Logo
image

ঋষভ-উৰ্বশীৰ প্ৰেম-ৰোমাঞ্চে খলকনি তুলিছে ছ’চিয়েল মিডিয়াত

বিনোদন জগতৰ তাৰকা আৰু ক্ৰিকেট তাৰকাৰ  সম্পৰ্ক আজিৰ কথা নহয়৷ ক্ৰিকেটাৰ- অভিনেত্ৰীৰ সম্পৰ্কক লৈ বহু গল্প-গুজব শুনা যায়৷ শৰ্মিলা ঠাকুৰ-মনচুৰ আলী খান পাটাউদি, জিনত আমন-ইমৰান খান, ভিভ-নীনা, দেৱশ্ৰী ৰায়-সন্দীপ পাটিল, সংগীতা-আজহাৰ, অমৃতা-ৰবি শাস্ত্ৰী, কপিল-সাৰিকা, অঞ্জু মহেন্দ্ৰ-গেৰী চোবাৰ্ছ আদিৰ প্ৰেম পৰ্বই বাইছগজত খলকনি তুলিছিল৷ যাক আখ্যা দিয়া হৈছিল ‘ল’কাৰ ৰূম গুজব’ হিচাপে৷ ক্ৰিকেটাৰ অভিনেত্ৰীৰ সুখী দাম্পত্য জীৱনৰ উদাহৰণ অনেক৷ ইয়াৰ ভিতৰত দেশৰ আটাইতকৈ জনপ্ৰিয় যুটী হ’ল বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা৷ শেহতীয়াকৈ এগৰাকী অভিনেত্ৰী আৰু ক্ৰিকেট তাৰকা এজনৰ মাজত মধুৰ সম্পৰ্কই খেলপথাৰৰ ভিতৰে-বাহিৰে গুঞ্জন সৃষ্টি কৰিছে৷ সেই গুঞ্জনত ঘিঁউ ঢালিছে স্বয়ং অভিনেত্ৰী গৰাকীয়ে নিজেই৷ ক্ৰিকেট বিশ্বৰ নতুন চেনচেশ্যন ঋষভ পণ্ট আৰু অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ প্ৰেম-ৰামাঞ্চে খলকনি তুলিছে ছ’চিয়েল মিডিয়াত৷ সম্প্ৰতি ক্ৰিকেট তাৰকা আৰ পি অৰ্থাৎ ঋষভ পণ্ট আৰু অভিনেত্ৰী উৰ্বশী ৰাওটেলাৰ সম্পৰ্কই খেল দুনিয়াত এক গৰম বতাহৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে উৰ্বশীয়ে বাৰাণসীত শ্বুটিঙত ব্যস্ত থাকোতে মিষ্টাৰ আৰ পি গৈ তেওঁক হোটেলত দেখা কৰিছিল বুলি উৰ্বশীয়ে ছ’চিয়েল মিডিয়াত প’ষ্ট দিয়ে৷ অভিনেত্ৰী-মডেলগৰাকীয়ে কিছুদিন ধৰি ঋষভৰ সৈতে ডেটিং কৰাৰ কথা ৰাজহুৱা কৰে৷ উৰ্বশীৰ ভাষ্যমতে দিল্লীৰ এখন হোটেলত এজনে তেওঁৰ কাৰণে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিছিল৷ উৰ্বশীয়ে কাৰো নাম নোলোৱাকৈ তেওঁৰ নামটো আৰ পি [ঋষভ পণ্ট] বুলি সম্বোধন কৰিছিল৷ ইয়াৰ পৰা বুজা যায় যে ব্যক্তিজন ঋষভৰ বাহিৰে আন কোনো নহয়৷ ইতিমধ্যে উৰ্বশীয়ে পণ্টক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত কিছুমান পোষ্ট দিছিল৷ ইফালে পণ্টে এই কথা অগ্ৰাহ্য কৰি লিখিছে যে মানুহে জনপ্ৰিয়তা পাবৰ কাৰণে আৰু শিৰোনামত থকাৰ বাবে কি যে নকৰে, তাক দেখি বৰ কষ্ট হয়৷ পণ্টে হেজটেগ কৰি লিখিছে– ‘মেৰা পিছা ছোড়ো বেহেন৷’ এইদৰে দুয়োৰে মাজত কিছুদিন ধৰি এখন শীতল যুদ্ধ চলি আছে৷ দুয়ো প্ৰেমৰ বৰষুণৰ মাজত বাৰুকৈয়ে তিতিছে৷ উৰ্বশীয়ে ঋষভক চাপৰ বুলি খোঁচা মাৰি লিখিছে– ‘ছোট ভাইয়া, বৰৰৰ বেট বল খেলা উচিত৷’ মুঠতে বাইছ গজৰ ভিতৰে-বাহিৰে এতিয়া ঋষভ-উৰ্বশীক লৈ ব্যাপক চৰ্চা৷