Logo
image

লেণ্ডমাৰ্কক লৈ কন্দল স্বত্বাধিকাৰী লকআপত

আমাৰ অসম, ১৬ আগষ্টঃ পুনৰ বিতৰ্কত গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেল৷ সুৰাপান কৰি৷ মিকক মাৰধৰ কৰা আৰু গাড়ী ভঙাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল লেণ্ডমাৰ্ক হোটেলৰ স্বত্বাধিকাৰী দীপাংকৰ বৰুৱা৷ শনিবাৰে নিশা হোটেল ব্যৱসায়ীজনকজনক গ্ৰেপ্তাৰ কৰি দেওবাৰে আদালতত হাজিৰ কৰোৱাই এদিনৰ বাবে জিম্মাত লৈছে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে৷ উল্লেখ্য, ৰাজ্যিক ক্ৰীড়া পৰিষদ [ব’ৰ্ড অৱ স্প’ৰ্টছ] ৰ ভূমিত থকা লেণ্ডমাৰ্ক হোটেলখন ১৯৯৮ চনতে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ দিনত বৰুৱা এণ্ড এছ’চিয়েটক ২০ বছৰৰ বাবে লীজত দিছিল৷ কিন্তু ২০ বছৰৰ লীজৰ ম্যাদ উকলি যোৱাত ৰাজ্যিক ক্ৰীড়া পৰিষদে শেহতীয়াকৈ হোটেলখন উভটাই বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল বৰুৱা এণ্ড এছ’চিয়েটৰ পৰিচালন সঞ্চালক দীপাংকৰ বৰুৱালৈ৷ কিন্তু এই লৈ দুয়োপক্ষৰ বিবাদে এটা সময়ত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়া পাইগৈ৷ আনকি গুৱাহাটী উচ্ছ ন্যায়ালয়ে এই বিবাদ মীমাংসা কৰাৰ বাবে ৰাজ্যিক ক্ৰীড়া পৰিষদৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ চিত্ৰৰঞ্জ ন শৰ্মা আৰু বৰুৱা এণ্ড এছ’চিয়েটৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক নিযুক্তি দিছিল৷ কিন্তু এই গোচৰটো বৰ্তমানো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে যদিও শুকুৰবাৰে ৰাজ্যিক ক্ৰীড়া পৰিষদে ঠিকাদাৰ নিয়োগ কৰি লেণ্ডমাৰ্ক হোটেলৰ পাছফালে থকা সীমাৰ এখন দেৱাল উচ্ছেদ কৰোৱাৰ অভিযোগ উঠিছে৷ আৰক্ষী সূত্ৰই সদৰী কৰা মতে জনৈক কমল শৰ্মা নামৰ এজন ঠিকাদাৰে৷ মিক-এ’কেভেটৰ লৈ হোটেলৰ পাছফালৰ সীমাৰ দেৱাল তথা আন্তঃগাঁথনি ভাঙি পেলাইছিল যদিও উচ্ছেদৰ খবৰ লাভ কৰি হোটেলৰ স্বত্বাধিকাৰী দীপাংকৰ বৰুৱা আৰু তেওঁৰ পত্নী উক্ত স্থানত উপস্থিত হৈ উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰে৷ আনকি দীপাংকৰ বৰুৱাই এ’ভেটৰখন ভঙাৰ লগতে চালক-৷ মিকক মাৰপিট কৰাৰো অভিযোগ উঠিছে৷ এই সন্দৰ্ভত ঠিকাদাৰ কমল শৰ্মাই পল্টন বজাৰ থানাত দীপাংকৰ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত পল্টন বজাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০[বি]/২৯৪/৩২৬/৩৪১/৫০১/৩৪ ধাৰাৰ অধীনত ৩৯২/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি শনিবাৰে নিশাই দীপাংকৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে৷ দেওবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত আৰক্ষীয়ে ধৃত বৰুৱাক ৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ অৱশ্যে আদালতে এদিনৰ বাবেহে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে দীপাংকৰ বৰুৱাক৷ উল্লেখ্য লেণ্ডমাৰ্ক হোটেলৰ লীজ চুক্তিৰ নথি হৰলুকি হোৱাৰ অভিযোগত ইয়াৰ পূৰ্বেও ব’ৰ্ড অৱ স্প’ৰ্টছৰ তদানীন্তন সচিব নিত্যানন্দ বৰকটকী আৰু বৰুৱা এণ্ড এছ’চিয়েটৰ সঞ্চালক দীপাংকৰ বৰুৱাৰ বিৰুদ্ধে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছিল ব’ৰ্ড অৱ স্প’ৰ্টছে৷ এই গোচৰত নিত্যানন্দ বৰকটকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ বিচাৰাধীন এখন হোটেলৰ সম্পত্তিৰ ওপৰত ব’ৰ্ড অৱ স্প’ৰ্টছে কিয় ঠিকাদাৰৰ জৰিয়তে উচ্ছেদ চলোৱাৰ চেষ্টা চলাইছিল সেয়া এই মুহূৰ্তত বিচাৰ্যৰ বিষয় হৈ পৰিছে৷

সুৰাপান কৰি মাৰপিট কৰাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

হোটেল এখন বিতৰ্ক বহুত৷ বিতৰ্কই লগা নেৰা গুৱাহাটী মাজমজিয়াৰ অভিজাত্য হোটেল লেণ্ডমাৰ্ক পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে৷ এইবাৰ সুৰাপান কৰি মাৰপিট কৰা আৰু জেচিবি ভঙাৰ অভিযোগত আৰক্ষীয়ে লেণ্ডমাকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে৷ এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ সমীপত থকা লেণ্ডমাক হোটেলৰ পিছফালে থকা এখন দেৱাল ভাঙিবলৈ জনৈক শৰ্মা নামৰ লোকজনক ঠিকা আৱণ্টন দিয়ে৷ শনিবাৰে নিশা ঠিকাদাৰজনে জেচিবি লৈ লেণ্ডমাকৰ পিছফালৰ দেৱালখন ভাঙিবলৈ আহে৷ লেণ্ডমাকৰ হোটেলৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তে স্বত্বাধিকাৰী দীপাংকৰ বৰুৱাই ঠিকাদাৰ শৰ্মা আৰু তেওঁৰ৷ মিকক বাধা প্ৰদান কৰে৷ দীপাংকৰ বৰুৱাৰ বাধা নেওচি ঠিকাদাৰজনে হোটেলৰ ভিতৰত প্ৰৱেশ কৰি পিছফালৰ দেৱালখন ভাঙি দিয়ে ইয়াতে ক্ষুন্ন হৈ স্বত্বাধিকাৰী দীপাংকৰ বৰুৱাই ঠিকাদাৰ জনৰ৷ মিকক মাৰপিট কৰাৰ লগতে জেচিবিত আক্ৰমন কৰি ক্ষতি সাধন কৰে৷ ঘটনা সন্দৰ্ভত ঠিকাদাৰ শৰ্মাই দীপাংকৰ বৰুৱাই সুৰা পান কৰি৷ মিকক মাৰপিট আৰু জেচিবি ভঙা বুলি পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০[বি]/৩২৬ ২৯৪/৩৪১/৫০১/৩৪ কে ধৰি ৭টা ধাৰাৰ অধীনত থানাত ৩৯২/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি নিশাই দীপাংকৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে৷ ধৃত দীপাংকৰ বৰুৱাক আজি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ৭দিনৰ আৰক্ষীৰ জিম্মাত দিবলৈ প্ৰাৰ্থনা জনায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি দীপাংকৰ বৰুৱাক এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে৷ সম্প্ৰতি থানাৰ লকাপত আৰক্ষীয়ে দীপাংকৰ বৰুৱাক মাৰথন জেৰা চলাই আছে৷ উল্লেখ্য যে তদানীন্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত বৰ্ড অৱ স্পৰ্টছৰ পৰা দীপাংকৰ বৰুৱাই ২০বছৰৰ বাবে হোটেল লেণ্ডমাৰ্ক লিজত লৈছিল৷ লিজৰ ম্যাদ উকলি যোৱাৰ পাছত বৰ্ড অৱ স্পৰ্টছে হোটেল লেণ্ডমাক ঘুৰাই ল’ব বিচাৰিছিল৷ এইলৈ দীপাংকৰ বৰুৱা আৰু বৰ্ড অৱ স্পৰ্টছৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল৷ আনকি দীপাংকৰ বৰুৱাই হোটেলখনৰ লিজৰ ম্যাদ বাহাল ৰাখিবলৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্ত হৈছিল৷ গোচৰটো আদালতত বিচাৰাধীন হৈ থকাৰ সময়তে কালি নিশা গুৱাহাটী পৌৰ নিগমে হোটেলৰ পিছ ফালৰ দেৱাল ভঙাক লৈ তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে৷ স্মতব্য যে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হ’লে নামি দামি ক্ৰিকেট খেলুৱৈসকলে হোটেল লেণ্ডমাৰ্কত বাহৰ পাতিছিল৷ সম্প্ৰতি হোটেলখনৰ কোটালীত এতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকট তাৰকাৰ স্মৃতি বিৰাজ কৰি আছে৷