Logo
image

ভাৰতত বাঢ়িব তেলৰ সৰ্বাধিক চাহিদা

আমাৰ অসম, ১৯ আগষ্টঃ ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ দৰে পেট্ৰ’লিয়াম সামগ্ৰীৰ প্ৰয়োজনীয়তা দ্ৰুত গতিত বৃদ্ধি পাব৷ চলিত বৰ্ষতে ভাৰতত পেট্ৰ’ল-ডিজেলৰ চাহিদা ৭.৭৩ শতাংশ বৃদ্ধি পাব, যিটো বিশ্বৰ সকলো দেশৰ তুলনাত সৰ্বাধিক হ’ব৷ পিছ পৰিব আমেৰিকা, চীন, ইউৰোপ আদি৷ তেল ৰপ্তানি কৰা দেশবোৰৰ সংগঠন ‘অ’পেক’ৰ মাহিলী প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে৷ অ’পেকৰ প্ৰতিবেদন অনুসৰি ভাৰতত ২০২১ চনত প্ৰতিদিনে ৪৭.৭ লাখ বেৰেল পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ প্ৰয়োজন হৈছিল৷ কিন্তু ২০২২ চনত এই পৰিমাণ দৈনিক ৫১.৪ লাখ বেৰেললৈ বৃদ্ধি পাব৷ চলিত বৰ্ষত চীনত পেট্ৰ’লিয়ামজাত ইন্ধনৰ চাহিদা ১.২৩ শতাংশ, আমেৰিকাত ৩.৩৯ শতাংশ, ইউৰোপত ৪.৬২ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কিন্তু ভাৰতত এই পৰিমাণ বৃদ্ধি পাব ৭.৭৩ শতাংশলৈ৷ ভাৰতত যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ঔদ্যোগিক কাম-কাজো ক’ভিডৰ আগৰ পৰ্যায়লৈ ঘূৰি আহিছে৷ যাৰ ফলত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ প্ৰয়োজন দ্ৰুত গতিত বৃদ্ধি পাইছে৷