Logo
image

লাল সিঙৰ পাছত টাৰ্গেট শ্বাহৰুখৰ ছবি

আমাৰ অসম, ১৭ আগষ্টঃ এজন চৰকাৰৰ ঘোষিত  সমৰ্থক আৰু আনজন অঘোষিত বিৰোধী৷ ঘোষিত সমৰ্থক অক্ষয় কুমাৰ আৰু অঘোষিত বিৰোধী আমিৰ খানৰ একোখনকৈ ছবিয়ে একেলগে মুক্তি পালে৷ ঘোষিত সমৰ্থক অক্ষয় কুমাৰৰ অসংখ্য ভক্ত৷ কেৱল ছবি কৰাৰ বাবেই নহয়, মুক্তভাৱে নৰেন্দ্ৰ মোদী আৰু আৰু তেওঁৰ চৰকাৰক সমৰ্থন কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছৰ তেওঁ অতি প্ৰিয় অভিনেতা৷ ফলত অক্ষয় কুমাৰৰ দেশজুৰি অসংখ্য অনুৰাগী আৰু ভক্ত আছে৷ পিছে সেই কোটি কোটি ভক্তয়ো ৰক্ষা কৰিব নোৱাৰিলে তেওঁৰ নৱ মুক্তিপ্ৰাপ্ত ছবি ৰক্ষা বন্ধনক৷ ৰক্ষা বন্ধনৰ সৈতে সংগতি ৰাখি মুক্তি দিয়া হৈছিল তেওঁৰ ছবিখন৷ মুক্তিৰ পূৰ্বেই ৩৫ হাজাৰ টিকট অগ্ৰিম বুক কৰা হৈছিল৷ সেয়ে ধাৰণা কৰা হৈছিল প্ৰথম সপ্তাহতে ছুপাৰ-ডুপাৰ হিট হ’ব ৰক্ষা বন্ধন৷ পিছে বক্স অফিচত মুখ থেকেচা খাই পৰিল অক্ষয় কুমাৰৰ এই ছবি৷ বিজেপি-আৰ এছ এছৰ দেশজুৰি থকা কোটি কোটি সদস্যৰ অৰ্ধেকৰো অৰ্ধেকে ছবিখন চোৱাহ’লে বক্স অফিচত ৰক্ষা বন্ধন ছুপাৰ হিট হ’লহেঁতেন৷ পিছে প্ৰধানমন্ত্ৰীৰ প্ৰিয় বলীউডৰ এই অভিনেতাজনৰ ছবিখনৰ পিনে চৰকাৰ কোনো ভক্তই মুখকে নুঘুৰালে৷ অক্ষয় কুমাৰৰ পূৰ্বৰ ছবিৰ অনুৰাগী যিহেতু লাহে লাহে কমি আহিছে সেয়ে তেওঁলোকেও ছবি ঘৰৰ ফালে মুখ নকৰিলে৷ ফলত ফ্লপ মাৰিলে চৰকাৰৰ ঘোষিত সমৰ্থক অক্ষয় কুমাৰৰ ৰক্ষা বন্ধনে৷ দ্বিতীয় দিনৰ পৰাই ছবিখনৰ দৰ্শকৰ ছবি সলনি হৈ পৰে৷ সপ্তাহৰ অন্তত ৰক্ষা বন্ধনৰ সংগ্ৰহ হৈছিল ৬ কোটি টকা৷ ১৫ আগষ্ট পৰ্যন্ত আৰু ৫০ লাখ সংগ্ৰহ কৰিছে ৰক্ষা বন্ধনে৷ এসপ্তাহ অতিক্ৰম কৰাৰ পাছত এতিয়া ৰক্ষা বন্ধন যে বক্স অফিচত ফ্লপ হ’ল সেয়া নিশ্চিত হৈ পৰিল৷ ইয়াৰ বিপৰীতে মোদী চৰকাৰৰ অঘোষিত বিৰোধী আৰু গেৰুৱা দলৰ পৰা বৰ্জনৰ আহ্বান জনোৱা আমিৰ খানৰ লাল সিং চাড্ডা নামৰ ছবিখন মৰো মৰোকৈ বাচি উঠিছে৷ বৰ্জনৰ কৱলত পৰি দৰ্শকে ছবি ঘৰত লাল সিং চাড্ডা চাবলৈ যাবলৈ সাহস কৰিব পৰা নাই৷ ইমান প্ৰতিকূলতা সত্ত্বেও আমিৰ খানৰ এই ছবিয়ে প্ত দিনত বক্স অফিচত ৪৬.২৫ কোটি টকা সংগ্ৰহ কৰিছে৷ অৰ্থাৎ ৭০ কোটি টকাৰে নিৰ্মাণ হোৱা আমিৰ খানৰ ছবিয়ে লাভৰ মুখ নেদেখিলেও কোনোমতে প্ৰযোজকৰ খৰচ হোৱা ধন ঘুৰাই আনিব পাৰিব৷ আমিৰ খানৰ ছবিৰ বিৰুদ্ধে ইতিমধ্যে এফ আই আৰ ৰুজু হৈছে৷ অদ্বৈত চন্দনক কাৰাগাৰত ভৰোৱাৰ ভাবুকি দি আহিছে৷ এনে পৰিস্থিতিত আমিৰ খানৰ ছবিখনে বাজেটৰ অৰ্ধেকতকৈ ধন ৫ দিনত যোগাৰ কৰাটো সফলতা বুলিয়েই ভাবিছে চিত্ৰ সমালোচকে৷ অৱশ্যে সমালোচকে এই কথা ক’বলৈ দ্বিধাবোধ কৰা নাই, যে আমিৰ খানে নিজৰ সুনাম অনুসৰি এই ছবিখনৰ ফল লাভ কৰা নাই৷ কিয়নো দীৰ্ঘ সময় বিৰতি লৈ আমিৰ খানে একোখনকৈ ছবি নিৰ্মাণ কৰে আৰু ছবিয়ে বক্স অফিচত সফলতাও লাভ কৰে৷ সেই দিশৰ পৰা লাল সিং চাড্ডা ব্যৰ্থ বুলিয়েই অভিমত দিছে চিত্ৰ সমালোচকে৷ এই ছবিখন হলীউডৰ বিখ্যাত ‘ফৰেষ্ট গাম্প’ নামৰ ছবিখনৰ অৱলম্বনত ভাৰতীয় পটভূমিত নিৰ্মাণ কৰা হৈছে৷ 

ইপিনে আমিৰ খানৰ দৰে শ্বাহৰুখ খানৰ মুক্তি পাবলগীয়া পাঠান নামৰ ছবিখনক বৰ্জনৰ আহ্বান জনাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ধৰ্মগুৰু সাধু দেৱনাথে৷ সনাতনী হিন্দুসকলক এই ছবিখন নাচাবলৈ আহ্বান জনাইছে আদিত্যনাথৰ গুৰুৱে৷ ছবিখনৰ বিৰুদ্ধে তেওঁ ইতিমধ্যে গোচৰো তুলিছে৷ আদিত্যনাথৰ গুৰুৰ মতে যি অভিনেতাই ভাৰতীয় ভক্ত বা সমৰ্থকৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা লাভ কৰে আৰু সীমাহীন সম্পত্তি সংগ্ৰহ কৰে, সেই অভিনেতাই যেতিয়া ভাৰতীয় আৰু ভাৰতীয় মূল্যবোধ তথা ধৰ্মক গালি পাৰে, তেনে অভিনেতাৰ ছবি বৰ্জন কৰা উচিত৷ শ্বাহৰুখ খানৰ পাঠান ছবিখন সেয়ে সাধু দেৱনাথে বৰ্জনৰ আহ্বান জনাইছে৷ এই আহ্বানৰ ফলত তেওঁক হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে আদিত্যনাথৰ গুৰুৱে৷ অভিযোগকাৰী চেলিম আলী শ্বাহৰুখ খনৰ জনসংযোগ দলৰ সদস্য বুলিও দেৱনাথে অভিযোগ কৰিছে৷ মুক্তি পোৱাৰ পাছত শ্বাহৰুখ খানৰ পাঠান আমিৰ খানৰ লাল সিং চাড্ডাৰ দৰেই হয় নে বক্স অফিচত হিট হয় সেয়া দুই এসপ্তাহৰ ভিতৰতে নিশ্চিত হৈ পৰিব৷