Logo
image

দলত ‘মাৰ্গদৰ্শক’ হোৱাৰ পথত গাডকাৰি, ৰাজনাথ

আমাৰ অসম, ১৯ আগষ্টঃ বিজেপিত মাৰ্গদৰ্শক হ’ব নেকি নীতিন গাডকাৰি আৰু ৰাজনাথ সিঙৰ দৰে অভিজ্ঞ আৰু প্ৰভাৱশালী নেতা? ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে এই দুগৰাকী অগ্ৰণী বিজেপি নেতাক দলৰ বিশেষ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ’ব নেকি? নে তেওঁলোকক ক্ৰমাৎ সক্ৰিয় ৰাজনীতিৰ পৰা নিৰ্বাসিত কৰিব খুজিছে বিজেপিৰ শীৰ্ষ মহলে? এনেধৰণৰ বিভিন্ন প্ৰশ্নই এতিয়া জোকাৰি গৈছে দেশৰ ৰাজনৈতিক মহল৷ উল্লেখ্য, কেন্দ্ৰত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ সৰ্বোচ্ছ ক্ষমতাশালী কমিটী সংসদীয় বৰ্ডৰ পৰা বিদায় দিছে কেন্দ্ৰীয় মন্ত্ৰী তথা একালৰ দলীয় সভাপতি নীতিন গাডকাৰিক৷ ৮ বছৰৰ মূৰত নতুনকৈ গঠন কৰা কমিটীখনৰ পৰা বাদ দিয়া হৈছে জ্যেষ্ঠ নেতা শিৱৰাজ সিং চৌহানকো৷ দলৰ এনেবোৰ সিদ্ধান্তই স্বাভাৱিকতে ৰাজনৈতিক বিশ্লেষকসকলৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে যে নীতিন গাডকাৰি, ৰাজনাথ সিং বা শিৱৰাজ সিং চৌহানৰ দৰে প্ৰবীণ নেতাসকল লাহে লাহে দলত মাৰ্গদৰ্শক হ’বলৈ গৈ আছে নেকি? কিয়নো ইয়াৰ পূৰ্বে নীতিন গাডকাৰিৰ দৰেই ৰাজনাথ সিঙো গেৰুৱা দলটোৰ সভাপতিৰ পদত আছিল৷ পৰৱৰ্তী সময়ত গাডকাৰিৰ নিচিনাকৈ তেওঁকো দলীয় সভাপতিৰ দৰে অত্যন্ত ক্ষমতাশালী আৰু গুৰুত্বপূৰ্ণ পদবীৰ পৰা আঁতৰাই কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হৈছিল৷  গাডকাৰি যদিও এতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য, কিন্তু দলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা তেওক আঁতৰাই ৰখাটোৱে ‘অন্য’ ইংগিত বহন কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত চৰ্চা আৰম্ভ হৈছে৷ আনহাতে সংসদীয় ব’ৰ্ডৰ পৰা নীতিন গাডকাৰিক বিদায় দিয়াটো একাংশই তেওঁৰ ৰাজনৈতিক জীৱনৰ ছন্দপতনৰ সূচনা বুলি ধাৰণা কৰিবলৈ লৈছে৷ উল্লেখ্য, দলৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যৰূপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অন্তৰ্ভুক্ত কৰা হৈছে৷ একাংশ পৰ্যবেক্ষকৰ মতে, বিজেপি দল আৰু চৰকাৰত ক্ৰমশঃ বৃদ্ধি পোৱা নীতিন গাডকাৰিৰ প্ৰতিপত্তি হ্ৰাস কৰাৰ বাবেই নৰেন্দ্ৰ মোদীৰ দিহা মতেই দলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইপিনে বিজেপিৰ সংসদীয় ব’ৰ্ডত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশৰ অন্তৰ্ভুক্তি আৰু গাডকাৰিৰ বিদায়ৰ ৰাজনৈতিক তাৎপৰ্য সুদূৰপ্ৰসাৰী বুলি একাংশই ধাৰণা কৰিছে৷ বহুতৰ মতে আকৌ বিজেপিত ফাড়নৱিশৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ বৃদ্ধি পাইছে৷ বিশেষকৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ভূমিকাৰ লগতে বিহাৰ আৰু গোৱাত বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ দলৰ বাবে প্ৰচুৰ কষ্ট কৰিছিল৷ ফাড়নৱিশৰ কষ্টৰ ফলতেই আজি মহাৰাষ্ট্ৰত সিন্ধে-শিৱসেনা আৰু বিজেপি চৰকাৰ গঠন হৈছে৷ সংসদীয় ব’ৰ্ডত ফাড়নৱিশৰ অন্তৰ্ভুক্ত  আন এক ইংগিতো হ’ব পাৰে৷ হয়তো তেওঁক দিল্লীলৈ মাতি নি গুৰুত্বপূৰ্ণ স্থান দিব পাৰে৷ ইয়াৰ বিপৰীতে আন একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে, ফাড়নৱিশ আৰু গাডকাৰি দুয়ো নাগপুৰৰ বাসিন্দা৷ এনেস্থলত একে ঠাইৰ দুজন নেতাক দলৰ ক্ষমতাশালী সংসদীয় ব’ৰ্ডত ৰখাটো ঠিক নহয়৷ সেয়ে হয়তো ফাড়নৱিশক অন্তৰ্ভুক্ত কৰি ব’ৰ্ডৰ পৰা গাডকাৰিক দলে বিদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এটা সূত্ৰৰ মতে কিছুদিন পূৰ্বে গাডকাৰিয়ে কৰা এক মন্তব্যক লৈ দলৰ অভ্যন্তৰত তীব্ৰ চৰ্চা চলিছিল৷ সংবাদ মাধ্যমৰ মতে তিনিমাহমান পূৰ্বে গাডকাৰিয়ে ‘কেতিয়াবা কেতিয়াবা ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈ মন যায়’ বুলি মন্তব্য কৰিছিল৷ এনেবোৰ বিষয়ক লৈয়ো গাডকাৰি সম্পৰ্কে দলে নতুন চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি একাংশই ধাৰণা কৰিছে৷