Logo
image

৩৭ বছৰ পাৰ হ’ল চুক্তি ৰূপায়ণ নহ’ল

আমাৰ অসম, ১৫ আগষ্টঃ ‘পৃথিৱী কঁপোৱা অসম আন্দোলনৰ ফচল ঐতিহাসিক অসম চুক্তিৰ ৩৭ বছৰ সম্পূৰ্ণ হ’ব সোমবাৰে৷ দিল্লী আৰু দিছপুৰৰ কোনো চৰকাৰেই অসম চুক্তি ৰূপায়ণত যথোপযুক্ত গুৰুত্ব নিদিলে৷ ফলত সমস্যাৰ জটিলতা দিনকদিনে বৃদ্ধি পালে৷ অসম চুক্তি ৰূপায়ণ নোহোৱাৰ বাবেই অসমত বৃদ্ধি পাইছে জেহাদী, মৌলবাদী, বাংলাদেশীৰ অবাঞ্ছিত কাৰ্যকলাপ৷ অসম চুক্তিক অৱমাননা কৰাৰ বাবেই সলনি হৈছে অসমৰ জনবিন্ন্যাস৷ ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব নোৱাৰাটো চৰকাৰৰ অক্ষমণীয় অপৰাধ৷ ভাৰত-পাকিস্তান সীমান্তত যদি লোহাৰ গুলী চলে, তেন্তে ভাৰত-বাংলা সীমান্তত কিয় চলে ৰবৰৰ গুলী৷ ডাবল ইঞ্জিনৰ চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বাবে সময়নিৰ্ধাৰিত এক্সন প্লেন প্ৰস্তুত কৰক৷ উচ্ছস্তৰীয় সমিতিৰ প্ৰতিবেদন মৰ্মে অসম চুক্তিৰ ছয়নং দফা আখৰে আখৰে ৰূপায়ণ কৰক৷ কথাৰে নহয়, চৰকাৰে কামেৰে পৰিচয় দিয়ক৷’– এই ভাষ্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ৷ উল্লেখ্য, আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ কৰা সময়ত ১৫ আগষ্টৰ দিনটোত ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত ‘অসম চুক্তি’ সম্পাদিত হোৱা ৩৭ বছৰ সম্পূৰ্ণ কৰি ৩৮ বছৰত ভৰি দিব বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনৰ সকলো শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আৰু নিৰ্যাতিতসকলক শ্ৰদ্ধা জনাইছে৷ শ্বহীদৰ ত্যাগক ছাত্ৰ সন্থাই অথলে যাব নিদিয়ে বুলি উল্লেখ কৰি ছাত্ৰ সন্থাই ক্ষোভেৰে কয়– ঐতিহাসিক অসম চুক্তি সম্পাদন হোৱাৰ পাছত বিগত ৩৭ বছৰে সকলো দলৰ চৰকাৰে দিল্লী, দিছপুৰত শাসন কৰিছিল৷ কিন্তু সকলো দলৰ চৰকাৰেই বিগত ৩৭ বছৰত অসম চুক্তি ৰূপায়ণেৰে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানত ব্যৰ্থ হ’ল৷ এতিয়া দিল্লী-দিছপুৰত থকা ডাবল ইঞ্জিনৰ চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে সময়নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰক৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘ঐতিহাসিক অসম আন্দোলনৰ ছটা বছৰৰ পাছত অসম চুক্তি সম্পাদন হোৱাৰ পাছত ৩৭ বছৰ, মুঠতে ৪৩ বছৰে ছাত্ৰ সন্থা আৰু অসমৰ জনসাধাৰণে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে নিৰৱচ্ছিন্নভাৱে লাগি আহিছে৷ আৰু কিমান দিন ৰ’ব লাগিব? অসম চুক্তি এক ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি৷ অসম চুক্তি অহিংস আন্দোলনৰ ফল৷ অহিংস গণতান্ত্ৰিক আন্দোলনৰ ফল আৰু ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি ৰক্ষা কৰা দায়িত্ব চৰকাৰে পালন কৰা নাই৷ অসম চুক্তি সম্পাদন হোৱাৰ পাছত বিগত ৩৭ বছৰে অবৈধ বিদেশী চিনাক্তকৰণ নহ’ল, তেনে বিদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহ’ল৷ বহিষ্কাৰ নহ’ল৷ অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বি-পাক্ষিক চুক্তি নহ’ল৷ আনকি অবৈধ বিদেশী অহা বাটটোও বন্ধ নহ’ল৷ ৩৭ বছৰে ভাৰত-বাংলাদেশৰ অসম ছেক্টৰৰ ২৬৮ কিমি জল, স্থলপথ ছীল কৰিব নোৱৰাটো কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ এক অক্ষমণীয় অপৰাধ৷ ভাৰত-পাকিস্তান সীমান্ত যিধৰণে ছীল কৰিবলৈ ব্যৱস্থা লৈছে, একেধৰণে কেন্দ্ৰীয় চৰকাৰে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ বাবে ব্যৱস্থা নলয় কিয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত সাত বছৰে অসমৰ ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিবলৈ সক্ষম নহ’ল৷ অসমৰ মাটি বাংলাদেশক গতাই দি সীমা ছীল কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি অসাৰ হ’ল৷ এতিয়া চৰকাৰে ভাৰত-বাংলাদেশ জল, স্থল সীমান্ত ছীল কৰিবলৈ যুদ্ধকালীন পদক্ষেপ লওক৷ কাৰণ উন্মুক্ত সীমান্তৰে অবৈধ বাংলাদেশীৰ লগতে জেহাদী, মৌলবাদী শক্তি অসমত থিতাপি লৈছে৷ অসম চুক্তি ৰূপায়ণ নোহোৱা কাৰণেই অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীৰ কাৰ্যকলাপ অসমত চলিছে৷ পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লৈছে৷ অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশীৰ লগতে সকলো মৌলবাদী শক্তিক চৰকাৰে পুলিয়ে-পোখাই উৎখাত কৰক৷ কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, খিলঞ্জীয়াবিৰোধী, অসম চুক্তি উলংঘা কৰা, সাম্প্ৰদায়িক, অসাংবিধানিক ‘কা’ অসমৰ ওপৰত জাপি দিছে ৷ ‘কা’ আমি নামানো৷ ‘কা’ বাতিল হ’বই লাগিব৷ ‘কা’ বাতিলৰ বাবে গণতান্ত্ৰিক আন্দোলন আৰু আইনী যুঁজ সমানে চলিব৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অবৈধ বাংলাদেশীৰ নাম থাকি গ’ল৷ নাগৰিকপঞ্জী শুদ্ধ নহ’ল৷ নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ ফলাফলত অসমৰ ৰাইজ, ছাত্ৰ সন্থা সুখী নহয়৷ পুংখানুপুংখ পুনৰীক্ষণৰ [Re-examination] বাবে ছাত্ৰ সন্থাই উচ্ছতম ন্যায়ালয়ত আবেদন কৰিছে৷ উভয় চৰকাৰে উচ্ছতম ন্যায়ালয়ত আবেদন কৰি বাংলাদেশীৰ নাম মুক্ত নাগৰিকপঞ্জী প্ৰস্তুতৰ পথ প্ৰশস্ত কৰক৷ অবৈধ বাংলাদেশীৰ নামমুক্ত নাগৰিকপঞ্জী প্ৰস্তুত নোহোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয়৷ অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ লাগিবই৷ কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্ছস্তৰীয় সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব৷ প্ৰতিবেদন দাখিল কৰা দুবছৰ হ’ল৷ ফলাফল লাগিবই৷ চৰকাৰে সময়ে সময়ে ডাবল ইঞ্জিন চৰকাৰৰ কথা কৈ আহিছে৷ অসম চুক্তি ৰূপায়ণৰ ন’ডেল মন্ত্ৰালয় হ’ল গৃহ মন্ত্ৰালয়৷ যদি সঁচাকৈয়ে ডাবল ইঞ্জিনৰ চৰকাৰ চলিছে তেন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে সময়নিৰ্দিষ্ট কৰ্মপন্থা ল’বলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰক৷ অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, নিয়ন্ত্ৰণ কৰিব লাগিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব৷ অসম চুক্তি ৰূপায়ণেৰে এই ফলাফল নোলোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয়৷’