Logo
image

ভাদৰ সংক্ৰান্তি, নামঘৰত ব্যস্ত হ’ল আইসকল

আমাৰ অসম, ১৮ আগষ্টঃ আজিৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ ভাদ মাহ৷ আকাশে বতাহে মুখৰিত হ’ব হৰিনামৰ ধবনি৷ পৱিত্ৰ ভাদ মাহ উপলক্ষে সজাই পৰাই তোলা হৈছে নামঘৰ, সত্ৰ, থানসমূহ৷ ইফালে ৰাজ্যৰ সৰু বৰ নামঘৰত মাহজোৰা নাম প্ৰসংগ, ভাগৱত পাঠৰ আয়োজন কৰা হৈছে৷ এই পৱিত্ৰ ভাদ মাহতে গুৰু দুজনাৰ তিথি আৰু জগতৰ সৃষ্টিকৰ্তা শ্ৰীকৃষ্ণৰ জন্মষ্টমী উলহ মালহেৰে পালনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে৷ পৱিত্ৰ ভাদ মাহ উপলক্ষে যোৰহাট টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে প্ৰাত: প্ৰসংগ, নাম প্ৰসংগ, ভাগৱত পাঠৰ আয়োজন কৰা হৈছে৷ গোলাঘাটৰ শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত দৈনিক দুখনকৈ শৰাই আগবঢ়োৱা হ’ব৷ কাইলৈৰ পৰা মাহজোৰা কাৰ্যসূচীৰে বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে হৰি নাম-কীত্তনৰে মাজেৰে ঈশ্বৰৰ উপাসনা কৰিব৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাটো বুধবাৰে শাওন ভাদৰ সংক্ৰান্তি উপলক্ষে এক উখল-মাখল ধৰ্মীয় সাংস্কৃতিক পৰিবেশৰ সূচনা হয়৷ বটদ্ৰৱাৰ ঐতিহ্যময় দুই সত্ৰৰ ভকত বৈষ্ণৱ আৰু আইমাতৃসকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহাক জীপাল কৰি তুলিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ বটদ্ৰৱা থানলৈ আগমন ঘটিব দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে শ শ ভকত বৈষ্ণৱৰ৷ বিগত বছৰৰ দৰে এইবাৰো পৰম্পৰাৰ আধাৰত ভাদ মাহৰ নাম প্ৰসঙ্গ চলাবলৈ আগবাঢ়িছে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি৷ বটদ্ৰৱা থানত পবিত্ৰ ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সৰোগত কৰি অনুষ্ঠিত হ’বলগীয়া ওঁঠৰ প্ৰসঙ্গৰ প্ৰথমটো কাৰ্যসূচী পুৱতি নিশা তালকোবোৱাৰে আৰম্ভ হৈ নিশা শেষপাল প্ৰসঙ্গৰে সামৰণি পৰিব৷ আনহাতে ১৯ আগষ্টত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ অনুষ্ঠিত হ’ব৷ ইফালে উজনি অসমৰ লগতে মধ্য অসম তথা নামনি অসমতো পৱিত্ৰ ভাদমাহ, গুৰুদুজনাৰ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে৷ বৰপেটাৰ কীৰ্তন ঘৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুদুজনাৰ তিথিৰ আয়োজন কৰা হৈছে৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত পৱিত্ৰ ভাদ মাহ উপলক্ষে নাম প্ৰসংগ, আইসকলৰ নাম, বাপসকলৰ ভাগৱত পাঠৰ আয়োজন কৰা হৈছে৷ সেইদৰে গুৰুদুজনাৰ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে৷ ইফালে ইস্কন গুৱাহাটীৰ উদ্যোগত উলুবাৰীস্থিত মন্দিৰ প্ৰাংগণত ১৯ আৰু ২০ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, হৰেকৃষ্ণ মুভমেণ্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ-গুৱাহাটীস্থিত মন্দিৰ প্ৰাংগণত ১৮ আগষ্টৰ পৰা ২০ আগষ্টলৈ চাৰিদিনিয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে৷ অসম হিন্দু পৰিষদ, গুৱাহাটীৰ উদ্যোগত জু-ৰোড নবীন নগৰস্থিত সনাতন ধৰ্মসভাত ১৯ আগষ্টত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে৷ উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিগত দুবছৰ ধৰি ক’ভিড পৰিস্থিতিৰ বাবে কেৱল পৰম্পৰা ৰক্ষা কৰি সিমিত ভক্তৰে ভাদ মাহৰ নাম কীৰ্তন কৰা হৈছিল যদিও এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পৱিত্ৰ ভাদমাহ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু গুৰুদুজনাৰ তিথিৰ আয়োজন কৰা হৈছে৷ 

আজিৰ পৰা বটদ্ৰৱা থানত ভাদমহীয়া নাম-প্ৰসংগ

অসমীয়া জাতীয় জীৱনত সংস্কৃতিৰ অনুশীলনৰ মাহ হিচাপে পৰিগণিত হোৱা ভাদ মাহত অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী ৰাইজৰ মাজত এক আনন্দময় ভক্তিৰসৰ সঞ্চাৰ ঘটে৷ পুৱাৰ পৰা নিশা এপৰলৈকে গায়নৰ গীতৰ ৰাগ, বায়নৰ খোলৰ চাপৰ, হৰি নামৰ অমল ধবনি, ভাও ভাৱৰীয়াৰ বিলাপৰ সুৰত কৃষ্ণ ভক্তিৰ নান্দনিক পৰিৱেশত মুখৰিত হয় অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো চুবুৰী, প্ৰতিখন চহৰ-নগৰৰ উপকণ্ঠ অঞ্চল৷ গুৰুজনাৰ জন্মধাম বটদ্ৰৱাটো আজি শাওণ-ভাদৰ সংক্ৰান্তি উপলক্ষে এক উখল-মাখল ধৰ্মীয় সাংস্কৃতিক পৰিৱেশৰ সূচনা হৈছে৷ বটদ্ৰৱাৰ ঐতিহ্যময় দুই সত্ৰৰ ভকত-বৈষ্ণৱ আৰু আইমাতৃসকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে আজিৰে পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ পৱিত্ৰ ভাদ মাহত হৰিনামৰ ধবনিৰে মুখৰিত হ’ব ৰাজ্যৰ, নামঘৰ, সত্ৰ৷ বটদ্ৰৱা থানলৈ আগমন ঘটিব দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে শ শ ভকত-বৈষ্ণৱ৷ বিগত বছৰৰ দৰে এইবেলিও পৰম্পৰাৰ আধাৰত ভাদ মাহৰ নাম-প্ৰসঙ্গ চলাবলৈ আগবাঢ়িছে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি৷ সকলোধৰণৰ লাগতিয়াল সেৱাৰে তীৰ্থযাত্ৰীক আদৰিবলৈ এতিয়া দিনে-নিশাই ব্যস্ত হৈছে পৰিচালনা সমিতিৰ সেৱকসকল৷ ভকত-বৈষ্ণৱ তথা স্থানীয় ৰাইজে মিলি থান প্ৰাংগণৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে৷ ইতিমধ্যে পৰিচালনা সমিতিয়ে ভকত-বৈষ্ণৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশুদ্ধ খোৱাপানী, প্ৰসাদ দিয়া স্থান, অতিথিশালা, জিৰণি চ’ৰা, গাড়ী পাৰ্কিং আদি সকলো স্বচ্ছতা সম্পূৰ্ণ কৰি তুলিছে৷ আজিৰে পৰাই ওঠৰ প্ৰসঙ্গৰে ভাদ মাহৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানৰ ৰীতি-নীতি আৰু ঐতিহ্যৰে জীপাল হৈ উঠিব বটদ্ৰৱা থান৷ জগত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত পৱিত্ৰ ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সৰোগত কৰি অনুষ্ঠিত হ’বলগীয়া ওঠৰ প্ৰসঙ্গৰ প্ৰথমটো কাৰ্যসূচী পুৱতি নিশা তালকোবোৱাৰে আৰম্ভ হৈ নিশা শেষপাল প্ৰসঙ্গৰে সামৰণি পৰিব৷ ভাদ মাহৰ নাম ৰখা কাৰ্যসূচীৰ আজি শাওণ-ভাদৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈছে৷ আজি পুৱাবেলা শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ কীত্তৰ্ন ঘৰত দুই সত্ৰৰ সত্ৰাধিকাৰদ্বয় আৰু সদস্যসকলৰ উপস্থিতিত দুই সত্ৰৰ গায়ন-বায়ন, নামলগোৱা আৰু ভকত-বৈষ্ণৱক উদ্দেশ্যি ভাদ মাহৰ পৰম্পৰাগত ওঠৰ প্ৰসঙ্গৰ কাৰ্যসূচী শৃঙ্খলাবদ্ধভাৱে চলাই নিয়াৰ বাবে তামোল-পাণ সেৱাৰ অৰিহণা আগবঢ়ায় এভাগি ঘোষা গায়৷ শাওণৰ সংক্ৰান্তিৰ পৰা ভাদৰ সংক্ৰান্তিলৈ এমাহজুৰি নামৰখা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটিল৷ উল্লেখ্য যে, কৰ’না পৰিস্থিতিৰ বাবেই বিগত দুটা বছৰ ভাদ মাহত বটদ্ৰৱাত পৰম্পৰাগত কোনো ভাওনা অনুষ্ঠিত হোৱা নাছিল যদিও ক’ভিড পৰিৱেশৰ উন্নতি ঘটাৰ পৰিপ্ৰেক্ষিতত এইবেলি পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰ মাজেৰে ভাওনা-কৃষ্টি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে৷ তদুপৰি, ওঠৰ প্ৰসঙ্গৰ নাম-কীত্তৰ্নেৰে দুজনা গুৰুৰ তিথি মহোৎসৱ, শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু নাম সামৰণিৰ দৰে বটদ্ৰৱাৰ এতিহাসিক পৰম্পৰা পূৰ্বৰ দৰেই অনুষ্ঠিত হ’ব৷ ১৯ আগষ্ট শুকুৰবাৰে ভাদ মাহৰ দ্বিতীয় দিনা ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী তিথি উদ্‌যাপন কৰা হ’ব৷ জন্মাষ্টমী উপলক্ষ্যত বটদ্ৰৱা থানত গাজি মগুৰ প্ৰসাদ দিয়াৰ পৰম্পৰা আছে৷ তদুপৰি, শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ ভকত-বৈষ্ণৱে গুৰুজনাই নিজে নিৰ্মাণ কৰা বৰদোৱাৰ ঐতিহাসিক কীত্তৰ্ন ঘৰৰ পিৰালীত বহি সমগ্ৰ ভাদ মাহজুৰি নিৰৱছিন্নভাৱে ‘অ হৰি মোৰ বান্ধৱ, কৃষ্ণ হৰি, ৰাম ৰাম ৰাম ৰাম...অ’ শীৰ্ষক নিৰক্ষৰী ঘোষাৰে পাল পতি পাতি নাম ডকা এক অপূৰ্ব পৰম্পৰা গোটেই মাহজুৰি চলিব৷

ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত মাহজোৰা পালনাম

মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰ পৱিত্ৰ ভাদ মাহৰ চাৰিপ্ৰসংগ পালনাম সংক্ৰান্তি দিনাৰ পৰা আৰম্ভ হয়৷ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত বৰনামঘৰত প্ৰথমদিনাই বহু ভকত-ৱৈষ্ণৱ আহি নাম-প্ৰসঙ্গত ভাগ লোৱাৰ উপৰিও শৰাই-সফুৰা, চাকি-বন্তিয়ে সেৱা লয়৷ ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ প্ৰস্তুতি কৰিছে৷ হৰিনামে মুখৰিত হোৱা নামঘৰৰ চৌপাশত অগণন বন্তি জ্বলাই ভকত-ৱৈষ্ণৱে সেৱা লয়৷ ভাদ মাহত পৰিচালনা সমিতিয়ে লাখ লাখ ভক্তক আদৰিবলৈ সম্পূৰ্ণ কৰিছে৷ ইয়াৰ উপৰিও সকলো দিশতে প্ৰশাসনে তদাৰক কৰি আছে৷ অন্যহাতে, মইনাপৰীয়া নামঘৰত চাৰিপ্ৰসঙ্গ নাম আৰম্ভ হয়৷ আজি নামঘৰৰ পূৰ্বৰ পৰম্পৰা অনুসৰি, নাম-কীত্তৰ্নৰ পাছতে কেঁচা পিঠাগুৰি, কল, গাখীৰ, চেনিসহ জলপান খায়৷ ইয়াৰ পাছত নাম-প্ৰসঙ্গৰ প্ৰসাদ বিতৰণ কৰে৷ মইনাপৰীয়া নামঘৰটো আজি সংক্ৰান্তি দিনা বহু ভকত-ৱৈষ্ণৱৰ সমাগম হয়৷ ইতিমধ্যে নামঘৰভাগ সজাই-পৰাই তুলিছে৷ সকলো দিশতে পৰিচালনা সমিতি আৰু জিলা প্ৰশাসনে তদাৰক কৰি আছে৷

বোকাখেচা ভাওনাৰ তোৰণ মুকলি কৰিলে বিধায়ক পদ্ম হাজৰিকাই

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ পিছতেই অসমৰ ভাওনা সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ প্ৰসাৰ-প্ৰসাৰতা লাভ কৰি আহিছে ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু নন্দোৎসৱ-বোকাখেচা ভাওনাই৷ ২৬৭ বছৰগৰকা এই বোকাখেচা ভাওনাৰ মাহাত্ম্য দেশৰ চুকে-কোণে বিস্তাৰিত হওক ——এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ আজি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱৰ দক্ষিণ দিশে তথা গাঁৱৰ প্ৰৱেশ পথত বোকাখেচা ভাওনা মহোৎসৱৰ এখন তোৰণ উন্মোচন কৰি বিধায়কজনে আৰু কয়-জামুগুৰিহাটৰ ভাওনা সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে৷ আমাৰ নতুন চামে এই সংস্কৃতি সংৰক্ষণ আৰু সংৱদ্ধনৰ কাৰণে কাম কৰি যাব লাগিব৷ আমাৰ সংস্কৃতিয়েহে আমাৰ পৰিচয় বুলি মন্তব্য কৰে বিধায়কজনে৷ পাতলৰচুক গাঁৱৰ প্ৰয়াত বায়ন তথা শংকৰীসাধক মাণিৰাম ভূঞাৰ স্মৃতিত পৰিয়ালবৰ্গই অৰ্পণ কৰা এই বোকাখেচা ভাওনাৰ চিত্ৰখোদিত তোৰণখন আজি পুৱা দবা, শংঙ্খ, খোল, তালৰ শব্দ আয়তীৰ উৰুলী, হৰিধবনিৰ মাজৰে বিধায়ক পদ্ম হাজৰিকাই উন্মোচন কৰে৷ পাছত গাঁওবাসী ৰাইজৰ লগত হৰিনাম লৈ গাঁৱৰ মাজেৰে পদযাত্ৰা কৰি নামঘৰত উপস্থিত হয় বিধায়কজন৷ নামঘৰত আঁঠুলৈ বিধায়কজনে গাঁওবাসী ৰাইজৰ মঙ্গল কামনা কৰাৰ লগতে ১৯ আৰু ২০ আগষ্টত হ’বলগীয়া বোকাখেচা ভাওনাৰ সফল সমাপ্তিৰ কামনা কৰে৷ তোৰণ উন্মোচনৰ পূৰ্বে বিধায়কজনক প্ৰয়াত মাণিৰাম ভূঞাৰ পুত্ৰ তুলেশ্বৰ ভূঞা, পত্নী নিৰু ভূঞা আৰু পুত্ৰ প্ৰকাশ ভূঞাই গামোচা, চেলেঙেৰ সম্বৰ্ধনা জ্ঞাপন কৰে৷