Logo
image

১,০০০ অংগনৱাড়ী কেন্দ্ৰ মুকলি, ব্যক্তিগতকৰণৰো ইংগিত

আমাৰ অসম, ১৫ আগষ্টঃ দেশৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচী ৰূপায়ণ হৈ থকাৰ সময়তে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘সংকল্পৰ পৰা সিদ্ধিলৈ, সোণালী শৈশৱ বিকশিত, অসম’ আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰায় এহেজাৰটা আদৰ্শ অগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলী শুভ-উদ্বোধন কৰে৷ পলাশবাৰী আৰ বি হাইস্কুল আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই উদ্বোধনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যি সমাজে শিশুসকলক অগ্ৰধিকাৰ দিব নাজানে সেই সমাজখন আগবাঢ়িব নোৱাৰে৷ অংগনৱাড়ী কেন্দ্ৰসমূহ আদৰ্শ হ’লেহে আমি শিশুসকলক আদৰ্শবান মানুহ হিচাপে গঢ়িব পাৰিম৷ মেডিকেল নিৰ্মাণ কৰিলে যিমান আনন্দ পাঁও তাতকৈ বেছি আনন্দ পাইছে আজি বঙৰাৰ কৈতাসিন্ধি অংগনৱাড়ী কেন্দ্ৰটো মুকলি কৰি৷ পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিব দিছিল কিন্তু একাংশ মধ্যভোগীৰ বাবে অংগনৱাড়ী কেন্দ্ৰটি পাৰ চৰাইৰ বাহ যেন হৈ পৰিছিল৷ সেয়ে এই দৃশ্যবোৰ দেখি অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ হিচাপে স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ২০২৬ চনৰ ভিতৰত ৰাজ্যত ১৫ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি ‘এডপ্ট অন অংগনৱাড়ী নামৰ এক পোৰ্টেলৰো শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ব্যক্তি, অনুষ্ঠান, উদ্যোগিক খণ্ড, প্ৰবাসী চৰকাৰী বিষয়া বা অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে এতিয়াৰ পৰা অংগনৱাড়ী কেন্দ্ৰৰ সম্পূৰ্ণ বা আশিংক খৰচ বহন কৰিব পাৰিব৷ এই খৰচ বহন কৰিলেও চৰকাৰে যাৱতীয় কৰণীয়খিনি কৰিব যাব বুলি মুখ্যমন্ত্ৰীয়ে দোহাৰে৷ নতুন শিক্ষা নীতিৰ অধীনত অংগনৱাড়ী কেন্দ্ৰসমূহ প্ৰাক্‌ প্ৰাথমিক স্কুললৈ ৰূপান্তৰিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে৷ স্কুল, কলেজ, অংগনৱাড়ী কেন্দ্ৰ ৰাইজৰ সম্পত্তি চৰকাৰৰ সম্পত্তি নহয় বুলিও ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ মাজতে বৰ্তমানৰ অংগনবাড়ী কেন্দ্ৰ বা ভৱিষ্যতৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়সমূহক ভৱিষ্যতে ব্যক্তিগকৰণৰ ইংগিত দিলে বুলিও চৰ্চা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা কৈতাসিন্ধিৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ আৰু দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাটস্থিত জিলা মুখ্য কাৰ্যালয়ো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন  কৰে৷ এই উপলক্ষে জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে আঁতধৰা সভাত মুখ্যমন্ত্ৰী শৰ্মাই আজিৰ দিনটো ভাৰতীয় জনতা পৰ্টিৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন বুলি কয়৷ দক্ষিণ কামৰূপ জিলা বিজেপিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি ৰাজ্যৰ ১৫টা বিজেপিৰ জিলা কাৰ্যালয় নিৰ্মাণ হোৱাত কাৰ্যকৰ্তা সকলৰ বহুত সুবিধা হব৷ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে অন্যতম দক্ষিণ কামৰূপ জিলা বিজেপিৰ প্ৰতিটো মণ্ডলতে পৰ্যায়ক্ৰমে মণ্ডল কাৰ্যালয় হ’ব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকী৷ এই জিলা বা মণ্ডল কাৰ্যালয়ৰ পৰাই নিৰ্বাচনৰ সময়ত কাম কাজ নিয়াৰিকৈ চলিব৷ দেশ, দল আৰু ব্যক্তিৰ এই কাৰ্যপন্থাৰে আগুৱাই গলে দেশ বৈভলৈ গতি কৰিব৷ কাৰ্যকৰ্তা হ’ল কাৰ্যসূচী লাগে, কাৰ্যসূচীৰ বাবে কাৰ্যালয় এটি লাগে৷ উক্ত সভাতেই পলাশবাৰী সমষ্টিৰ বহুকেইগৰাকী কংগ্ৰেছ দলৰ নেতা আৰু কৰ্মীয়ে কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ বিজেপি দলত যোগদান কৰে৷ সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বন আৰু পৰিবেশ তথা কামৰূপ জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা উপস্থিত থাকে৷