Logo
image

অনিল আম্বানিৰ পত্নীৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছিল সঞ্জয় দত্তৰ

বলীউডৰ অন্যতম বিতৰ্কিত অভিনেতাজনেই হ’ল ‘মুন্নাভাই’খ্যাত সঞ্জয় দত্ত৷ ড্ৰাগ্‌ আসক্তিৰ পৰা আৰম্ভ কৰি আণ্ডাৰ ৱল্ডৰ্ৰ ডনৰ সৈতে সম্পৰ্ক, মাৰণাস্ত্ৰ সৰবৰাহ ইত্যাদি বে-আইনী কাৰ্যৰ বাবে জে’ললৈও গৈছে বলীউডৰ ‘বেডবয়’খ্যাত সঞ্জুবাবা৷ অভিনয়ৰ ক্ষেত্ৰত সুখ্যাতি আছে যদিও বে-আইনী কাৰ্যকলাপ তথা প্ৰেমৰ বাবেও এইজন অভিনেতাৰ বেছ কুখ্যাতি আছে৷ ৰেখা, মাধুৰীকে ধৰি একাধিক বলীউডৰ অভিনেত্ৰীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল৷ একালৰ আম্বানিৰ পত্নীও তেওঁৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল৷ শুনি আচৰিত হ’ব যে এটা সময়ত আম্বানি পৰিয়ালৰ বোৱাৰী টিনা আম্বানিৰ কাৰণে একপ্ৰকাৰে পাগল আছিল সঞ্জুবাবা৷ সেইদৰে টিনাও সঞ্জয় দত্তৰ প্ৰেমত পৰিছিল৷ টিনা মুনিম এসময়ত বলীউডত সুপৰিচিত আছিল৷ বলীউডৰ অনেক অভিনেতাৰ সৈতে টিনাই কাম কৰিছিল৷ সঞ্জয় দত্তৰ সৈতেও অনেক ছবিত অভিনয় কৰিছে টিনাই৷ কোৱা বাহুল্য, এটা সময়ত সঞ্জয়-টিনা যুটীক দৰ্শকে বেছ পছন্দ কৰিছিল৷ দুয়োৰে ৰীল লাইফৰ প্ৰেম ৰিয়েল লাইফটো শিপাইছিল৷ এসময়ত দুয়ো হাতত ধৰা-ধৰিকৈ ঘূৰি ফুৰিছিল৷ সেই সময়ত সঞ্জয়-টিনা হৈ পৰিছিল বলীউডৰ গৰম বতাহ৷ বলীউডত গুজব উঠিছিল যে দুয়ো শীঘ্ৰে বিবাহত আৱদ্ধ হ’ব৷ টিনা-সঞ্জয়ক লৈ বলীউডৰ বহু পানী ঘোলা হ’ল যদিও এই প্ৰেম সম্পৰ্ক শুভ পৰিণয়ত পৰিণত নহ’ল৷  হঠাতে যেন পট পৰিৱৰ্তন হ’ল৷ টিনাই সঞ্জয় দত্তৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ অমান্তি হ’ল৷ প্ৰকৃততে সঞ্জুবাবাৰ কু-কীৰ্তিখিনি টিনাই শেহতীয়াকৈ জানিব পাৰিছিল৷ ধীৰে ধীৰে সঞ্জয়ৰ স্বৰূপ পোহৰলৈ  অহাত টিনা তেওঁৰ কাষৰ পৰা আঁতৰি যায়৷ পৰৱৰ্তী সময়ত টিনা দেশৰ বিখ্যাত ব্যৱসায়ী- উদ্যোগপতি তথা ধনকুবেৰ অনিল আম্বানিৰ সৈতে বিবাহত আৱদ্ধ হয়৷ ইফালে বিৰহ-বেদনাত জৰ্জৰিত সঞ্জুবাবাই মান্যতা দত্তক বিবাহ কৰায়৷ বলীউডৰ প্ৰথম শ্ৰেণীৰ তাৰকাসকলৰ ভিতৰত অন্যতম এই সঞ্জয় দত্ত৷ অভিনয় কেৰিয়াৰত তেওঁ বহুতো হিট ছবি দৰ্শকক উপহাৰ দিছে৷ অভিনয় সুবাদতে তেওঁৰ জনপ্ৰিয়তা কম নহয়৷ কিন্তু তেওঁৰ কুকীৰ্তিয়ে কেতিয়াব অভিনয়ৰ সুকীৰ্তিক ম্লান কৰি পেলায়৷