Logo
image

সৰ্বকালৰ বৰ্ণময় ‘স্বাধীনতা’

আজি স্বাধীনতা দিৱস

গাঁৱে-চহৰে ‘আজাদী কা অমৃত মহোৎসৱ’ক লৈ অভূতপূৰ্ব উছাহ

আমাৰ অসম, ১৫ আগষ্টঃ আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস৷ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ পৰা সমগ্ৰ বছৰটো দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ ৰূপে পালন কৰা হয়৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সামৰণীৰে উদ্‌যাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱস সৰ্বাত্মক কৰি তোলাৰ উদ্দেশ্য ১৩ আগষ্টৰ পৰা তিনিদিনীয়াকৈ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে অসমত ব্যাপকতা লাভ কৰে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীয়ে৷ জাতি বৰ্ণ, ধনী-দুখীয়া নিৰ্বিশেষে প্ৰত্যেকটো পৰিয়াল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ১৩ আগষ্টৰ পৰা ত্ৰিৰংগা পতাকা উৰুৱাই দিয়াৰ ফলত অনন্য ৰূপ লাভ কৰে ৰাজ্যখনে৷ এক কথাত সৰ্বকালৰ বৰ্ণময় হৈ পৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস৷ ৰাজ্যখনত এনে এটা পৰিয়াল নাই যাৰ ঘৰত ত্ৰিৰংগা পতাকা উৰুওৱা নাাই, এনে এখন দোকান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান নাই য’ত উৰুৱাই দিয়া নাই ত্ৰিৰংগা পতাকা৷ ৰাজপথত চলাচল কৰা বাছ-ট্ৰাক, চাৰিচকীয়া বাহন, ৰিক্সা, ই-ৰিক্সা, চাইকেল মটৰ চাইকেল, ঠেলা, মন্দিৰ, মছজিদ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান সকলোতে কেৱল ত্ৰিৰংগা পতাকাৰ সমাহাৰ গাঁৱে ভূঞে, চহৰে-নগৰে ‘আজাদী কা অমৃত মহোৎসৱ’ক লৈ দেখা যায় অভূতপূৰ্ব উছাহ৷ ৭৬ সংখ্যক স্বাধীনতা দিৱস কেন্দ্ৰীয়ভাৱে উদ্‌যাপনৰ বাবে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত স্বাধীনতা দিৱস কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে, মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ত, পীযুষ হাজৰিকাই নগাঁৱত, জয়ন্তমল্ল বৰুৱাই নলবাৰীত, কেশৱ মহন্তই গোলাঘাটত, পৰিমল শু{¨বৈদ্যই কাছাৰত, অজন্তা নেওগে যোৰহাটত, ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, নন্দিতা গাৰ্লোচাই বৰপেটাত পতাকা উত্তোলন কৰিব৷ ইপিনে, বিশ্বনাথত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰমোহন পাটোৱাৰী, ধুবুৰীত ডাঃ ৰণোজ পেগু, শোণিতপুৰত অশোক সিংঘাল, লখিমপুৰত যোগেন মহন, তিনিচুকীয়াত সঞ্জয় কিষাণ আৰু শিৱসাগৰত বিমল বৰাই পতাকা উত্তোলন কৰিব৷ স্বাধীনতা দিৱসত প্ৰতিখন জিলাত মন্ত্ৰীয়ে উত্তোলন কৰিব পতাকা৷ উল্লেখ্য, ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি ঘৰে ঘৰে ত্ৰিৰংগ পতাকাকাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ চৰকাৰে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলায়৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাৰ আহ৩ানক ৰাইজে সঁহাৰি জনাই নিজৰ বাসগৃহ, অনুষ্ঠান প্ৰতিষ্ঠান, দোকানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ আনহাতে, মহানগৰীৰ পথ, উৰণসেতু, চৰকাৰী কাৰ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সজাই পৰাই তুলিছে৷ ইপিনে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বাইক ৰেলী, প্ৰভাত ফেৰী আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷