
অগপৰ বিজেপিত আত্মজাহ আৰু নতুন আঞ্চলিক শক্তিৰ উত্থান
অসম আন্দোলনৰ পটভূমিত গঠন হোৱা সেই সময়ৰ অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে অসমবাসীলৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল৷ নতুন আঞ্চলিকতাবাদী ৰাজনীতিৰ ওপৰত অসমীয়া মানুহৰ প্ৰচুৰ আস্থা জন্মিছিল ৷ নতুন দলটোক অসমৰ সৰ্বস্তৰৰ ৰাইজে সমানে আঁকোৱালি লৈছিল আৰু সেই বিশ্বাসতে সু দিনৰ আশাত তেওঁলোকৰ হাতত ৰাজ্যৰ শাসন ভাৰ অৰ্পণ কৰিছিল ৷
২০১৬ চনত বিজেপিৰে মিত্ৰতা হোৱাৰ পাছৰ পৰা অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে যেন ক্ৰমাগতভাবে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাই পেলাইছে৷ দুবাৰকৈ শাসনৰ বাঘজৰী খামুচি ধৰিবলৈ সক্ষম হোৱা দলটোৱে ৰাষ্ট্ৰীয়তাবাদী দলৰ নীতি-আদৰ্শকে সৰোগত কৰি নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ কৰা আপ্ৰাণ চেষ্টাই প্ৰকৃততে দলটোৰ বৰ্তমানৰ অন্তঃসাৰশূন্যতাকে সূচায় ৷ ক্ৰমান্নয়ে যেন অসম গণ পৰিষদ দলটোৱে ৰাইজৰ আস্থা আৰু বিশ্বাসযোগ্যতাও হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে৷ তথাপি জাতীয় আবেগ থকা বহু অসমীয়াই অসমত এক আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা তাহানিৰে পৰা কৰি আহিছে৷
দীঘলীয়া গৃহ কণ্ডলত জৰ্জৰিত অসম গণ পৰিষদে পূৰ্বৰ হেৰুৱা গৰিমা ঘূৰাই পোৱাৰ একমাত্ৰ সুযোগটো লাভ কৰিছিল ‘কা’ আন্দোলনৰ সময়ত৷ অগপৰ মিত্ৰ দল বিজেপিয়ে যেতিয়া অসমত ‘কা’ আইন প্ৰণয়ৰ বাবে উঠি পৰি লাগিছিল সেই সময়ত স্বকীয়তা হেৰুৱাবলৈ উপক্ৰম হোৱা নিঃসহায় অসমীয়াই আঞ্চলিক দলটোৰ পৰা এক সাহসী ভূমিকা আশা কৰিছিল৷ মিত্ৰ দলক বিৰোধিতা কৰি অসম গণ পৰিষদে অঞ্চলিকতাবাদৰ জয় গান গোৱাটো প্ৰায় সকলো অসমীয়াই সেই সময়ত হৃদয়ৰ পৰা বিচাৰিছিল৷ যদিও প্ৰথম অৱস্থাত দলটোৱে বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ সিদ্ধান্ত লৈ তিনিজন মন্ত্ৰীয়ে মিত্ৰ দলৰ চৰকাৰৰ পৰা পদত্যাগ কৰিছিল, পিছৰ পৰ্যায়ত কিন্তু অতি নাটকীয়ভাবে দলটোৱে বিজেপি চৰকাৰৰ জাতিবিৰোধী সিদ্ধান্তকে খামুচি ধৰি অসমীয়া ৰাইজৰ আশা আকাংক্ষাক চৰম উপেক্ষা কৰাই নহয়, ক্ষমতা হেৰুৱাৰ ভয়ত শেষৰফালে বিজেপিৰ স্বজাতি বিৰোধী নীতিক সমৰ্থন কৰাহে দেখা গল৷ আঞ্চলিক দলটোৰ শীৰ্ষ নেতৃত্বৰ সেই আঁকোৰগোজ মনোভাৱক অসমৰ ৰাইজে মুঠেই সহজভাবে লব নোৱাৰিলে৷ ফলস্বৰূপে ভৱিষ্যতে সম্পূৰ্ণভাবে ৰাইজৰ আস্থা হেৰুৱাৰ ভয় আৰু দলৰ শীৰ্ষ নেতাসকলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত ৰখাৰ অৰ্থে অসম গণ পৰিষদ দলটো বিজেপিৰ আৰু বেছি কাষ চাপি যাবলৈহে সুবিধা পালে আৰু ৰাষ্ট্ৰীয় দলৰ নীতি আদৰ্শকে নিজৰ নীতি আদৰ্শ বুলিও বহু নেতাই মানি ললে৷ দলৰ মজিয়াতে আৰম্ভ হল নানান বিদ্বেষ৷ সেইবোৰ দেখি শুনি অন্ততঃ বৰ্তমান অসম গণ পৰিষদ দলটো যে বিজেপিত জাহ গল সেয়া বুজিবলৈ অসমৰ ৰাইজৰো বৰ বেছি সময় নালাগিল৷
একমাত্ৰ আঞ্চলিক দলটোৱে ‘কা’ আন্দোলনৰ সময়ত কৰা প্ৰতাৰণা, ৰাজ্যৰ প্ৰতি বিজেপি চৰকাৰৰ বৈষম্যমুলক কাম-কাজৰ লগতে অসমত বিজেপিৰ ‘কা’ আইন প্ৰণয়ন, শাসনৰ নামত চলাই যোৱা দমন নীতি, চৰকাৰৰ মইমতালি ৰোধ আৰু ‘কা’ আন্দোলনৰ মূল লক্ষ্যত উপনীত হোৱাৰ পটভূমিত অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে জাতীয় আবেগ থকা অসমীয়া মানুহখিনিৰ মাজত নতুন আঞ্চলিক ৰাজনৈতিক শক্তি এটাৰ চিন্তা চৰ্চা চলিবলৈ ধৰিলে ৷ সেইবোৰৰ ভিতৰত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সগ্ৰাম সমিতিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিলে৷ অসমৰ এচাম বুদ্ধিজীৱী, শিল্পী, কলা কুশলীয়েই এইক্ষেত্ৰত সমৰ্থন আগবঢ়ালে ৷ ইতিমধ্যে অসমত কা আন্দোলনো তীব্ৰতৰ হৈ উঠিছিল৷ এইখিনি সময়তে অন্য এটা ঘটনাই পুনৰ এবাৰ অসমীয়াৰ আৱেগক জোকাৰি গল৷ আছু , জা যূ ছা প আদিকে ধৰি ‘কা’ আন্দোলনত মুখ্য ভূমিকা পালন কৰা বহু সুবিধাবাদী নেতাই বিজেপি দলত যোগদান কৰি অসমীয়াৰ জাতীয় আৱেগত আকৌ এবাৰ আঘাত হনাই নহয় জাতিটোক প্ৰবঞ্ছনা কৰাৰ লগতে নিজৰ জাতীয় অস্তিত্বকো জলাঞ্জলি দিলে৷ অসমৰ বহু শিল্পী আৰু কুশলীয়েও বিজেপিৰ লগতে অন্য ৰাজনৈতিক দলত যোগ দি পুনৰ অসমীয়া মানুহৰ বিশ্বাস ভংগ কৰিলে৷ এনেবোৰ সৰু-বৰ ঘটনা ঘটাৰ পাছতো ৰাষ্ট্ৰীয়তাবাদৰ হেঁচাত জাতীয়তাবাদ নিঃশেষ হৈ নোযোৱাৰ ফলস্বৰূপে অসমৰ বৃহৎ জাতীয় সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি , আছু আৰু অ জা যূ ছা পৰ উদ্যোগত অসমৰ অন্যান্য জাতীয় সংগঠনসমূহৰ সহযোগিতাৰে জন্ম লাভ কৰিলে নতুন অঞ্চলিকতাবাদী ৰাজনৈতিক দল ‘ৰাইজৰ দল’ আৰু ‘অসম জাতীয় পৰিষদ’ ৷ পৃথকে পৃথকে জন্ম লাভ কৰিলেও দুয়োটা দলৰে মূল উদ্দেশ্য হ’ল ‘কা’ আইন প্ৰণয়নেৰে অসমীয়াৰ অস্তিত্ব বিনষ্ট কৰিব বিচৰা বিজেপি দলক অসমৰ পৰা উৎখাত আৰু অসমত নতুন ৰাজনৈতিক অঞ্চলিক শক্তিৰ উত্থান ঘটোৱা৷
অতীজৰে পৰা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বহুতো ৰাজনৈতিক নেতা জন্ম দিয়া জাতীয় সংগঠন বিশেষকৈ আছু আৰু অ জা যূ ছা পৰ নতুন ৰাজনৈতিক দলে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ৷ পিছ পৰি নাথাকিল কৃষক মুক্তিৰ ৰাইজৰ দলো৷ অসমৰ অঞ্চলিকতাবাদত বিশ্বাসী মানুহখিনিৰ মাজত এটা নতুন আশাৰ সঞ্চাৰ হৈছে৷ যদিও দুয়োটা দলে বেলেগে বেলেগে তৃণমূল পৰ্য্যায়ত ৰাজনৈতিক কাম-কাজ আৰম্ভ কৰিছে, তথাপি অসমৰ সৰহভাগ জাতীয় আৱেগ আৰু অঞ্চলিকতাবাদী চিন্তা-চৰ্চা থকা ৰাইজে দুয়োটা দল এক হৈ কাম কৰাটোহে বিচাৰিছে৷ এক কথাত ক’বলৈ গ’লে দুয়োটা দলৰ সন্মিলিত শক্তিয়েহে বিজেপিৰ দৰে এটা চতুৰ ৰাষ্ট্ৰীয় দলক প্ৰতিহত কৰিব পাৰিব বুলি ৰাইজৰ বিশ্বাস৷ তদুপৰি নৱগঠিত আঞ্চলিক দল দুটাই অসমৰ গাঁৱে-ভূঁয়ে গৈ তেওঁলোকৰ হাতত অসমৰ ভৱিষ্যত কিদৰে সুৰক্ষিত আৰু বিজেপিৰ হাতত কিদৰে অসুৰক্ষিত সেইবোৰ কথা বুজাই ক’ব পাৰিব লাগিব৷ ৰাষ্ট্ৰীয় দলটোৰ কাম-কাজে ভৱিষ্যতে অসমক কিদৰে অপকাৰ কৰিব, সেয়া সাধাৰণ ৰাইজক সহজ-সৰল ভাষাত বুজাই কবলৈ নতুন দল সমৰ্থ হব লাগিব৷ ইয়াৰ লগতে বিজেপি দলৰ কুটিল ৰাজনৈতিক সমীকৰণ বুজি পাবলৈ হলে দুয়ো দলে সন্মিলিত শক্তিৰে আগবাঢ়িব নোৱাৰিলে ইমান সহজে লক্ষ্যত উপনীত হব বুলি ভাবিব নোৱাৰি৷ কেৱল মাত্ৰ ‘কা’ আইনৰ গইনা লৈ দল দুটাই ৰাজনীতিৰ পথাৰত নামিম বুলি ভাবিলে ভুল কৰা হব৷ ইয়াৰ উপৰি ৰাজ্যত বহু এনেকুৱা কথাও আছে যিবোৰ কথা বিজেপি চৰকাৰে নানা হ্ৰস্বম্যাদী আৰু শ্ৰেণীভেদ থকা চৰকাৰী আঁচনিৰে জনসাধাৰণক আভুৱা-ভাঁৰি ৰাখিছে৷ এইবোৰ কথাত নতুন দলে চকু দিয়া নিতান্তই প্ৰয়োজন৷ বৰ্তমানৰ চৰকাৰে তল পেলাবলৈ চেষ্টা কৰা সমস্যাবোৰৰ লগতে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা আদি কথাবোৰ যদি ৰাইজক সহজ-সৰল ভাষাত বুজাই ক’বলৈ অসমৰ্থ হয়, তেন্তে অনাগত দিনত সন্মিলিত হলেও দুয়ো দলে ভাল ফলাফল দেখুৱাব পাৰিব বুলি মনে নধৰে৷