Logo
image

শেষৰক্ষা নহ’ল, ২০০ কোটিৰ প্ৰৱঞ্চনা গোচৰত ইডিৰ চাৰ্জশ্বীটত জেকুলিন

আমাৰ অসম, ১৮ আগষ্টঃ বৃহদাকাৰ পাঁচটা বেডৰূম, দীঘল কৰিডৰ৷ পাথৰৰ পিলাৰেৰে বন্ধোৱা ডাইনিং৷ অপৰূপ ইণ্টেৰিয়ৰ৷ মায়াবিনী মুম্বাইৰ অভিজাত জুহুস্থিত এই সাত কোটি টকীয়া বিশাল-বৈভৱেৰে পৰিপূৰ্ণ নিজৰ বাসভৱনত বহি, শুই মাথোঁ যোৱা এঘাৰ আগষ্টত অনুৰাগীৰ সৈতে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছিল বলীউডৰ লাস্যময়ী সিংহল ললনা জেকুলিন ফাৰ্ণাণ্ডেজে৷ অলস আৰু সক্ৰিয় অলেখ মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ সেইদিনা তেওঁ শ্বেয়াৰ কৰাই স্বাভাৱিক– কিয়নো দিনটো আছিল সুন্দৰী জেকুলিনৰ ৩৭ নম্বৰ জন্মদিন৷ পিছে এসপ্তাহ নৌঘূৰোতেই বলীউড ললনা জেকুলিন ফাৰ্ণাণ্ডেজৰ সুখৰ মুহূৰ্তত কৰাঘাত হানিলে নিৰ্দয় এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে৷ দেশৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধানৰ সৰ্বোচ্ছ সংস্থা ইডিয়ে জেকুলিন ফাৰ্ণাণ্ডেজৰ জন্মদিনৰ ঠিক সাত দিনৰ মূৰত আজি ১৭ আগষ্টত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ২১৫ কোটি টকাৰ ধনদাবী আৰু বিত্তীয় প্ৰবঞ্চনাৰ গোচৰত অভিযোগনামাত নাম অন্তৰ্ভুক্ত কৰি আদালতত দাখিল কৰিলে৷ কোৱা বাহুল্য মাথোঁ, এসময়ত বিশ্বসুন্দৰী প্ৰিয়ংকা চোপ্ৰাৰ মালিকানাধীন বৈভৱপূৰ্ণ যি বাসভৱন এতিয়া শ্ৰীলংকাৰ নাগৰিক, বলীউডৰ অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজৰ স্বপ্নৰ ঘৰ, ২১৫ কোটি টকাৰ প্ৰবঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হ’লে তেওঁ জুহুৰ বাসভৱনত কটোৱা অলস মুহূৰ্ত পাহৰি ভাৰতীয় কাৰাগাৰৰ কঠিন বিছনাত নিশা অতিবাহিত কৰিব লাগিব৷ গোচৰটোৰ তদন্তকাৰী ইডিৰ দাবী, প্ৰবঞ্চক মুকেশ চন্দ্ৰশেখৰৰ পৰা জেকুলিন ফাৰ্ণাণ্ডেজে দহ কোটি টকা মূল্যৰ যি উপহাৰ হৈছিল, সেই সময়ত মুকেশৰ ধনদাবী আৰু প্ৰবঞ্চনাৰ বিষয়ে অভিনেত্ৰী সম্পূৰ্ণ জ্ঞাত আছিল৷ আইনে প্ৰমাণ কৰিব, এই প্ৰবঞ্চনাৰ অংশীদাৰো আছিল, আবেদনময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ৷ সেয়ে এই বিশাল আৰ্থিক প্ৰবঞ্চনাৰ গোচৰৰ অন্তত সুন্দৰী জেকুলিনৰ ঠাই হ’ব ভাৰতৰ পোতাশাল, জুহুৰ সাত কোটিটকীয়া বিলাসবহুল বাসভৱন কদাপি নহয়৷

বলীউডৰ ছুলতান ছলমান খানৰ একদা আশ্ৰিতা আৰু মায়াবিনী মুম্বাইত লালিতা-পালিতা জেকুলিন ফাৰ্ণাণ্ডেজ ছলমানৰ অগোচৰেই আঁতৰি গৈছিল প্ৰবঞ্চক মুকেশ চন্দ্ৰশেখৰৰ বাহুলগ্না হৈ৷ দেশৰ অন্যতম বৃহৎ প্ৰবঞ্চক মুকেশ চন্দ্ৰশেখৰে ততোধিক বৃহৎ প্ৰযোজক সাজি নিজৰ প্ৰবঞ্চনাৰ জালত মেৰিয়াই লৈছিল শ্ৰীলংকা-সুন্দৰী হিচাপে বিভূষিতা হৈ বলীউডত আবিৰ্ভাবতেই চমক দিয়া জেকুলিনক৷ প্ৰথমে নিজৰ বিগ বাজেটৰ একাধিক ছবিৰ একমাত্ৰ নায়িকা কৰাৰ সপোন দেখুৱাই মুকেশে জেকুলিনক ইটোৰ পাছত সিটো মহামূল্যবান উপহাৰ দিছিল৷ কি নাছিল উপহাৰৰ মাজত? ৫২ লাখটকীয়া ঘোঁৰা, ন লাখ টকীয়া পাৰ্ছিয়ান মেকুৰী, গুছি, ছেনেলৰ অজস্ৰ লাখটকীয়া ভেনিটী বেগ, গুছিৰ জিমৱেৰ, লুই ভিতোঁৰ জোতা, হীৰাৰ দুযোৰ কানফুলি, মূল্যবান পাথৰখচিত ব্ৰেছলেট– সুকেশৰ কণ্ঠলগ্না হ’বলৈ সেয়াই যথেষ্ট আছিল৷ লাহে লাহে জেকুলিনে বুজি উঠিছিল, সেই উপহাৰৰ ধন আছিল সুকেশে প্ৰবঞ্চনাৰে সৰকোৱা৷ ৰেনবেক্সি ঔষধ কোম্পানীৰ স্বত্বাধিকাৰীক কেইবাশ কোটি টকা প্ৰবঞ্চনা কৰি সৰকোৱা ধনেৰে পাইছিল জেকুলিনে মহাৰ্ঘ উপহাৰ৷ পিছে তেতিয়া সুকেশৰ বাহুবন্ধন আৰু প্ৰবঞ্চনাৰ জালৰ পৰা ওলোৱাৰ সময় অতীত হৈ গৈছিল নব্য বলীউড ললনাৰ৷ ইডিয়ে কেতিয়াবাই এই গোচৰৰ অভিযোগনামাত সুকেশক অভিযুক্ত কৰিছে৷ এইবাৰ অভিযুক্ত কৰিলে জেকুলিন ফাৰ্ণাণ্ডেজক৷ কিয়নো বহুবাৰ জেৰা কৰি ইডিয়ে জেকুলিন সুকেশৰ সৈতে প্ৰবঞ্চনাত জড়িত থকাৰ তথ্য লাভ কৰিছে৷ সেয়েহে বুধবাৰে দাখিল কৰা এই গোচৰৰ অতিৰিক্ত অভিযোগনামাত ইডিয়ে নাম অন্তৰ্ভুক্ত কৰিলে জেকুলিনৰ নাম৷ ইডিৰ দাবী, তেওঁলোকে যি প্ৰমাণ উদ্ধাৰ কৰিছে, সেই প্ৰমাণ জেকুলিনৰ ভাৰতীয় কাৰাগাৰৰ ভাত খোৱাৰ বাবে পৰ্যাপ্ত৷ 

জুম্মে কি ৰাত হ্যে, চুম্মে কি বাত হ্যে

আল্লা বচায়ে মুঝে তেৰে ৱাৰ ছে–

কেৰিয়াৰৰ আৰম্ভণিতে জেকুলিনৰ মিনি স্কাৰ্টৰ এটা অংশ কামুৰি তেওঁৰ উৰুদ্বয় উন্মুক্ত কৰি বলীউডৰ ছুলতান ছলমান খানে লিপ মিলোৱা ‘কিক’ ছবিৰ এই গানটো হিট হৈছিল৷ ছবিখনো৷ বিশেষ মুহূৰ্তৰ এই গানটোৰ ভাৱাৰ্থ আছিল– জুম্মাৰ নিশা, চুমাৰ কথা থাকিলেও তোমাৰ আক্ৰমণৰ পৰা যেন ভগৱানে মোক ৰক্ষা কৰে৷ সেই গানেৰে জেকুলিনে বলীউডত বলিষ্ঠ খোপনি পুতিছিল৷ কিন্তু ছলমানৰ গানৰ কথাৰ দৰে তেওঁ কাষৰ পৰা জেকুলিনক ভগৱানে আঁতৰাই নিলে আৰু খুউব সম্ভবতঃ ৰক্ষাও কৰিলে৷ অন্যথা, দীৰ্ঘদিন ছলমান খানৰ আশ্ৰয়তে আছিল জেকুলিন৷ আনকি দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰথম লকডাউনতো ছলমানৰ ফাৰ্মহাউছতে দীৰ্ঘ কেইমাহ দিন-নিশা অতিবাহিত কৰিছিল সুন্দৰী জেকুলিনে৷ পিছে ছলমানৰ নিৰাপদ আশ্ৰয়ৰ পৰা আঁতৰি যোৱাৰ পাছতে বিপদৰ গভীৰ খাদত নিমজ্জিত হ’ল তেওঁ, য’ৰ পৰা জেকুলিনৰ উঠি অহা কঠিনেই নহয়, অসম্ভৱো৷