Logo
image

মনোজ কুমাৰ গোস্বামীলৈ অমৃত প্ৰৱাহ সাংবাদিকতা বঁটা

আমাৰ অসম, ১৭ আগষ্টঃ ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ‘অমৃত প্ৰবাহ সাংবাদিকতা বঁটা’৷ সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ কটন এলামনাই প্ৰেক্ষাগৃহত আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, অমৃত নিউজ আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ উদ্যোগত ২০২২ বৰ্ষৰ ‘অমৃত প্ৰবাহ সাংবাদিকতা বঁটা’ মনোজ কুমাৰ গোস্বামীক প্ৰদান কৰা হয়৷ আন্তৰ্জাতিক খেলুৱৈ তথা প্ৰেছ ক্লাব, অসমৰ সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ স্মৰণ কৰাৰ লগতে বন্তি প্ৰজ্বলন, মাল্যৰ্পণেৰে সভা শুভাৰম্ভ হয়৷ মনোজ কুমাৰ গোস্বামী বিশেষ কাৰণত অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাত তেওঁৰ হৈ পত্নী মৌচুমী গোস্বামীয়ে বঁটা গ্ৰহণ কৰে৷ একেটা অনুষ্ঠানতে ২০২২ বৰ্ষৰ ‘আদৰ্শ জননী বঁটা’ কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিংৰাৰ সমাজকৰ্মী সুৰভী কলিতালৈ আগবঢ়োৱা হয়৷ বঁটা প্ৰদান কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, শিক্ষাবিদ তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড॰ দয়ানন্দ পাঠক, অসম লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্ৰাই, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া দেৱজ্যোতি হাজৰিকা, ড॰ সূৰ্য হাজৰিকা, অমৃত নিউজৰ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাই৷ দুয়োগৰাকী বঁটাপ্ৰাপকক ফুলাম গামোচা, জাপি, অংগবস্ত্ৰ, মানপত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়৷ অমৃত প্ৰবাহ কাকতৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে কাকতখনৰ বিশেষ সংখ্যা উন্মোচন কৰে তথ্য আৰু জনসংযোগৰ সচিব নীৰা গগৈ সোণোৱালে আৰু সহযোগ কৰে ৰাজেশ কেম্প্ৰাই, দেৱজ্যোতি হাজৰিকা, ড॰ দয়ানন্দ পাঠক, কৈলাস শৰ্মা, অমৰ কাশ্যপ আৰু হীৰেন চন্দ্ৰ কলিতাই৷ সভাত সৰুপথাৰ সমষ্টিৰ বিশিষ্ট যুৱ সমাজকৰ্মী জীৱন চুতীয়াৰ উপৰি কেইবাজনো বিশিষ্ট লোকক সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিৰূপে বিশেষ সন্মান প্ৰদান কৰে৷ অনুষ্ঠানৰ অন্যতম উদ্যোক্তা তথা অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃণালিনী দেৱীয়ে লণ্ডনৰ পৰা ভাৰ্চুৱেলী বক্তব্য প্ৰদান কৰে৷ দৰ্শনা বৰুৱাই আঁত ধৰা অনুষ্ঠানত কেইবাজনো ব্যক্তিক আদৰণি জনোৱাৰ লগতে জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে বুলি সম্পাদক কুমুদ বড়োৱে প্ৰকাশ কৰিছে৷