Logo
image

ৰূপালী ঘোঁৰাৰ পিঠিত বিয়ন্স

‘বিয়ন্স গ্ৰিছেলী’ যাৰ দেহ মনত যাদু, আছে কণ্ঠতো যাদু৷ যাৰ যৌৱন যেন একুৰা জুই৷ বিয়ন্সৰ অনুৰাগীসকলে তেওঁক এনেকৈয়ে ‘জুই’ বুলিয়ে ভাবে৷ একাধিকবাৰ গ্ৰেমী বিজয়ী, আইকনিক পপ সংগীতৰ গায়িকাৰ নতুন মিউজিক ভিডিঅ’ৰ প্ৰচ্ছদ প্ৰকাশ হওতেই চৰ্চিত হৈ পৰিছে বিয়ন্স৷ স্ফটিকৰ ঘোঁৰাৰ পিঠিত দেখা গৈছে অনাবৃত পপ সংগীতৰ ৰাণীক৷ মায়াবী প্ৰচ্ছদেৰে বিয়ন্সৰ সদ্য মুক্তিপ্ৰাপ্ত এলবামৰ নাম ৰখা হৈছে ‘ৰেণেছাৰ্ছ’৷ ৰূপালী ঘোঁৰাৰ পিঠিত বহি আছে অনাবৃত পপ গায়িকা৷ ‘ৰেণেছাৰ্ছ হ’ল বিয়ন্সৰ সপ্তমটো এলবাম৷ স্ফটিকৰ ঘোঁৰা লৈ দেহে-মনে যাদু লৈ বিয়ন্স আহিছে গ্ৰীষ্ম কালতো নেটিজেনৰ মস্তিস্কত উষ্ণতা দিবলৈ৷