Logo
image

ঝুনঝুনৱালাৰ আকস্মিক মৃত্যু, ‘আকাশ’ৰ ভৱিষ্যৎ কি?

আমাৰ অসম, ১৬ আগষ্টঃ দেশৰ শ্বেয়াৰ বজাৰৰ আতাইতকৈ সফলতম বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ অকাল বিয়োগ ঘটিছে৷ দেওবাৰে পুৱা ৬.৪৫ বজাত মাত্ৰ ৬২ বছৰ বয়সত তেওঁৰ জীবনাবাসন ঘটে৷ পুৱা মুম্বাইৰ বাসভৱনত গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৰাকেশ ঝুনঝুনৱালাক মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হ’লেও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ বৃক্ককে ধৰি তেওঁ একাধিক ৰোগত ভূগি আছিল৷ মাথোঁ এসপ্তাহ পূৰ্বে আকাশ এয়াৰ নামৰ এটা বেচৰকাৰী বিমান পৰিবহন সংস্থা উদ্বোধন কৰিলেও ৰাকেশ ঝুনঝুনৱালা আছিল প্ৰকৃততে এজন ষ্টক বজাৰৰ ব্যৱসায়ী৷ ভাৰতীয় শ্বেয়াৰ বজাৰত তেওঁতকৈ সফল কোনো বিনিয়োগকাৰী আজিলৈকে ওপজা নাই৷ প্ৰবাদ আছে, ৰাকেশ ঝুনঝুনৱালাই কেতিয়াও, কোনোদিনে শ্বেয়াৰ বজাৰত ভুল বিনিয়োগ কৰা নাছিল৷ অৰ্থাৎ তেওঁ যি কোম্পানীৰে শ্বেয়াৰ ক্ৰয় কৰিছিল সেয়াই ৰকেটৰ গতিত উত্থান ঘটিছিল৷ সেয়ে তেওঁক দেশৰ শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ বুলি কোৱা হৈছিল৷ প্ৰকৃতাৰ্থতে তেওঁতকৈ ডাঙৰ ‘বিগ বুল’ দেশৰ শ্বেয়াৰ বজাৰত নাই৷ কিছুদিন পূৰ্বে তেওঁ এটা জোতা কোম্পানীৰ শ্বেয়াৰ কিনিছিল৷ কেইদিনমানৰ ভিতৰতে সেই শ্বেয়াৰৰ মূল্য ইমান বাঢ়ে যে তেওঁ এদিনতে লাভ কৰে ২২১ কোটি টকা৷ ৰাকেশ ঝুনঝুনৱালাক ভাৰতীয় শ্বেয়াৰ বজাৰৰ ৱাৰেন বাফেট বুলিও কোৱা হৈছিল৷ ১৯৮৫ চনত মাত্ৰ ৫০০০ টকা বিনিয়োগ কৰি তেওঁ শ্বেয়াৰ বজাৰত ভৰি থৈছিল৷ মৃত্যুৰ সময়লৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৪১,০০০ কোটি টকাৰো অধিক হৈছিল৷ সাত দিন পূৰ্বে তেওঁ যোৱা সাত আগষ্টত দুখন বিমানেৰে আকাশ এয়াৰ নামৰ বিমান পৰিবহন সংস্থাৰ শুভাৰম্ভণি কৰিছিল৷ সেইদিনা মুম্বাইৰ পৰা তেওঁৰ গৃহচহৰ হায়দৰাবাদলৈ প্ৰথমবাৰৰ বাবে উৰিছিল আকাশ এয়াৰৰ বিমান৷ কমদিনৰ ভিতৰতে প্ৰতিমাহে এখনকৈ আৰু অহা ৬৮ মাহত তেওঁ ৭০খন বিমান আকাশত উৰুওৱাৰ পৰিকল্পনা কৰিছিল৷ আকাশ এয়াৰ সৰ্বসাধাৰণৰ বাবে মূল্যৰ দিশৰ পৰা সহজলভ্য হ’ব বুলি ঘোষণা কৰিছিল৷ মধ্যবিত্ত পৰিয়ালৰ পৰা আহি এটা প্ৰজন্মতে ইমান সাফল্য আৰু সম্পদৰ গৰাকী হোৱা ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰিছে৷