Logo
image

ডেস্ক-বেঞ্চ কিনিব প্ৰাক্তন ছাত্ৰই! সৰ্বশিক্ষাৰ নিৰ্দেশত হতবাক ৰাজ্য

আমাৰ অসম, ১৬ আগষ্টঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ডেস্ক-বেঞ্চ কিনিব লাগিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে৷– শেহতীয়াকৈ সমগ্ৰ শিক্ষা [পূৰ্বৰ সৰ্বশিক্ষা] অভিযানৰ এনেধৰণৰ এটা নিৰ্দেশনা দেখি হতবাক হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ সকলোৱেই কোৱা-কুই কৰিছে– ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজনীয় ডেক্স-বেঞ্চ, বিজুলী পাংখা, পানী ফিল্টাৰ আদি ক্ৰয়ৰ বাবেও ধন নাই নেকি ৰাজ্য চৰকাৰৰ? সংবিধানপ্ৰদত্ত শিক্ষাৰ অধিকাৰক লৈ চৰকাৰে হাত এৰি হেতালি খেলিছে নেকি? উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশে কেন্দ্ৰীয় আঁচনি বিদ্যাঞ্জলিৰ দোহাই দি এনেদৰে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ বাবে প্ৰাক্তন ছাত্ৰ, ব্যক্তি-সংগঠন, এনজিঅ’ কৰ্পৰেট আদিৰ পৰা মুকলিকৈ চান্দা, দান বৰঙণি বিচাৰিছে৷ জিলা উপায়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে উল্লেখ কৰিছে যে সম্প্ৰতি ৰাজ্যৰ ৩১,৩৫৩খন প্ৰাথমিক বিদ্যালয় আৰু ৪০৪০খন মাধ্যমিক বিদ্যালয়ৰ বাবে ২,০৫,৪৬৪খন বিজুলী পাংখাৰ [চিলিং ফেন] প্ৰয়োজন হৈছে৷ সেয়েহে ভাৰত চৰকাৰে মুকলি কৰা বিদ্যালয়স্থলী পৰ্টেলৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনী, বেচৰকাৰী অনুষ্ঠান, ব্যক্তি বিশেষ, বিশেষজ্ঞ আদিয়ে মুক্তভাৱে নিজৰ সেৱা অনুদান হিচাপে দানবৰঙণি আগবঢ়োৱাটো নিশ্চিত কৰিব লাগে  আৰু ইয়াৰ দায়িত্ব জিলা উপায়ুক্ত সকলে ল’ব লাগে৷ সৰ্বশিক্ষাৰ মিছন সঞ্চালকালয়ৰ এই পত্ৰৰ পাছতে কেইবাজনো জিলাৰ সমগ্ৰ শিক্ষাৰে মিছন সঞ্চালক তথা বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয়ৰ প্ৰধানসকললৈ পত্ৰ লিখি বিদ্যালয়ৰ প্ৰাথমিক সা-সুবিধা যেনে বৈদ্যুতিক বিচনি, ডেক্স-বেঞ্চ, ফিলটাৰ আদি প্ৰাক্তন ছাত্ৰ, ব্যক্তি, এনজিঅ’, কৰ্পৰেট আদিৰ পৰা দান বৰঙণি হিচাপে সংগ্ৰহৰ বাবে জাননী জাৰি কৰিছে৷ প্ৰত্যেকখন বিদ্যালয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন গঠন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰা ডেক্স-বেঞ্চ, বিজুলী পাংখা ভিক্ষা কৰা কাৰ্যৰ লগতে চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত বিজ্ঞান অংকৰ শিক্ষাদান, প্ৰতিখন জিলাত ৫-১০ খনকৈ চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন, চৰকাৰী মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাহত তিনিশ টকাৰ মাচুল আৰোপ আদি কাৰ্যৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম ছাত্ৰ সন্থা তথা ৰাইজৰ দলকে ধৰি বিভিন্ন দল-সংগঠন৷ এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল ভট্টাচাৰ্যই এনেদৰে কয়– ‘চৰকাৰে কৈছে যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ডেক্স, বেঞ্চ আদি ল’ব লাগে৷ প্ৰথম কথা হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ নিজে পঢ়া বিদ্যালয়খনৰ প্ৰতি মৰম আৰু দায়বদ্ধতা থাকেই৷ কিন্তু চৰকাৰে যিহেতু ডেক্স-বেঞ্চ আৰু চিলিং ফেন বিচাৰিবলগীয়া হৈছে, তাৰ পৰাই এইটো কথা প্ৰমাণ হৈছে যে চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰী সা-সুবিধাৰে আকৰ্ষণীয় কৰি তোলাত চৰকাৰ ব্যৰ্থ হৈছে৷ চৰকাৰৰ কাম হৈছে মাতৃভাষাৰ মাধ্যমৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ ফলপ্ৰসূ ব্যৱস্থা লোৱা৷ তাৰেই প্ৰথম কামটোৱেই হৈছে বিদ্যালয়ৰ শ্ৰেণী কোঠাকে ধৰি আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা– যাতে শিক্ষকসকলে পাঠদান কৰি আনন্দ পায়, ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহিবলৈ আকৰ্ষণ অনুভৱ কৰে৷ সেয়েহে চৰকাৰে নিজৰ কৰণীয়খিনি কৰি নিজৰ দক্ষতা প্ৰকাশ কৰক৷ আদৰ্শ বিদ্যালয়ৰ চৰকাৰী ধাৰণাৰ সৈতে আমাৰ ধাৰণা একে নহয়৷ যিবোৰ চৰকাৰী বিদ্যালয়ে সগৌৰৱেৰে ২৫ বছৰ, ৭৫ বছৰ বা এশ বছৰ অতিক্ৰম কৰিছে এনে বিদ্যালয়সমূহকহে চৰকাৰে আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিব লাগে৷ যিবোৰ বিদ্যালয় জাতীয় শ্বহীদ বা বৰণ্য ব্যক্তিৰ নামত প্ৰতিষ্ঠিত তেনে বিদ্যালয়কহে আদৰ্শ বিদ্যালয় হিচাপে ৰূপান্তৰ লাগে৷ চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত তিনিটা স্তৰত আক্ৰমণ আৰম্ভ কৰিছে৷ প্ৰথম হৈছে ডাঙৰ জিলাত দহখন, সৰু জিলাত পাঁচখনকৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত সমান্তৰালভাৱে ইংৰাজী মাধ্যম চলাব বিচাৰিছে৷ দ্বিতীয় আক্ৰমণটো হৈছে প্ৰতিটো সমষ্টিত ভাল চৰকাৰী মাধ্যমৰ একোখনকৈ বিদ্যালয়ক ইংৰাজী মাধ্যমৰ চিবিএছইৰ আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিব বিচাৰিছে৷ তৃতীয় আক্ৰমণ হৈছে– তেওঁলোকে আদৰ্শ বিদ্যালয়ৰ সংগঠন খুলি ১২৬টা সমষ্টিতে ১২৬খন বিদ্যালয় ইংৰাজী মাধ্যমত আৰু চিবিএছইৰ অধীনত প্ৰতিষ্ঠা কৰিব খুজিছে৷ এই তিনিটা কথাই মাতৃভাষাৰ মাধ্যমক ধবংসৰ মুখলৈ ঠেলি দিব আৰু ৰাজ্যিক ব’ৰ্ডবিলাকক মাধমাৰ শোধাব৷ চৰকাৰৰ এই গোটেই সিদ্ধান্তবোৰেই হৈছে অদূৰদৰ্শী, অযুক্তিসংগত আৰু অবিজ্ঞানসন্মত৷’ ইফালে একেই প্ৰসংগত এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কাৰ্যকৰী সভাপতিদ্বয় কৱীন্দ্ৰ চেতীয়া ফুকন আৰুভাস্কো ডি শইকীয়াই কয় যে গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰ এখনত শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰক মৌলিক অধিকাৰৰূপে গণ্য কৰা হয়৷ সেয়েহে সকলো গণতান্ত্ৰিক চৰকাৰে ইয়াৰ নাগৰিকৰ বাবে শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰক স্বীকৃতি দি বিনামূলীয়া স্বাস্থ্য সেৱা আৰু বিনামূলীয়া শিক্ষা সেৱা বাধ্যতামূলক কৰাটো প্ৰয়োজন৷ কিন্তু শেহতীয়াকৈ দেখা গৈছে যে নতুন শিক্ষানীতি, ২০২০ ৰ অধীনত সমগ্ৰ ভাৰতত বিজেপি-আৰএছএছৰ চৰকাৰে আৰু বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনে অসমৰ চৰকাৰী শিক্ষাখণ্ডত ভয়ংকৰ জনগণবিৰোধী সিদ্ধান্ত কিছুমান লৈ শিক্ষাৰ সংকোচন আৰু ব্যক্তিগতকৰণত নামি পৰিছে৷ অতি শেহতীয়াকৈ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ মডেল স্কুল স্থাপন কৰি এই মডেল স্কুল চিবিএছচিৰ অধীনলৈ নি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাহে তিনিশ টকাকৈ মাচুল আৰোপ কৰি ভাৰতৰ সংবিধান আৰু শিক্ষাৰ অধিকাৰ আইনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে৷ সেয়েহে ৰাইজৰ দলে চৰকাৰৰ অন্যান্য জনগণবিৰোধী শিক্ষানীতিৰ দৰে মডেল স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অবৈধভাৱে জাপি দিব খোজা তিনিশ টকাৰ মাচুল নীতি পৰিহাৰ কৰিবলৈ দাবী জনাইছে৷ যি চৰকাৰে জনগণক বিনামূলীয়া চাউল, ‘অৰুণোদয়’ৰ দৰেই নগদ ধন বিতৰণ কৰা আঁচনি আৰু ছাত্ৰ-ছাত্ৰীক স্কুটি, লেপটপ আদি দিয়াৰ আঁচনি গ্ৰহণ কৰিব পাৰে সেই চৰকাৰে শিক্ষাৰ অধিকাৰ খবৰ্ কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাহেকীয়া মাচুল জাপি দিয়াটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰি৷