Logo
image

ভয়ানক মূল্যবৃদ্ধিৰ গ্ৰাসত ব্ৰিটেইন

৪০ বছৰত সৰ্বাধিক মূল্যবৃদ্ধি, মন্দাৱস্থাৰ দিশে ইংলেণ্ড

আমাৰ অসম, ১৯ আগষ্টঃ কৰ’নাৰ তাণ্ডৱ, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই বিশ্বৰ সকলো দেশকে ভয়ংকৰ অৱস্থাৰ মাজলৈ লৈ যায়৷ বিশ্বৰ বিভিন্ন দেশত এতিয়া মূল্যবৃদ্ধি ইমানেই আকাশচুম্বী হৈছে যে চৰকাৰো অসহায় হৈ পৰিছে৷ দুখীয়া আৰু উন্নয়নশীল দেশৰ কথা বাদেই, আমেৰিকা, ইংলেণ্ড, চীনৰ দৰে দেশতো এতিয়া অৰ্থনৈতিক সংকটে দেখা দিছে৷ মূল্যবৃদ্ধিয়ে জনতাক অতিষ্ঠ কৰি তুলিছে৷ বহু অৰ্থনীতিবিদে আশংকা কৰিছে যে এই উন্নত দেশবোৰে সোনকালেই মন্দাৱস্থাৰ দিশে গতি কৰাৰ সম্ভাৱনা আছে৷ ব্ৰিটেইনত মূল্যবৃদ্ধি ইমানেই বাঢ়িছে যে জনতাই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ বুধবাৰে ব্ৰিটেইনৰ চৰকাৰী তথ্যই প্ৰমাণ কৰে যে ৪০ বছৰত প্ৰথমবাৰলৈ দেশখনত মূল্যবৃদ্ধি আকাশচুম্বী হৈছে, যাৰ ফলত জনতাৰ জীৱন-যাপনত ব্যঘাত জন্মিছে৷ মূল্যবৃদ্ধিয়ে দেশখনৰ জনতাক চিন্তিত কৰি তুলিছে৷ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে দেশখনৰ পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিব৷ জুলাই মাহত মূল্যবৃদ্ধিয়ে ইমানেই ভয়ংকৰ ৰূপ লয় যে যাৰ ফলত দেশখন মন্দাৱস্থাৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত৷ বুধবাৰে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জুলাই মাহত দেশৰ মুদ্ৰাস্ফীতি ১০.১ শতাংশলৈ বৃদ্ধি পায়৷ জুন মাহত মুদ্ৰাস্ফীতি আছিল  ৯.৪ শতাংশ৷ আগষ্ট মাহৰ আৰম্ভণিতে বেংক অৱ ইংলেণ্ডে সকীয়নি দিছিল যে চলিত মাহত দেশখনৰ মুদ্ৰাস্ফীতিৰ হাত ১৩ শতাংশতকৈও বেছি হ’বগৈ৷ শেষবাৰ ১৯৮০ চনত এনে পৰিস্থিতি সৃষ্টি হৈছিল দেশখনত৷