Logo
image

ভাৰত ভূষণ দেৱচৌধুৰী এপিএছচিৰ নতুন অধ্যক্ষ

আমাৰ অসম, ১৯ আগষ্টঃ ৰাজ্য চৰকাৰে আজি জ্যেষ্ঠ আইএএছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ পূৰ্ণাংগ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে৷ বৰ্তমান তেওঁ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহক কৰি আছে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত প্ৰথমবাৰৰ বাবে অসম অসামৰিক সেৱাৰ পৰা অহা [বৰ্তমান ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত] ব্যক্তি এগৰাকীয়ে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদত এনেদৰে নিযুক্তি লাভ কৰিছে৷ উল্লেখ্য যে পূৰ্বেও ভাৰত ভূষণ দেৱচৌধুৰীয়ে এপিএছচিৰ গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল৷ এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰয়ক আছিল চৌধুৰী৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত আয়োগৰ সদস্য ড॰ অজন্তা নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল৷ অৱশেষত ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশযোগে ভাৰত ভূষণ দেৱ চৌধুৰীক আয়োগৰ পূৰ্ণাংগ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে৷ উল্লেখ্য যে ৰাকেশ পালৰ কাৰ্যকালত অসম লোকসেৱা আয়োগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল৷ বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ কেলেংকাৰি সংঘটিত হৈছিল ৰাকেশ পালৰ কাৰ্যকালত৷ তাৰ পিছতে তদন্তৰ আওতালৈ আহে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া তথা তদানীন্তন অধ্যক্ষ ৰাকেশ পাল৷ চাকৰিৰ পৰা বৰ্খাস্ত হয় ধনৰ বিনিময়ত নিযুক্তি লাভ কৰা বহু এপিএছ বিষয়া৷ লগতে গ্ৰেপ্তাৰো হ’ব লগা হয়৷ ৰাকেশ পালৰ সময়ত হোৱা এপিএছচিৰ বিয়াগোম দুৰ্নীতিয়ে লোক সেৱা আয়োগৰ স্বচ্ছতা সন্দৰ্ভত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত লোক সেৱা আয়োগক পুনৰ বিশ্বাসযোগ্য কৰাৰ প্ৰয়াস চলোৱা হয়৷ যাৰ ফলত এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা ঘূৰি আহে৷ মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে পুনৰ এপিএছচিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনিক দিশত সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়৷ এতিয়া নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আগন্তুক দিনত অসম লোক সেৱা আয়োগে কি দৰে আগুৱাই যাব সেইটো লক্ষণীয় হ’ব৷