Logo
image

বৰ্ণাঢ্য স্বাধীনতা দিৱসৰ পিছ মুহূৰ্ততে ‘কা’ৰ ক’লীয়া ডাৱৰ

গুৱাহাটীসহ ৭ চহৰত আজি ‘কা’বিৰোধী বিক্ষোভ

যোৱাবাৰৰ দৰে হোৱাটো আমি বিচৰা নাইঃ জিপি সিং

আমাৰ অসম, ১৭ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে অসমতো অতি জাক-জমকতাৰে তিনিদিন ধৰি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালনৰ পিছত বুধবাৰৰ পৰা আৰম্ভ হ’ব ‘কা’ বিৰোধী আন্দোলন৷ ইয়াৰ পূৰ্বে ২০১৯ চনৰ শেষৰ পিনে সমগ্ৰ ৰাজ্যতে আৰম্ভ হোৱা ‘কা’ বিৰোধী আন্দোলন ২০২০ চনৰ আৰম্ভণিলৈ চলিছিল৷ কিন্তু ক’ভিড জনিত পৰিস্থিতিৰ বাবে সেই সময়ত বিভিন্ন দল-সংগঠনে সাময়িকভাৱে স্থগিত ৰাখে ‘কা’ বিৰোধী আন্দোলনৰ কাৰ্যসূচী৷ প্ৰথম পৰ্যায়ৰ এই আন্দোলনত আৰক্ষীৰ গুলীত পাঁচজনকৈ যুৱক শ্বহীদ হয়৷ কটন বিশ্ববিদ্যালয়ৰ সন্মিলিত ছাত্ৰ সমাজ, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিভিন্ন জনগোষ্ঠীয় দল-সংগঠন, নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ, বিশিষ্ট বুদ্ধিজীৱি, শিল্পী-সাহিত্যিক, সাংবাদিক আদিৰ উদ্যোগত ‘কা’ৰ বিৰুদ্ধে ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোক স্বতস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছিল৷ গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছিল এই ‘কা’ বিৰোধী আন্দোলনে৷ ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনাখন অসম সচিবালয়ৰ সন্মুখত হোৱা ‘কা’ বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ পৰ্যন্ত বাতিল হৈছিল এই আন্দোলনৰ ফলত৷ কিন্তু এই গণ প্ৰতিবাদ চলি থকাৰ মাজতে ৰাজ্যসভাত ‘কা’ৰ সমৰ্থনত ভোট দিছিল অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদৰ একমাত্ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই৷ ইয়াৰ পূৰ্বে লোকসভাত গৃহীত হৈছিল এই জাতি বিধবংসী আইনখন৷ কিন্তু ক’ভিডকালীন পৰিস্থিতিৰ ফলত সামৰিকভাৱে স্থগিত থকা ‘কা’ বিৰোধী আন্দোলনৰ দ্বিতীয় পৰ্যায় ঘোষণা কৰিছে ‘নেছ’ই৷ উল্লেখ্য যে পূৰ্বতে কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰবলভাৱে চলিছিল ‘কা’ বিৰোধী আন্দোলন৷ উত্তৰ-পূৰ্বাঞ্চলত ছাত্ৰ সংগঠন [নেছ]ৰ উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ ‘কা’ বিৰোধী আন্দোলন ঘোষণা কৰি কয়–উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন [নেছ]ৰ আহ্বানত ১৭ আগষ্টত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি ‘কা’ বাতিল, জেহাদী, মৌলবাদীক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা, উত্তৰ পূৰ্বাঞ্চলৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান, অসম চুক্তি ৰূপায়ণ, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধান, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধান, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ, ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক বিশেষ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, অসম চুক্তিৰ ৬ নং দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্ছস্তৰীয় কমিটীৰ পৰামৰ্শ মৰ্মে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, অসমৰ বানপানী, গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে সমাধান কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত ইনাৰলাই পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক মকৰলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক সামৰি সুকীয়া নিয়োগ মণ্ডল সৃষ্টি কৰা আৰু অৰুণাচল প্ৰদেশৰ চাকমা হাজং শৰণাৰ্থী সমস্যাৰ স্থায়ী সমাধানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানী চহৰত এই বিক্ষোভ কৰা হ’ব৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মহানগৰীত এই বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ উত্তৰ-পূৰ্বাঞ্চলত খাছি ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাই মেঘালয়ৰ ৰাজধানী শ্বিলঙত নগা ছাত্ৰ ফেডাৰেশ্বনে নগালেণ্ডৰ কোহিমাত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই অৰুণাচল প্ৰদেশৰ ইটানগৰত, সদৌ মণিপুৰ ছাত্ৰ সন্থাই মণিপুৰৰ ইম্ফলত, মিজো জিৰলাই পলে মিজোৰামৰ আইজলত, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্বনে ত্ৰিপুৰাৰ আগৰতলাত এই বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰিব৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলত ছাত্ৰ সংগঠন [নেছ’]ৰ অধ্যক্ষ চেমুৱেল জেৱৰা, সম্পাদক প্ৰধান চিনাম প্ৰকাশ সিং আৰু উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই এই বিষয়ত কয়–উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব৷ উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব৷ উত্তৰ-পূৰ্বাঞ্চলৰ অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, ডাষ্টবিন নহয়৷ নেছ’ৰ দাবী পূৰণ নোহোৱালৈকে উত্তৰ-পূৰ্বাঞ্চলল জুৰি অহিংস, শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকিব৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়–নেছ’ৰ আহ্বানত ‘কা’ বাতিল, মৌলবাদীক উচ্ছেদ, অসম চুক্তি ৰূপায়নেৰে অসমৰ জলন্ত বিদেশী সমস্যা সমাধান, সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধান, অসমৰ বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান  আৰু আন আন সমস্যা সমাধানৰ বাবে উত্তৰ-পূৰ্বাঞ্চল জুৰি আহ্বান জনোৱা আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাবে অসমতো সদৌ অসম ছাত্ৰ সন্থাই ১৭ আগষ্টত গুৱাহাটী মহানগৰীত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷ ‘নেছ’এ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে উত্থাপন কৰা দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকিব সকিয়াই দিয়ে৷ আনহাতে ‘নেছ’ই পুনৰ ‘কা’ বিৰোধী আন্দোলন ঘোষণা কৰাৰ পিছতে এই ক্ষেত্ৰত অধিক কোঠৰ হৈ পৰিছে অসম আৰক্ষী৷ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান [আইন শৃংখলা] জি পি সিঙে আন্দোলনকাৰীক কঠোৰভাৱে সকীয়াই দি কয়–‘আমি সম্পূৰ্ণভাৱে সাজু হৈ আছো এই আন্দোলনৰ ক্ষেত্ৰত৷ কিন্তু এতিয়া উন্নয়নৰ সময়৷ আমি ৰাজ্যখনক বহুত আগুৱাই নিব লাগে৷ যোৱাবাৰ ‘কা’ আন্দোলনৰ সময়ত যিটো ঘটি গ’ল সেয়া সকলোৱে দেখিছে৷ তেনে ঘটনা আকৌ হোৱাটো বিচৰা নাই৷ শান্তিপূৰ্ণভাৱে ৰাজ্যৰ উন্নয়নৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে৷ আমি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে৷’ উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত ‘কা’ বিৰোধী আন্দোলনক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই সময়ত ‘নিয়া’ত ডেপুটেশ্বনত থকা জি পি সিং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত নিশাটোৰ ভিতৰতে অসমলৈ উভতি আহিছিল৷ সোণোৱাল মন্ত্ৰীসভাত বিত্ত আদি বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে নতুন দিল্লীৰ সংসদ ভৱনৰ কাৰ্যালয়ত কক্ষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে অমিত শ্বাহে জি পি সিঙক অসমলৈ গৈ পৰিস্থিতি সম্ভালিবলৈ নিৰ্দেশ দিছিল৷ নেছৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থায়ো ১৭ আগষ্টত পুনৰ ‘কা’বিৰোধী আন্দোলন ঘোষণা কৰিছে যদিও এইপৰ্যন্ত গুৱাহাটী মহানগৰীত হ’বলগীয়া বিক্ষোভ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে অনুমতি দিয়া নাই আৰক্ষী-প্ৰশাসনে৷ আনহাতে, ইয়াৰ পূৰ্বে ‘কা’বিৰোধী আন্দোলনত অন্যতম সক্ৰিয় ভূমিকা গ্ৰহণ কৰা তথা এই আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া গায়ক জুবিন গাৰ্গে ‘নেছ’ৰ আন্দোলন কাৰ্যসূচীক ৰহস্যজনকভাৱে কটাক্ষ কৰি কয়– ‘কা’ আৰম্ভ কৰিব মানে কি? ‘কা’ চিৰিয়েল নে কি? ‘কা’ৰ চিৰিয়েল বনাইছে নেকি যে ১৮ তাৰিখৰ পৰা আৰম্ভ হ’ব, ২২ তাৰিখে শেষ হ’ব৷ জুবিন গাৰ্গৰ এই স্থিতিক প্ৰশংসা কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইজ ওজাই কয়– জুবিন গাৰ্গে বহু সুন্দৰ কথা হৈছে৷ ৰাইজে ‘কা’ আন্দোলন নিবিচাৰে৷