Logo
image

নয়নমণিৰ সেৱা, হিমাৰ গামোচা, চানুৰ উপহাৰ টি-চাৰ্ট

আমাৰ অসম, ১৫ আগষ্টঃ অসমৰ স্বৰ্ণকন্যা নয়নমণি শইকীয়াই এটা সেৱা, অসমৰে হিমা দাসে এখন পৰম্পৰাগত অসমীয়া গামোচাৰে ওলগ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ দেওবাৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত কমনৱেলথ গেমছৰ পদক বিজয়ী খেলুৱৈক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে৷ পদক নাপালেও উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱাৰ সূত্ৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আমন্ত্ৰণ জনাইছিল৷ হিমা দাসক৷ স্প্ৰিণ্টাৰ হিমা দাসে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এখন গামোচা পৰিধান কৰাই তেওঁৰ পৰা আশীৰ্বাদ লয়৷ প্ৰসংগতঃ প্ৰধানমন্ত্ৰী মোদীৰ গামোচা অতি প্ৰিয়৷ প্ৰধানমন্ত্ৰীৰ ডিঙিত গামোছা পিন্ধাই নিজকে গৰ্বিত বুলি কয় হিমাই৷ আনহাতে লনবলত স্বৰ্ণপদক অৰ্জন কৰা নয়নমণি শইকীয়ায়ো প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰে৷ জ্যেষ্ঠজনক কৰাৰ দৰে নয়নমণিয়ে প্ৰধানমন্ত্ৰী মোদীক এটি সেৱা কৰে৷ আনহাতে ভাৰোত্তোলনৰ স্বৰ্ণপদক অৰ্জন কৰা মীৰাবাই চানুৱে দলৰ সকলো খেলুৱৈয়ে স্বাক্ষৰ কৰা এটা জাৰ্ছি প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়ে৷ বক্সিঙৰ স্বৰ্ণপদক বিজয়ী নিখাট জাৰিণে প্ৰধানমন্ত্ৰীক উপহাৰ দিয়ে দলৰ আটাইকেইজন বক্সাৰে স্বাক্ষৰ কৰা এজোৰ বক্সিং গ্লাভছ৷ এইবাৰ ভাৰতীয় দলে বাৰ্মিংহাম কমনৱেলথ গেমছত ২২টা সোণ, ১৬টা ৰূপ, ২৩টা ব্ৰঞ্জকে ধৰি মুঠতে ৬১টা পদক অৰ্জন কৰে৷ ইয়াৰ ভিতৰত ৩টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জকে ধৰি ১০টা পদক লাভ কৰে ভাৰোত্তোলকে৷ ৰেছলিং দলে লাভ কৰে সৰ্বাধিক ১২টা পদক, য’ৰ ৬টাই সোণৰ পদক৷