Logo
image

বিজেপিৰ চমক! গাডকাৰিক আঁতৰাই দলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সমিতিত সৰ্বানন্দ

আমাৰ অসম, ১৮ আগষ্টঃ কেন্দ্ৰত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ সৰ্বোচ্ছ ক্ষমতাশালী কমিটী সংসদীয় ব’ৰ্ড ৮ বছৰৰ পাছত পুনৰ গঠন কৰি ব’ৰ্ডৰ পৰা জ্যেষ্ঠ নেতা শিৱৰাজ সিং চৌহান আৰু নীতিন গাডকাৰীক বিদায় দিছে৷ বিজেপিৰ এই সৰ্বোচ্ছ কমিটীখনত স্থান দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ অন্যতম শীৰ্ষ বিজেপি নেতা সৰ্বানন্দ সোণোৱাল আৰু কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাক৷ যিদৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সংসদীয় ব’ৰ্ডৰ পৰা আঁতৰোৱাতো গুৰুত্বপূৰ্ণ, ঠিক সিমানেই তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক সঞ্চালন হিচাপে বিবেচিত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংসদীয় ব’ৰ্ডত অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় নেতৃত্বৰ পদক্ষেপ৷ বিজেপিৰ এই ১১জনীয়া সদস্যৰ সৰ্বোচ্ছ কমিটীখনৰ উপৰি একেদিনাই গঠন কৰা ১৫জনীয়া কেন্দ্ৰীয় নিৰ্বাচন কমিটীতো সৰ্বানন্দ সোণোৱালক স্থান দিয়া হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, এই দুয়োখন সৰ্বাধিক গুৰুত্বপূৰ্ণ কমিটীত যিকেইজন নতুন সদস্যক স্থান দিয়া হৈছে, তেওঁলোকক নিৰ্বাচিত কৰিছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বিজেপিৰ শীৰ্ষ সূত্ৰই সংবাদ প্ৰতিষ্ঠানক জনোৱা অনুসৰি নতুন সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো কোনো হাত নাই৷ ‘এই দুয়োখন কমিটী গঠন আৰু দলটো অৰ্থাৎ সদস্য নিৰ্বাচনৰ বিন্যাসে তাৎপৰ্য বহন কৰিছে৷ যিদৰে সদস্য নিৰ্বাচনৰ বৈচিত্ৰই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টি স্থিৰ কৰিছে, সেইদৰে কমিটীৰ সদস্যৰ জৰিয়তে শীৰ্ষতম নেতৃত্বই বিশেষ কেতবোৰ ৰাজ্যত বিজেপিৰ ক্ষমতা কেন্দ্ৰীভূত হৈ পৰাৰ বাবে ক্ষমতা বিভাজনৰ দ্বাৰা ভাৰসাম্যৰ সৃষ্টি কৰিলে৷’– বিজেপিৰ এটা শীৰ্ষ সূত্ৰই এনেদৰে মতামত ব্যক্ত কৰে৷

বিশেষ পৰিস্থিতিত সৰ্বানন্দ সোণোৱালে বিগত বছৰ নীৰৱে মুখ্যমন্ত্ৰিত্বৰ দাবী ত্যাগ কৰি ৰাজ্যৰ পৰা আঁতৰি যোৱাৰ পাছত অসম বিজেপিত ক্ষমতাৰ কেন্দ্ৰ একীভূত হৈ পৰিছিল৷ এই কথা অস্বীকাৰ কৰাৰ উপাই নাই যে, অসমৰ বিজেপিৰ গৰিষ্ঠসংখ্যক নেতাই সৰ্বানন্দ সোণোৱাল ক্ষমতাহীন হৈ পৰা বুলি ধাৰণা কৰি তেওঁৰ শিৱিৰ এৰিছিল৷ সেই পৰিস্থিতি কেন্দ্ৰীয় নেতৃত্বই সুক্ষ্মভাৱে লক্ষ্য কৰি আছিল৷ অসমত ক্ষমতাৰ কেন্দ্ৰ এটাই হৈ পৰাটো তেওঁলোকৰো কাম্য নাছিল৷ সৰ্বানন্দ সোণোৱাল স্বয়ং মোদীৰ স্নেহধন্য হিচাপেই চৰ্চিত আৰু সেই চৰ্চাক আনুষ্ঠানিক মাত্ৰা প্ৰদান কৰি নৰেন্দ্ৰ মোদীয়ে সোণোৱালক দুয়োখন শীৰ্ষ কমিটীতে স্থান দিলে৷ মাথোঁ এটা পদক্ষেপেৰে বিজেপিৰ শীৰ্ষ নেতৃত্বই সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰিত্বৰ দাবী নীৰৱে এৰাৰ এবছৰৰ পাছত ক্ষমতাসীন কৰি পুৰস্কৃত কৰিলে আৰু অসম বিজেপিত একীভূত হৈ পৰা ক্ষমতাৰ কেন্দ্ৰত বিভাজন কৰি ৰাজ্য বিজেপিৰ ক্ষমতাৰ ভাৰসাম্য অটুত ৰাখিলে৷ সন্দেহাতীতভাৱে বিগত এবছৰত ৰাজ্য বিজেপিত সৰৱে বা নীৰৱে সৰ্বানন্দ সোণোৱালৰ শিৱিৰ বা প্ৰভাৱৰ প্ৰচ্ছায়া ত্যাগ কৰাসকলে এতিয়া পুনৰ একাধিক কাৰণত সৰ্বানন্দ সোণোৱালৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হ’ব৷ সেইদিশৰ পৰা এয়া সৰ্বানন্দ সোণোৱালৰ বাবে আন এক চমৎকাৰ ৰাজনৈতিক উত্থান হিচাপে বিবেচিত হৈছে৷

প্ৰসংগতঃ, ২০১৩ চনৰ মাৰ্চৰ শেষত বিজেপিৰ সংসদীয় ব’ৰ্ডত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৰ্ভুক্ত কৰিছিল সভাপতি ৰাজনাথ সিঙে৷ সেই পদৰ প্ৰৱল দাবীদাৰ আছিল তেতিয়াৰ আন এক প্ৰভাৱশালী মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান৷ চৌহানৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদীক সংসদীয় ব’ৰ্ডৰ সদস্য কৰাৰ পাছৰ ৮ বছৰত ৰাজনাথ সিঙৰ ৰাজনৈতিক ভৱিষ্যৎ ক্ৰমাৎ অৱনমিত হৈছে সঁচা, কিন্তু ৰাজনাথ সিঙৰ সেই সিদ্ধান্তৰ জৰিয়তে সমগ্ৰ দেশে নৰেন্দ্ৰ মোদীৰ দৰে বিজেপিৰ এজন অবিসম্বাদী নেতা লাভ কৰাটো ধ্ৰুৱসত্য৷ অন্ততঃ এই উদাহৰণেই এটা বিষয় বুজি উঠাত সহায় কৰিব যে, সংসদীয় ব’ৰ্ডৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আঁতৰ কৰা আৰু সেই কমিটীত ক্ষমতাশালী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক স্থান নিদিয়া তথা একে সময়তে সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰা কিমান তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক সঞ্চালন৷ একে সময়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ কেতবোৰ কাৰ্যকলাপক কৰা সমালোচনা বিৰোধী ৰাজনৈতিক দলে প্ৰক্ষেপ কৰাৰ সময়ত গাডকাৰীক সংসদীয় ব’ৰ্ডৰ পৰা আঁতৰোৱা ঘটনা কেৱল বিজেপি দলৰ অন্তৰ্ভাগৰে নহয়, দেশৰ ৰাজনীতিৰ তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে চৰ্চা হৈছে৷ যোৱা মাহত নীতিন গাডকাৰীয়ে নাগপুৰৰ এটা অনুষ্ঠানত কৈছিল– ‘মহাত্মা গান্ধীৰ দিনৰ পৰা ৰাজনীতি সামাজিক আন্দোলন হিচাপে বিবেচিত হৈ আহিছে৷ পৰৱৰ্তী সময়ত ইয়াৰ লক্ষ্য ৰাষ্ট্ৰ নিৰ্মাণ আৰু উন্নয়নলৈ পৰিৱৰ্তিত হয়৷ আজি আমি দেখিছোঁ, ৰাজনীতি মানে ১০০ শতাংশই ক্ষমতা কুক্ষিগত কৰি ৰখাৰ কৰ্মশালা৷’ নীতিন গাডকাৰীৰ এই বক্তব্যক কংগ্ৰেছ দলে প্ৰকৃত ‘মন কি বাত’ বুলি আখ্যা দিছিল৷ সম্ভৱতঃ সংসদীয় ব’ৰ্ডৰ পৰা অপসাৰণ গাডকাৰীৰ সেই মন্তব্যৰে পৰিণতি৷ উল্লেখ্য, বিজেপিৰ ১১ জনীয়া কেন্দ্ৰীয় সংসদীয় বৰ্ডৰ সদস্য সকল হৈছে জে পি নড্ডা [অধ্যক্ষ], নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহ, বি এছ য়েডিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদব, সত্যনাৰায়ণ জাটিয়া আৰু বি এল সন্তোষ [সচিব]৷ আনহাতে ১৫ জনীয়া কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য সকল হৈছে জে পি নড্ডা [অধ্যক্ষ], নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহ, বি এছ য়েডিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদব, সত্যনাৰায়ণ জাটিয়া, ভূপেন্দ্ৰ যাদব, দেবেন্দ্ৰ ফাড়নবীশ, ওম মাথুৰ, বি এল সন্তোষ [সচিব] আৰু বনথি শ্ৰীনিবাস [এক্স অফিচিও]৷ সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য হিচাপে নিযুক্তি লাভ কৰি সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যৰ বিজেপি কৰ্মীসকলৰ উদ্দেশ্যেৰে কৃতজ্ঞতা ব্যক্ত কৰি কয় যে তেওঁলোকৰ শুভেচ্ছাৰ বাবেই আজি ইমান গুৰুদায়িত্ব লাভ কৰিব পাৰিছো৷ কেৱল অসম বুলি নহয় সমগ্ৰ দেশৰ বিজেপি কৰ্মীসকলৰ উদ্দেশ্যে সোণোৱালে আজি কৃতজ্ঞতা ব্যক্ত কৰে৷ দুয়ো সমিতিৰ সদস্য হিচাপে নিষ্ঠাৰে কাম কৰিব বুলি ব্যক্ত কৰি সোণোৱালে লগতে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই গঠন কৰা এই দুই সমিতিয়ে প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো অসম তথা উত্তৰপূৰ্বাঞ্চলক গুৰুত্ব প্ৰদান কৰে৷ যাৰ বাবে উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি হিচাপে তেওঁ সংসদীয় বৰ্ড আৰু নিৰ্বাচন সমিতিৰ সদস্য হব পাৰিছে৷ উল্লেখ্য যে নীতি নিৰ্ধাৰণৰ লগতে দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰতো কেন্দ্ৰীয় সংসদীয় বৰ্ডে শেষ সিদ্ধান্ত গ্ৰহণ কৰে৷ সোণোৱালে টুইট কৰি তেওঁৰ ওপৰত আস্থা প্ৰদৰ্শন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক কৃতজ্ঞতা আৰু ধন্যবাদ জনায়৷