শ্ৰীলংকাত চীনৰ গুপ্তচৰ জাহাজ ভাৰতৰ বাবে কিয় বিপজ্জনক!
আমাৰ অসম, ১৮ আগষ্টঃ শ্ৰীলংকাৰ দক্ষিণ দিশে অৱস্থিত হাম্বনটোটা বন্দৰত চীনৰ অত্যাধুনিক ‘গুপ্তচৰ’ জাহাজে লংগৰ পেলোৱাটো ভাৰতৰ বাবে অতি চিন্তাৰ বিষয়৷ ভাৰত আৰু আমেৰিকাৰ বাৰম্বাৰ আপত্তি কৰাৰ পাছতো শ্ৰীলংকাই এই জাহাজখনক লংগৰ পেলাবলৈ অনুমতি দিয়ে৷ শ্ৰীলংকাক ঢাল হিচাপে লৈ চীনে ভাৰতৰ বিৰুদ্ধে বিভিন্নধৰণৰ ষড়যন্ত্ৰ কৰাৰ পৰিকল্পনা কৰিছে৷ শেহতীয়াকৈ ‘য়ুৱান ৱাং ৫’ নামৰ গুপ্তচৰ জাহাজখনেৰে চীনে শ্ৰীলংকাৰ পৰা ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰিব৷ ইয়াৰ দ্বাৰা ভাৰত মহাসাগৰ আৰু দক্ষিণ ভাৰতত হোৱা বৃহৎ গতি-বিধিৰ ওপৰত চকু ৰাখিব৷ প্ৰতিৰক্ষা বিশেষজ্ঞয়ো সকীয়াই দিছে চীনৰ জাহাজখন শ্ৰীলংকাত থকাটো কিয় ভাৰতৰ বাবে বিপজ্জনক৷ দক্ষিণ ভাৰতৰ পৰা হোৱা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ বা ক্ষেপণাস্ত্ৰ পৰীক্ষা সকলো তথ্য চীনে গোপনে আহৰণ কৰিব পাৰিব এই জাহাজখনেৰে৷ গতিকে যিমান পাৰি সিমান সোনকালে এইখন শ্ৰীলংকাৰ পৰা আঁতৰি যোৱাটো প্ৰয়োজন৷ উল্লেখ্য এই জাহাজখন ১৬-২২ আগষ্টলৈকে শ্ৰীলংকাৰ বন্দৰত থাকিব৷ চীনে ভাৰতক শলঠেকত পেলাবলৈ শ্ৰীলংকাৰ অতি গুৰুত্বপূৰ্ণ হাম্বনটোটা বন্দৰটো ৯৯ বছৰৰ বাবে লীজত লয়৷ ইয়াৰ বিনিময়ত শ্ৰীলংকাক ১.৫ বিলিয়ন ডলাৰৰ ঋণ দিয়ে চীনে৷ এতিয়া এই জাহাজখনে ভাৰত মহাসাগৰত নজৰ ৰখা চীনা ছেটেলাইটক আগষ্ট-ছেপ্টেম্বৰলৈকে সহায় কৰিব৷