Logo
image

গোলাঘাটৰ এক বিশাল শালপ্ৰাংশু

বৃটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা এখন চৰকাৰী বিদ্যালয়ৰ চৌহদৰ এজোপা গছ৷ বিশাল শালপ্ৰাংশুৰ দৰে এই গছজোপাৰ প্ৰকৃত বয়স কিমান কোনেও সঠিককৈ ক’ব নোৱাৰে৷ এই ঐতিহাসিক গছজোপাই সমগ্ৰ চৌহদটোকে প্ৰদান কৰিছে ৰাজকীয় মৰ্যাদা৷ গছজোপাৰ বিশাল পৰিসৰ আৰু চৌপাশৰ পৰিৱেশত বিৰাজ কৰে ঋষিসুলভ গাম্ভীৰ্য৷ বছৰৰ কোনো ঋতুতে কেতিয়াও পাত সৰি লঠঙা নোহোৱা গছজোপাক লৈ উদ্ভিদ বিজ্ঞানীৰো অপাৰ কৌতূহল৷ বহুজনে ক’ব খোজে যে এই গছজোপা ‘ৰেইন ট্ৰি’জাতীয় গছ৷ ইংৰাজী নাম চামানিয়া চামান [samanea saman].

গছজোপা আছে গোলাঘাট চহৰৰ মাজমজিয়াত অৱস্থিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ঠিক সন্মুখত৷ অনেক ডাল-পাত আৰু ঠাল-ঠেঙুলিৰে সমগ্ৰ চৌহদটোকে কৰি ৰাখে সু-শীতল আৰু প্ৰদূষণমুক্ত৷ 

গছজোপাৰ গা-গছেৰে শৰীৰটো ঠিক যেন এটা প্ৰকাণ্ড হস্তী৷ গছজোপাৰ আনটো পাৰে আছে শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত যদুমণি ছপাখানা৷

১৮৮৮ চনতে বৃটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা এইখন বিদ্যালয়ত পঢ়িবলৈ আহিছিল অবিভক্ত শিৱসাগৰ জিলাৰ ওপৰি চুবুৰীয়া নাগালেণ্ড আৰু কাৰ্বি আংলং জিলাৰ বহুতো ছাত্ৰ, যিসকলৰ নাম আজিও স্কুলৰ হাজিৰা বহীত লিপিবদ্ধ হৈ আছে৷

গছজোপাৰ আয়ুসকাল এশ বছৰৰো অধিক বুলি বিজ্ঞানীসকলে কয়৷ এতিয়াও গছজোপা সম্পূৰ্ণ ডাল-পাতেৰে পৰিপূৰ্ণ৷ এই গছজোপাৰ শিপাসমূহ মাটিৰ গভীৰলৈকে প্ৰোথিত হৈ থকাৰ বাবেই হয়তো গা-গছ যথেষ্ঠ শক্তিশালী আৰু মজবুত৷ বাৰিষা-খৰালি কেউটা ঋতুতে পাতে-ফুলে জাতিষ্কাৰ হৈ থকা গছজোপাৰ ওচৰলৈ আহিলে সঁচাকৈ যিমান অস্থিৰতা নাথাকক কিয়, দেহ-মন শাঁত পৰি যায়৷ গোলাঘাটলৈ আহিলে অকণমান সময় হাতত লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ঠিক সমীপৱৰ্তী এইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত এপাক সোমাই গছজোপাৰ ছাঁত ক্ষন্তেকৰ বাবে হ’লেও জিৰণি লৈ অকণমান মুক্ত হৈ বতাহৰ সান্নিধ্য লৈ যাবহি৷ গোলাঘাট চহৰত এই গছজোপা যেন এক বিশাল শালপ্ৰাংশু৷