Logo
image

১৫ আগষ্টৰ পাছত পতাকা সযতনে ৰাখক

মুখ্যমন্ত্ৰী হিমন্তবিশ্বৰ অনুৰোধ

আমাৰ অসম, ১৫ আগষ্টঃ ব্ৰিটিছৰ শাসনৰ পৰা ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাত সমগ্ৰ দেশতে পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক কাৰ্যসূচী ঘোষণা কৰিছে৷ অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিঘৰ লোককে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তিনিদিন জাতীয় পতাকা উৰুৱাই ৰাখিবলৈ আহ্বানো জনাইছিল৷ ইয়াৰ বাবে নাগপুৰীয়া ঠিকাদাৰৰ জৰিয়তে ৰাজ্যৰ সুলভ মূল্যৰ দোকানত কোনো নিৰ্দিষ্ট জোখ-মাফ নথকা পলিষ্টাৰৰ পতাকা বিক্ৰীৰো ব্যৱস্থা কৰিছিল দিছপুৰে৷ আনকি ঘৰে ঘৰে পতাকা উৰুৱাবৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীয়ে গাঁৱে-ভূঞে ৰাজপথত সমদল কৰি সজাগতা সৃষ্টি কৰাও দেখা গৈছিল৷ আনকি এই সমদল বাহিৰ কৰাত বিজেপিৰ লগতে আন আন ৰাজনৈতিক দলসমূহ বাদ পৰি ৰোৱা নাছিল৷ কিন্তু ৰাজনৈতিক নেতা তথা বিভিন্ন পক্ষৰ অঘোষিত প্ৰতিযোগিতাত জাতীয় পতাকাখনৰ সন্মান লাঘৱ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ কিয়নো ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ নামত জাতীয় পতাকাখনৰ আলাই-আথানি হোৱা দেখা গৈছে৷ দুৰ্ভাগ্যজনকভাৱে একাংশই জাতীয় পতাকাখনৰ সন্মানৰ মূল্য নুবুজি ডাষ্টবিনত নিক্ষেপ কৰাও দেখা গৈছে৷ আনকি ৰাজনৈতিক দলৰ  হেঁচাত সমদল কৰিবলৈ অহা কোনো মহিলাই পতাকাখন মাটিত পৰি তাৰ ওপৰতে বহাৰ দৰে কাৰ্যও দেখা পোৱা গৈছে৷ খোদ গুৱাহাটীৰ মহানগৰীৰ ৰাজপথতে আৱৰ্জনাৰ দৰে অসন্মানজনক পৰি ৰৈছে জাতীয় পতাকা৷ পতাকাখনৰ প্ৰতি কৰা এনে অসন্মানকলৈ সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷ যাৰ পৰিপ্ৰেক্ষিততেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতীয় পতাকাখনক সন্মান প্ৰদৰ্শন কৰি ১৫ আগষ্টৰ পাছত সজতনে ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– ‘১৫ আগষ্টৰ সন্ধিয়া সকলোৱে ৰাষ্ট্ৰীয় পতাকাখন খুলি নিজৰ ঘৰত বা কাৰ্যালয়ত সজতনে ৰখাৰ ব্যৱস্থা কৰক৷, ইফালে, জাতীয় পতাকাখনক কোনোৱে চাহ-কফি কাপৰ সৈতে ডাষ্টবিনত পেলোৱাৰ অভিযোগ লাভ কৰাত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জাতীয় পতাকাক অসন্মান কৰিলে আইনগত কঠোৰ ব্যৱস্থা ল’ব বুলিও সকীয়াই দিছে৷