Logo
image

প্ৰেমিকা সুস্মিতাক লৈ প্ৰমোদ ভ্ৰমণ পলাতক ললিত মোদীৰ

প্ৰাক্তন বিশ্বব্ৰহ্মাণ্ড সুন্দৰী তথা বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন পুনৰ প্ৰেমত পৰিছে৷ ৪৬ বছৰীয়া ব্ৰহ্মাণ্ড সুন্দৰী এইবাৰ প্ৰেমত পৰিছে  ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আইপিএল] প্ৰতিষ্ঠাতা তথা চৰকাৰে পলাতক ঘোষণা কৰা ললিত মোদীৰ৷ শেহতীয়াকৈ দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ছবি ললিত মোদীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰি দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে৷ জীৱনৰ ব্যক্তিগত বিষয় এটা ৰাজহুৱা কৰি ৫৫ বছৰীয়া ললিত মোদীয়ে টুইটাৰযোগে সুস্মিতাক নিজৰ ‘বেটাৰ হাফ’ বুলি উল্লেখ কৰিছে৷ লগতে মালদ্বীপত ডেটিঙৰ ফটোও শ্বেয়াৰ কৰে৷ সুস্মিতা সেন আৰু ললিত মোদীৰ প্ৰেম কাহিনী ৰাজহুৱা হয় ১৪ জুলাইত৷ লগে লগে মিডিয়াৰ ‘হট কেক’ হৈ পৰে সুস্মিতা-ললিতৰ প্ৰেম-পৰ্ব৷ প্ৰকৃততে সুস্মিতা বছৰেকত এবাৰ মালদ্বীপ ভ্ৰমণত যায়৷ এইবাৰ সুস্মিতাৰ মালদ্বীপ ট্ৰিপ খবৰ হৈ পৰে আই পি এলৰ চেয়াৰমেন তথা পলাতক ব্যৱসায়ী ললিত মোদীৰ যোগেদি৷ চৰ্বিত চৰ্বন হ’লেও ক’বই লাগিব সুস্মিতা-ললিতৰ প্ৰেম কাহিনী পোহৰলৈ অহাত ৰীতিমতে দেশজুৰি অসমুদ্ৰ -হিমালয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ দুই এক নিন্দুকে সুস্মিতাক কটাক্ষ কৰিলে– ‘টকাৰ লোভতে বয়সীয়া ধনকুবেৰ ললিতৰ সৈতে প্ৰেম৷’ প্ৰকাশিত বাতৰি মতে দুই তোলনীয়া সন্তান ৰেন আৰু আলিছাৰ মাতৃ সুস্মিতা সেন ৪৬ বছৰ বয়সতো অবিবাহিত৷ দীৰ্ঘদিনৰ [৩ বছৰ] প্ৰেমিক ৰেহমান তেওঁৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পাছত নিজৰ মতেই জীৱন অতিবাহিত কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে৷ ক’ভিড বৰ্ষৰ শেষৰ ফালে মডেল ৰেহমান আঁতৰি যায় সুস্মিতাৰ জীৱনৰ পৰা৷ প্ৰেম- ৰোমঞ্চৰ ষ্টেডিয়ামত বহুবাৰ তিতিছে যদিও বিয়াত বহা নাই অভিনেত্ৰীগৰাকী৷ অৱশ্যে ললিতৰ সৈতে অগ্নিক সাক্ষী কৰি শীঘ্ৰে সাতপাক ঘূৰিব বুলি সুস্মিতাৰ ভূ-ৰখা মহলে মত ব্যক্ত কৰিছে৷ ৫০০ কোটি টকাৰ গৰাকী ললিত মোদীৰ ধন-ঐশ্বৰ্যৰ ওচৰত যেন আত্মসমৰ্পণ কৰিছে  প্ৰাক্তন মিছ ইউভাৰ্ছে৷ প্ৰেমৰ ওচৰত আত্মসমৰ্পণ কৰা বুলিও চৰ্চিত হৈছে৷ মালদ্বীপত প্ৰেমিক ললিতৰ সৈতে প্ৰমোদ তৰীত প্ৰমোদ ভ্ৰমণ, নীল সাগৰৰ অটল গহ্বৰৰ পৰা যেন জলপৰীৰ দৰে মণি-মুকুতা বুটলি আনিছে সুস্মিতা সেনে৷ ইফালে সুস্মিতাই ‘ফাডাৰ ডে’ উপলক্ষে পিতৃ সুবীৰ সেন, মাতৃ আৰু দুই পালিত সন্তান ৰণ-আলিছাক লগত লৈ মালদ্বীপ ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰে৷ তেওঁ ললিতৰ সৈতে ডেটিঙৰ ছবি শ্বেয়াৰ কৰা নাই৷ নীল সাগৰৰ মাজৰ মালদ্বীপত স্কুৰা ড্ৰাইভিং, বিশেষ চুইম শ্বুট, মাস্ক পিন্ধি, পিঠিত অক্সিজেনৰ ছিলিণ্ডাৰ লৈ সাগৰীয় যাদুকৰী প্ৰাণীৰ সৈতে সাঁতোৰা, তোলনীয় সন্তান আলিছাই সাহসেৰে ষ্টিংগে মাছক চুমা খোৱা, ৰিফ ছাৰ্কৰ সৈতে ফটো প’জ দিয়া ফটোহে শ্বেয়াৰ কৰিছে সুস্মিতাই৷ ব্ৰহ্মাণ্ড সুন্দৰীৰো আছে এক সুকীয়া লাইফ ষ্টাইল৷দুই সন্তানক লৈ মুম্বাইৰ এক বিলাসী এপাৰ্টমেণ্টত থাকে সুস্মিতা৷ তেওঁৰ মাহিলী আয় প্ৰায় ৬০ লাখ টকা৷ সম্পত্তিৰ পৰিমাণ হ’ল ৭৪ কোটি টকা৷ জীৱনত প্ৰেম বহুবাৰ  হৈছে বা বহু পুৰুষ তেওঁৰ জীৱনলৈ আহিছে যদিও ৪৬টা বসন্ততো তেওঁ অবিবাহিতা৷ ইফালে ৫৬ বছৰীয়া মোদীয়ে ১৯৯১ চনত মৃণাল ছাগ্ৰনিক বিবাহ কৰাই যদিও ২০১৮ চনত কেন্সাৰত আক্ৰান্ত হৈ পত্নীৰ মৃত্যু হয়৷ মোদীৰ দ্বিতীয় ইনিংছত সফল হয়নে নহয় সেয়া সময়েহে ক’ব৷