Logo
image

তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰশ্নকাকত হিন্দীতো

আমাৰ অসম, ১৮ আগষ্টঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ এক দেশ-এক ভাষা নীতিৰ দিশে আৰু এখোজ আগবঢ়ালে অসম চৰকাৰে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ পাছত শেহতীয়াকৈ প্ৰাথমিক শ্ৰেণীৰ পৰা বিজ্ঞান-গণিত পাঠ্যক্ৰম ইংৰাজীত শিক্ষা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অসমীয়া ভাষা নীতিক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাৰ মাজতে প্ৰথমবাৰলৈ অসম চৰকাৰে চৰকাৰী চাকৰিৰ বাবে হিন্দী ভাষাত প্ৰশ্নকাকতৰ ব্যৱস্থা কৰিছে৷ অসমত অসমীয়া ভাষালৈ সংকট নামি অহাৰ মাজতে এইবাৰ চৰকাৰী চাকৰিৰ বাবে হিন্দী ভাষাত পৰীক্ষা পতা কাৰ্যক সহজভাৱে লোৱা নাই সচেতন মহলে৷ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত কৰিবলৈ সাজু হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত হিন্দী ভাষাত প্ৰশ্নকাকত থাকিব বুলি ঘোষণা কৰিছে৷ অসমীয়া, বড়ো, বাংলা আৰু ইংৰাজীৰ লগতে হিন্দী ভাষাতো উপলব্ধ হ’ব প্ৰশ্নকাকত৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে উক্ত পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ সময়ত হিন্দী ভাষাত প্ৰশ্নকাকত থাকিব বুলি কোনো নিৰ্দেশনা নাছিল যদিও পৰীক্ষাৰ পূৰ্বে আকস্মিকভাৱে হিন্দী ভাষাত প্ৰশ্নকাকত উপলব্ধ কৰাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ কাৰোবাৰ বিশেষ স্বাৰ্থত চৰকাৰে হিন্দী ভাষাত প্ৰশ্নকাকত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ অসমীয়া ভাষা লিখিব-পঢ়িব নজনা যিকোনো হিন্দী ভাষী প্ৰাৰ্থীক অসম চৰকাৰৰ চাকৰিত সংস্থাপিত কৰাৰ  হিন্দীলবীৰ কৌশল বুলিও চৰ্চা লাভ কৰিছে৷ এক কথাত ৰাজ্যৰ প্ৰশাসন যন্ত্ৰত অসমীয়া ভাষা পঢ়িব-লিখিব নজনা হিন্দীভাষী ব্যক্তিৰ স্থান সুনিশ্চিত কৰিব ৰাজ্য চৰকাৰৰ এই বিয়াগোম নিযুক্তিৰ প্ৰক্ৰিয়াই অসম চৰকাৰৰ পৰীক্ষাত হিন্দী ভাষাৰ প্ৰশ্নকাকতৰ ব্যৱস্থা কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৱে৷ এই সন্দৰ্ভত সংস্থাটোৰ এডমিন মানসপ্ৰতীপ বৰুৱাই কয়– ‘অসমত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়াৰ যোগ্যতামূলক কাকত এখন অনুষ্ঠিত কৰিবলৈ অসমৰ্থ অসম চৰকাৰে আকৌ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত পৰীক্ষাৰ প্ৰশ্নকাকতো হিন্দী ভাষাত প্ৰকাশ কৰিব৷ অসমত হিন্দী ভাষাৰ প্ৰশ্নকাকতৰ প্ৰয়োজনীয়তা কিয়? হিন্দী ভাৰতৰ ৰাষ্ট্ৰভাষা যদিও অসমৰ চৰকাৰী ভাষা নহয়৷ তেনেস্থলত অসমীয়া লিখিব-পঢ়িব নজনা হিন্দীভাষী প্ৰাৰ্থীক অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদতো চাকৰি দিব নেকি? চৰকাৰী পৃষ্ঠপোষকতাতে যদি অসমীয়া ভাষাটোৰ অস্তিত্বহীন হৈ পৰে তেনেহ’লে ভৱিষ্যৎ প্ৰজন্মৰ বাবে কি থাকিবগৈ?