Logo
image

বিজেপি কি সঁচাকৈয়ে ‘ৱাশ্বিং মেচিন’ত পৰিণত

আমাৰ অসম, ১৭ আগষ্টঃ পবিত্ৰ গংগাত স্নান কৰি পাপ মোচন হোৱাৰ বিশ্বাসৰ দৰেই যেন বিজেপিত যোগদান কৰিলেও হাজাৰ অপৰাধ মাফ হৈ যোৱাৰ উদাহৰণ অনেক৷ ৱাশ্বিং মেচিনত লেতেৰা কাপোৰ সোমোৱাই দিলে যিদৰে চাফা হৈ পৰে, ঠিক তেনেদৰে কোনো ব্যক্তি বিজেপিৰ সদস্য হ’লেই সকলো অপৰাধৰ পৰা যেন মুক্ত হৈ পৰে৷ অৰ্থাৎ অপ্ৰিয় হ’লেও সত্য যে বিজেপিত শৰণ লোৱা মানে সাত খুন মাফ৷ কিয়নো ইতিপূৰ্বে বিজেপি দলত একাংশ দাগী অপৰাধীয়ে যোগদান কৰাৰ পাছতেই আইনী তদন্ত আপোনা-আপুনি স্থবিৰ হৈ পৰাৰ বহু উদাহৰণ আছে৷ কোটি কোটি টকাৰ কেলেংকাৰিত নাম সাঙুৰ খাই থকা পূৰ্বৰ কংগ্ৰেছী মন্ত্ৰী-বিধায়কো বিভিন্নজন বিজেপিত যোগদান কৰা দেখা গৈছিল৷ তদুপৰি সাধাৰণ চুৰি-ডকাইতি গোচৰৰ অভিযুক্তৰ পৰা আৰম্ভ কৰি আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা অভিযুক্তইও বিজেপিত যোগদান কৰি দোষমুক্ত হোৱাৰ উদাহৰণ আছে৷ বিজেপি দলৰ এই মহিমাৰ বাবেই দলটোত যোগদানৰ বাবে সাজু হৈছে অসম আৰক্ষীয়ে বিচাৰি ফুৰা এটা হাইপ্ৰ’ফাইল প্ৰৱঞ্চকে৷ স্মাৰ্ট অসম আৰক্ষীৰ চকুত ধূলি দি মাহৰ পাছত মাহ ধৰি আত্মগোপন কৰি থাকিবলৈ সক্ষম হোৱা হাই প্ৰফাইল প্ৰৱঞ্চক মৃদুপৱন নেওগে বিজেপিত যোগদানৰ প্ৰস্তুতিৰ কথা সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছে৷ এক কথাত বিজেপিত যোগদান কৰি দোষমুক্ত হোৱাৰ পৰিকল্পনাৰে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত সদস্যপদ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে প্ৰৱঞ্চকৰূপী মৃদুপৱনে৷ মৃদুপৱনে নিজৰ ফেচবুক একাউণ্টত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোযুক্ত এখন বেনাৰত নিজৰ ফটো সংলগ্ন কৰি লিখিছে–‘ৰাষ্ট্ৰীয় ৰাজনীতিলৈ মাজত মাত্ৰ এটা খোজ, কেৱল আনুষ্ঠানিকতাহে বাকী, অথচ বিজেপিত যোগদান কৰি গোচৰৰ পৰা ৰেহাই পাব বিচৰা প্ৰৱঞ্চক মৃদুপৱন বৰ্তমানো অসম আৰক্ষীৰ বাবে পলাতক অভিযুক্ত৷ অৱশ্যে মৃদুপৱন নেওগে বিজেপিত যোগদানৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মৃদুপৱন আহিব নে নাই নাজানো, কিন্তু ছেপ্টেম্বৰত বিশাল যোগদান হ’ব বুলিহে কৌশলপূৰ্ণ মন্তব্য কৰে৷ এই সন্দৰ্ভত ৰাজ্যিক সভাপতি কলিতাই কয়–মৃদুপৱন নেওগ বিজেপিত যোগদানৰ সন্দৰ্ভত মই অৱগত নহয়৷ তৃণমূলত সক্ৰিয় নহ’লে যোগদান কৰিব নোৱাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত৷ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত বিজেপি দলত মহাযোগদান চলিব৷ বিৰোধীৰ বহু নেতাই এই কাৰ্যসূচীত বিজেপিত যোগদান কৰিব৷ কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্য আমাৰ নহয়৷ গণতান্ত্ৰিক দেশত বিৰোধী থকাতো প্ৰয়োজন৷ সাংসদ-বিধায়কৰ পৰা বহু দলীয় নেতাই বিজেপিত যোগদান কৰিব৷ ইফালে কাৰাগাৰৰ পৰা মুক্তি পোৱা এমাহ নৌহওতেই প্ৰৱঞ্চনা গোচৰত অভিযুক্ত এগৰাকী আৰক্ষী বিষয়াৰ চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বন প্ৰত্যাহাৰ কৰাক লৈ চৰ্চা চলিছে৷ কাৰাগাৰৰ পৰা জামিনত মুকলি হোৱাৰ অন্তত পুনৰ খাকী পোছাকত দেখা গ’ল বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভাক৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰ্তব্য পালনত দেখা গ’ল মহিলা আৰক্ষী বিষয়াগৰাকীক৷ শেহতীয়াকৈ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চাকৰিৰ পৰাও নিলম্বন কৰা হৈছিল৷ কিন্তু জামিনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই পুনৰ চাকৰিত যোগদান কৰিছে এছ আই জোনমণি ৰাভাই৷ পুনৰ নগাঁৱতে যোগদানৰ সুযোগ লাভ কৰি কৰ্তব্য পালনত ব্যস্ত হৈ পৰিছে বিতৰ্কত সাঙোৰ খাই পৰা এছ আই জোনমণি ৰাভা৷ অৱশ্যে নিলম্বন হোৱা আৰক্ষী বিষয়াসকলৰ নিলম্বন প্ৰত্যাহাৰত বহু সময় লাগে যদিও জোনমণি ৰাভাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে চৰকাৰে নিলম্বন প্ৰত্যাহাৰ কৰা আৰু একেখন জিলাত যোগদান কৰাৰ কাৰ্যক লৈ বিভিন্নজনে প্ৰশ্ন কৰাও দেখা গৈছে৷