Logo
image

বিশাল বাইক ৰেলীৰে আদৰণি, দীঘল দি পৰি সেৱা নয়নমণিৰ

আমাৰ অসম, ১৭ আগষ্টঃ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি লন বল প্ৰতিযোগিতাত সোণৰ পদক লাভেৰে সমগ্ৰ দেশৰ লগতে অসম তথা গৃহভূমি সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণজয়ী অসমকন্যা নয়নমণি শইকীয়াক গৃহভূমি সৰুপথাৰত গোলাঘাট জিলা প্ৰশাসন,ধনশিৰি মহকুমা প্ৰশাসন, ক্ৰীড়া সন্থাকে ধৰি  বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনোৱাৰ লগতে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে, বাৰ্মিংহামৰ কমনৱেলথ গেমছত অসমকন্যা নয়নমণি শইকীয়াই সোণৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছত বাৰ্মিংহামৰ পৰা দিল্লী হৈ নিজ মাতৃভূমি অসমলৈ মাত্ৰ এটা দিনৰ বাবে আহিছিল আৰু সেই দিনটোতে অসম চৰকাৰে গুৱাহাটীত স্বৰ্ণজয়ী নয়নমণিক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল৷ অসমত এটা দিন কটোৱাৰ পাছত পিছদিনাই পুনৰ নয়নমণি দিল্লীলৈ বুলি ৰাওনা হৈছিল৷ অসমকন্যা নয়নমণিয়ে লন বলত স্বৰ্ণপদক  জয়ৰ পাছত পোনপ্ৰথমবাৰৰ বাবে নিজ গৃহভূমি সৰুপথাৰত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ ধনশিৰি মহকুমাতে এক আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি হয়৷ ইফালে স্বৰ্ণজয়ী অসমকন্যা নয়নমণিক আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনাবলৈ আজি গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সৰুপথাৰত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ নিজ গৃহভূমি সৰুপথাৰলৈ আহি থকা নয়নমণিক আজি দুপৰীয়াৰ ভাগত ধনশিৰি মহকুমাৰ বৰপথাৰ শিলনিজান পকী দলঙৰ সমীপৰ পৰা ৰাইজে এক বিশাল বাইক ৰেলীৰে আদৰি আনে৷ ইয়াৰ পাছতে গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাই সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত জিলা প্ৰশাসন,ধনশিৰি মহকুমা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাই সম্বৰ্ধনা জনোৱাৰ লগতে মহকুমাটোৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে অসমকন্যাগৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে৷ নয়নমণিয়ে দীঘল দি পৰি ৰাইজক সেৱা জনায়৷ উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নয়নমণিৰ স্বামী ভাস্কৰ জ্যোতি গোহাঁই, কন্যা তনয়া গোহাঁই, শাহুমা জ্যোৎস্না ফুকন আৰু নয়নমণিৰ ভাতৃকো সম্বৰ্ধনা জনায়৷ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাই আঁত ধৰা অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আদৰণি ভাষণ আগবঢ়ায়৷ অনুষ্ঠানত গোলাঘাট জিলা প্ৰশাসনৰ হৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিনচেংফা বৰুৱা, জিলা ক্ৰীড়া বিষয়া,ধনশিৰি মহকুমা আৰক্ষী বিষয়া ট্ৰিনয়ন ভূঞা, চক্ৰ বিষয়া হেমাংগ নবিছ, বড়ো কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী,বিজেপি গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য মাধুৰ্য শইকীয়া, ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পৰমা লাহন,সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মণিপ্ৰভা বৰা আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ স্বৰ্ণজয়ী নয়নমণিয়ে ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে মই আজি ভাবিব নোৱৰা ধৰণে সুখী অনুভৱ কৰিছোঁ যিহেতু মই আজি সৰুপথাৰৰ গৃহভূমিত পদাৰ্পণ কৰাৰ লগে লগে আপোনালোকে মোক যিধৰণে মৰম-সম্বৰ্ধনাৰে উপচাই পেলাইছে তাক মই ভাষাৰে বুজাব নোৱাৰোঁ৷ সকলোলৈকে বহুত বহুত ধন্যবাদ বুলি উল্লেখ কৰে নয়নমণিয়ে৷ অসমকন্যাগৰাকীক সম্বৰ্ধনা জনোৱাৰ পাছত প্ৰশাসনৰ লোক আৰু ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন দল-সংগঠনে নয়নমণিৰ সৰুপথাৰৰ টেঙাবাৰিস্থিত পিতৃ-মাতৃৰ গৃহলৈ আদৰি লৈ যায় আৰু তাতো বিভিন্ন দল-সংগঠনৰ লগতে গাঁওবাসীয়ে সম্বৰ্ধনা জনায়৷ কমনৱেলথ গেমছত সোণৰ পদক জয় কৰি পোন প্ৰথমবাৰৰ বাবে নিজ পিতৃ-মাতৃৰ ঘৰত উপস্থিত হ’বলৈ পাই নিজকে বহুত সুখী অনুভৱ কৰে অসমকন্যাগৰাকীয়ে৷ নয়নমণিয়ে কিছুসময় ধৰি পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য লোকৰ লগত সময় কটাই পুনৰ নয়নমণিক সৰুপথাৰ টেঙাহোলা গাঁৱৰ স্বামীগৃহলৈ ৰাইজে আদৰি লৈ আহে৷ জানিব পৰা মতে, নয়নমণি আজি টেঙাহোলাৰ স্বামীগৃহত ৰাতিটো কটাই কাইলৈ পুৱাই গুৱাহাটীলৈ যাব আৰু পৰহিলৈ অসমকন্যাগৰাকী মুম্বাইলৈ এক বিশেষ প্লেনেৰে ৰাওনা হ’ব৷ মূলতঃ কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক জয় কৰি বিশ্বৰ দৰবাৰত নাম উজ্জ্বলোৱা নয়নমণিক সৰুপথাৰত আদৰণি  আৰু সম্বৰ্ধনা জনাবলৈ পাই আনন্দত উৎফুল্ল হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সমগ্ৰ ধনশিৰিবাসী ৰাইজ৷

নয়নমণিক আদৰণি নুমলীগড় শোধনাগাৰৰ

কমনৱেলথ গেমছ লন বলত সুদীৰ্ঘ ২২টা বছৰ পাছত সোণৰ পদক আজুৰি আনি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ভাৰতীয় মহিলা দলৰ ৪জনীয়া দলটোৰ ভিতৰৰ অসম মহিলা খেলুৱৈ নয়নমণি শইকীয়া আজি নুমলীগড় শোধনাগাৰৰ ৰিভাৰভিউ অতিথিশালাত নিশা কটায়৷ সোমবাৰে নিশা প্ৰায় ২ বজাত উপস্থিত হয় খেলুৱৈগৰাকী৷ বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত অংশগ্ৰহণ কৰি প্ৰথমবাৰলৈ ঘৰলৈ যোৱা পথত নিশা কটায় নুমলীগড় শোধনাগাৰ ৰিভাৰভিউ অতিথিশালাত৷ ইফালে স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক বৰপথৰৰ বাসগৃহত আদৰিবলৈ ব্যাপক আয়োজন ইতিমধ্যে আৰম্ভ হৈছে৷ ভাৰতীয় দলৰ পৰা অসমৰ নয়নমণি শইকীয়া আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা লভলী চৌবে, ৰূপা ৰাণী আৰু পিংকিৰ দলটোৱেও সোণৰ পদক অৰ্জন কৰি আনিবলৈ সক্ষম হয়৷ মূলতে ব্ৰিটিছ এম্পায়াৰ খেল নামেৰে জনাজাত ইংলেণ্ডৰ লন বল খেলখনত এইবাৰ ভাৰতৰ প্ৰতিদ্বন্দ্বী আছিল দক্ষিণ আফ্ৰিকা৷ সাধাৰণতে ইংলেণ্ডৰ দলে ভাল ফল দেখুওৱা খেলখনত এইবাৰ সুদীৰ্ঘ ২২ বছৰ পাছত প্ৰথমবাৰলৈ ভাৰতীয় দলে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে৷