Logo
image

৩ সংগঠনৰ ত্ৰিমুখী বিক্ষোভত ৰাইজ বিভ্ৰান্ত

‘কা’ৰ বিৰুদ্ধে আছুৰ আন্দোলন

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি

ভাষানীতিৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদ

আমাৰ অসম, ১৮ আগষ্টঃ অসম আৰু অসমীয়াবিৰোধী নাগৰিকত্ব সংশোধনী আইন [কা] বাতিল কৰাৰ দাবীত বুধবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ লগতে অসমতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ [নেছ’] অন্যতম অংশীদাৰ সদৌ অসম ছাত্ৰ সন্থাই৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন ছখন ৰাজ্যৰ ৰাজধানী চহৰৰ দৰে গুৱাহাটীতো ‘কা’ বাতিল কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত নেছ’ আৰু নেছ’ৰ অংশীদাৰী ছাত্ৰ সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ লক্ষণীয়ভাৱে ৩ আগষ্টত গুৱাহাটীত অনুষ্ঠিত নেছ’ৰ কাৰ্যনিৰ্বাহক সভাত ১৭ আগষ্টত ‘কা’ বাতিলকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ এই বিষয়ে নেছ’ৰ নেতৃত্বই সংবাদ মাধ্যমক অৱগত কৰিছিল৷ কাজেই ১৭ আগষ্টৰ আছু তথা নেছ’ৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে অৱগত আছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি৷ তৎসত্ত্বেও এই দুয়োটা সংগঠনে একেদিনাই পৃথক দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আছু, যুৱ-ছাত্ৰ আৰু কৃষক মুক্তি এই তিনিওটা সংগঠনেই ‘কা’বিৰোধী৷ বিগত সময়ছোৱাত তিনিওটা সংগঠনে ‘কা’ৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ তৎসত্ত্বেও আছু তথা নেছ’ৰ ‘কা’বিৰোধী আন্দোলনৰ দিনাই যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিয়ে ক্ৰমে দিছপুৰৰ শেহতীয়া ভাষানীতি আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা ঘটনাই ৰাইজৰ মাজত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ ‘কা’বিৰোধী এই তিনিওটা সংগঠনৰ মাজত এতিয়া বুজাপৰা নাই নেকি? এটা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা জনাৰ পাছতো আন এটা সংগঠনে বেলেগ বিষয়ত একেদিনাই একে ঠাইত আৰু একে সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অৰ্থ কি? ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি? আছে নেকি কিবা অদৃশ্য শক্তিৰ প্ৰভাৱ? কোৱা বাহুল্য যে ইতিপূৰ্বে আছুৱে ‘কা’বিৰোধী আন্দোলন ৰাজপথৰ পৰা খেলপথলৈ পৰ্যবসিত কৰা বুলি বিভিন্ন মহলে অভিযোগ তুলিছে৷ এই অভিযোগ উত্থাপন কৰাসকলৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনো আছে৷ তেওঁলোকৰ অভিযোগৰ মান্যতা স্বীকাৰ কৰি ল’লে সমান্তৰালভাৱে এই প্ৰশ্নও উত্থাপিত হয় যে সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ পৰা খেলপথাৰলৈ পৰ্যবসিত কৰা ‘কা’বিৰোধী আন্দোলন পুনৰ খেলপথাৰৰ পৰা ৰাজপথলৈ উলিয়াই অনাৰ শক্তি আৰু সামৰ্থ আছুৰ বাহিৰে আন সংগঠনৰ নাই নেকি? নে ‘কা’বিৰোধী আন্দোলনৰ সমস্ত দোষ আছুৰ ওপৰত জাপি দি বাকীকেইটা সংগঠনে নিজকে নিষ্কলুষ আৰু নিৰ্দোষী সজাব খুজিছে? আছুৰ নেতৃবৰ্গই ‘কা’বিৰোধী আন্দোলন খেলপথাৰলৈ পৰ্যবসিত কৰাৰ অভিযোগ বাৰম্বাৰ অস্বীকাৰ কৰি এইক্ষেত্ৰত নিজৰ যুক্তি আগবঢ়াইছে যদিও ‘কা’ আন্দোলন তুংগত উঠাৰ সময়তে ৰাজনৈতিক দল গঠনৰ কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ নেতাই লোৱা হঠকাৰী সিদ্ধান্তই যে ‘কা’ আন্দোলনৰ জুই স্তিমিত কৰাত বহুলাংশে বৰঙণি যোগাইছিল, সেয়া সূৰ্যৰ পোহৰৰ দৰে সত্য৷ ‘কা’ আন্দোলনৰ নেতৃবৰ্গৰ ৰাজনীতি গমনত যে ৰাইজ সন্তুষ্ট নহয় তাৰ ফলাফল ইতিমধ্যে বিধানসভা নিৰ্বাচনত জলজল পটপট হৈ পৰিল৷ অসম জাতীয় পৰিষদে এখনো আসন নাপালে৷ অখিল গগৈৰ সপক্ষে সৃষ্টি হোৱা আৱেগিক ঢৌৰ বাবে কেৱল অখিল গগৈয়ে লাভ কৰা শিৱসাগৰ আসনখনতেই সন্তুষ্ট থাকিবলগীয়া হ’ল ৰাইজৰ দল৷ এই কথাও অস্বীকাৰ কৰিব নোৱাৰি যে ‘কা’ আন্দোলন তুংগত উঠাৰ সময়তে ক’ভিড আৰু লকডাউনৰ বাবে গোটেই পৰিস্থিতি আন্দোলনৰ প্ৰতিকূল হৈ পৰিছিল৷ পৰীক্ষা ইত্যাদি প্ৰসংগও আছিল৷ তৎসত্ত্বেও পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত ‘কা’ আন্দোলন পুনৰ আৰম্ভ হ’ব বুলি আশা কৰা হৈছিল যদিও মূলতঃ আভ্যন্তৰীণ বেমেজালিবোৰ দূৰ কৰাতেই ‘কা’বিৰোধী শক্তিসমূহে অধিক সময় দিবলগীয়া হোৱাত যুঁজলৈ প্ৰস্তুত হওঁতে পলম হ’ল বুলি ক’ব পাৰি৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসম আন্দোলনৰ সময়ত আছুৰ লগত আছিল যুৱ-ছাত্ৰ পৰিষদ৷ অসম চুক্তিৰ পাছত গঠন হোৱা অসম গণ পৰিষদত যোগ দিছিল দুয়োটা সংগঠনৰ বুজনসংখ্যক নেতাই৷ মাজতে কিছুদিন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আছিল যুৱ-ছাত্ৰ পৰিষদ৷ পৰৱৰ্তী সময়ত যুৱ-ছাত্ৰ পৰিষদে পুনৰ কৃষক মুক্তিৰ সংগ ত্যাগ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে সন্মিলিতভাৱে কাম কৰিবলৈ লয়৷ কিন্তু বুধবাৰে আছুৱে ‘কা’বিৰোধী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ দিনা যুৱ-ছাত্ৰ পৰিষদে পৃথকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে– পৃথক ইছ্যুত৷ অনুৰূপ ঘটনা ঘটে কৃষক মুক্তিৰ ক্ষেত্ৰতো৷ ফলত ৰাইজৰ মাজত দ্বিধাগ্ৰস্ততা, সন্দেহ, বিভ্ৰান্তি, সংশয়, উদ্বিগ্নতাৰ সৃষ্টি হয়৷ ৰাজনৈতিক মতাদৰ্শৰ ঊধবৰ্ত অসমৰ ৰাইজে বিচাৰে– আছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি সকলো ‘কা’বিৰোধী শক্তিয়ে ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী আগুৱাই নিয়ক৷ একেলগে নোৱাৰিলেও ‘কা’বিৰোধী শক্তিসমূহৰ এটাই যদি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে, তেন্তে সেইদিনা একে সময়তে আন এটা ‘কা’বিৰোধী শক্তিয়ে যাতে পৃথকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে, সেয়া নিশ্চিত কৰাটো সময়ৰ দাবী বুলি সচেতন মহলে মন্তব্য কৰিছে৷ ইফালে, উচ্ছতম ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়ত [কা] আন্দোলন কৰাৰ যুক্তিযুক্ততাক লৈও কেতবোৰ মহলে প্ৰশ্ন উত্থাপন কৰিছে৷ এই সন্দৰ্ভত আন্দোলনকাৰী পক্ষৰ যুক্তি– শাসক দলে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ বিভিন্ন নেতাই বিভিন্ন সময়ত ‘কা’ সন্দৰ্ভত বিভিন্ন কথা কৈ আহিছে– যিবোৰে প্ৰকৃততে উচ্ছতম ন্যায়ালয়কো অসন্মান কৰিছে৷ শাসক পক্ষৰ এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্যকলাপৰ বাবে ‘কা’বিৰোধী জনমত সন্দৰ্ভত দিল্লী আৰু দিছপুৰক পুনৰ জনাই দিয়াটো প্ৰয়োজন হৈ পৰিছে বুলি যুক্তি আগবঢ়াই আন্দোলনকাৰী পক্ষই স্পষ্ট কৰি দিয়ে যে ‘কা’ সমৰ্থক দলে নিৰ্বাচনত জয়লাভ কৰাৰ পোনপটীয়া অৰ্থ এইটো নহয় যে অসমৰ ৰাইজে ‘কা’ সমৰ্থন কৰিছে৷ দুয়োটা সম্পূৰ্ণ পৃথক বিষয়৷ লক্ষণীয়ভাৱে বুধবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আছুৰ ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত কৰা মন্তব্যই ‘কা’বিৰোধী শক্তিক দুৰ্বল আৰু বিভাজিত কৰাত অৰিহণা যোগাব বুলি সচেতন মহলে মন্তব্য কৰিছে৷ সি যি কি নহওক, একেদিনাই ‘কা’ৰ বিৰুদ্ধে আছুৰ আন্দোলন, দিছপুৰৰ শেহতীয়া ভাষানীতিৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ আন্দোলন আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তিৰ আন্দোলন– তিনি সংগঠনৰ এই ত্ৰিমুখী বিক্ষোভ-আন্দোলনে অসমৰ ৰাইজক বাৰুকৈয়ে বিভ্ৰান্ত কৰিছে৷ এই বিভ্ৰান্তি দূৰ কৰাৰ দায়িত্ব নিঃসন্দেহে সংশ্লিষ্ট সংগঠনসমূহৰ৷ অন্যথা ‘কা’বিৰোধী আন্দোলনৰ গতি স্তিমিত হ’ব৷