৃথককৈ টে’ট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰী পেগুৱে কয়– বিশ্ববিদ্যালয়এখন ৰাতিৰ ভিতৰত গঠন হোৱা বস্তু নহয়৷ ই এটা দীঘলীয়া প্ৰক্ৰিয়া৷ ইয়াৰ বাবে আন্তঃগাঁথনিৰ উন্নয়ন কৰিব লাগিব৷ তেওঁ বিটিচিৰ শৈক্ষিক ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা সন্দৰ্ভত ইতিমধ্যে ২৩খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়– অসম চৰকাৰে মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰাৰ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ শিক্ষা ব্যৱস্থাৰ কিছু উন্নীতকৰণৰ বাবেহে ইংৰাজী ভাষাত শিক্ষা প্ৰদানৰ এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ জনগণৰ মাজত এই সন্দৰ্ভত প্ৰচাৰ হোৱা ভুল ধাৰণাবোৰ আঁতৰাবলৈ বিভিন্ন দল-সংগঠনৰ সৈতে ১৮ আগষ্টত আলোচনাত মিলিত হ’ম৷ আনহাতে, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৬.৩ দফাক লৈ এতিয়া কোনো সন্দেহ কৰাৰ থল নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি এই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অলপ সময় লাগিব বুলি কয়৷ বিটিআৰৰ ৬.৩ দফাক লৈ কোনোবাই আপপ্ৰচাৰ চলাই থকা বুলিও বড়োৱে অভিযোগ কৰে৷