Logo
image

হাইকমাণ্ডৰ ‘লাই ডিটেক্টৰ’ৰ সন্মুখত ২৪ কংগ্ৰেছী বিধায়ক

ৰাজীৱ ভৱনৰ বিশ্বাসঘাতকৰ সন্ধানত দিল্লীৰ তলব

আমাৰ অসম, ১৯ আগষ্টঃ ‘কোনে চুকতে থাকি বুকতে কামুৰিলে৷’ –এতিয়াও আঁৰ কপোৰ আঁতৰা নাই ৰাজীৱ ভৱনৰ বিশ্বাসঘাটক বিধায়কৰ৷ প্ৰহেলিকাৰ মাজতে এইবাৰ বিশ্বাসঘাটক বিধায়কৰ সন্ধানত তৎপৰ হৈছে কংগ্ৰেছ হাইকামাণ্ড৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অসমৰ কোন কোন কংগ্ৰেছী বিধায়কে বিজেপিৰ পক্ষত ক্ৰছ ভোটিং কৰিলে ইয়াৰ স্কেনিং কৰিবৰ বাবে নতুন দিল্লীলৈ কংগ্ৰেছ হাইকামাণ্ডে তলব কৰিছে অসমৰ ২৪জন কংগ্ৰেছী বিধায়কক৷ দলীয় সূত্ৰই জনোৱা মতে ক্ৰছ ভোটিঙৰ সন্দৰ্ভত অহা ২৯ আগষ্টত কংগ্ৰেছ হাইকামাণ্ডৰ সন্মুখত ‘লাই ডিটেক্টৰ’ সদৃশ পৰীক্ষা দিব লাগিব কংগ্ৰেছৰ ২৪ বিধায়কে৷ হাইকামাণ্ডে এজন এজনকৈ বিধায়কৰ দলীয় আনুগত্য তথা বিশ্বাসযোগ্যতাৰ পৰীক্ষা ল’ব৷ কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰিছে নেকি ইয়াৰো সন্ধান কৰিব  কংগ্ৰেছ হাইকামাণ্ডে৷ উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ একাংশ বিধায়কে ক্ৰছ ভোটিং কৰাটো দিনৰ পোহৰৰ দৰে সত্য  হোৱাৰ পাছতে হাতত ছয়জনীয়া গাড্ডাৰ বিধায়কৰ তালিকা লৈ নতুন দিল্লীলৈ উৰা মাৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ নতুন দিল্লীত বৰাই অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ হাতত  দাখিল কৰিছিল সন্দেহজনক ছয়জনীয়া দলীয় গাড্ডাৰ বিধায়কৰ তালিকা৷ ভূপেন বৰাৰ অভিযোগ আছিল ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এইসকল বিধায়কে ভোট দিলে এনডিএৰ প্ৰাৰ্থীক৷ ভূপেন বৰাৰ হাতৰ পৰা গাড্ডাৰ বিধায়কৰ তালিকালৈ অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে নিজে গুৱাহাটীলৈ আহি গাড্ডাৰ বিধায়কক চিনাক্ত কৰি ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু দিনৰ পাছত দিন গ’ল, আহিম বুলিও গুৱাহাটীলৈ নাহিল জিতেন্দ্ৰ সিং৷ ইয়াৰ বিপৰীতে এইবাৰ নতুন দিল্লীলৈ মাতি পঠিওৱা হৈছে অসমৰ সকলো কংগ্ৰেছ বিধায়কক৷ নতুন দিল্লীতে অসমৰ গাড্ডাৰ কংগ্ৰেছী বিধায়কৰ হেনো বিচাৰ কৰিব কংগ্ৰেছ হাইকামাণ্ড তথা জিতেন্দ্ৰ সিঙে৷ কংগ্ৰেছ হাইকামাণ্ডৰ তলব মৰ্মে অহা ২৭ আগষ্টত নতুন দিল্লীলৈ ৰাওনা হ’ব অসমৰ সকলো কংগ্ৰেছী বিধায়ক৷ ২৮ আগষ্টত কংগ্ৰেছৰ বিধায়কসকলে এআইচিচিয়ে আহ্বান জনোৱা এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ ‘মেহেংগাইকা হাল্লাবোল’ শীৰ্ষক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে ২৯ আগষ্টত অসমৰ বিধায়কসকলক আছুতীয়াকৈ বহাই লৈ লাই ডিটেক্টৰ সদৃশ পৰীক্ষা কৰিব  কংগ্ৰেছ হাইকামাণ্ডে৷ ২৯ আগষ্টৰ কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সাংবাদিকৰ আগত এনেদৰে কয়–‘গাড্ডাৰৰ চিনাক্ত কৰাতো আমি বিচাৰিছো৷ ২৭ আগষ্টত আমি সকলো কংগ্ৰেছৰ বিধায়ক, সাংসদ আৰু দলৰ নেতৃত্ব দিল্লীলৈ যাবলৈ সাজু হৈছোঁ৷ ২৮ আগষ্টৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে হাইকামাণ্ডৰ সৈতে বিধায়ক-সাংসদসকলৰ আলোচনা আছে৷ সেই আলোচনাত যদি গাড্ডাৰৰ প্ৰসংগই স্থান পায়, আমি ভাল পাম৷ এই বিষয়ত আনুষ্ঠানিকভাৱে একো জনোৱা নাই৷’ লক্ষণীয় যে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কংগ্ৰেছৰ কেইবাজনো বিধায়কে ক্ৰছ ভোটিং কৰা বুলি অভিযোগ উঠাৰ পাছৰ পৰাই ৭/৮জন কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ একাংশই দাবী কৰি আহিছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলম্বিত বিধায়ক ছিদ্দেক আহমেদে আজি দাবী কৰিছে যে অচিৰেই কংগ্ৰেছৰ দহ-বাৰজন বিধায়ক বিজেপিলৈ যাব৷ যদিহে ছিদ্দেক আহমেদে দাবী কৰাৰ দৰে বা বিজেপিয়ে কোৱাৰ দৰে কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগ দিয়ে বা কংগ্ৰেছ হাইকামাণ্ডে ছয়জন ‘গাড্ডাৰ’ বিধায়কক চিনাক্ত কৰি নিলম্বিত কৰে তেন্তে কংগ্ৰেছ দলে অসমত বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব৷ নি(য় এয়া কংগ্ৰেছৰ বাবে হ’ব আন এক মোক্ষম আঘাট হ’ব৷ এনে প্ৰেক্ষাপটত দাগী বিধায়কক চিনাক্ত কৰি কংগ্ৰেছ হাইকমাণ্ডে কেনেকৈ ডিঙিত টিলিঙা আঁৰিব সেয়া লক্ষণীয় হ’ব৷

কংগ্ৰেছ এৰিব ১০-১২জন বিধায়কে! ছিদ্দেক

অচিৰেই কংগ্ৰেছ এৰিব ১০ৰ পৰা ১২ জন কংগ্ৰেছ বিধায়কে৷ বিজেপিলৈ যাব দহৰ পৰা ১২ জন কংগ্ৰেছী বিধায়ক৷ বৃহস্পতিবাৰে এই বিস্ফোৰক মন্তব্য কৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদে৷ তেওঁ কয়, কোন দলত থাকিম আৰু নাথাকিম সেয়া এইবছৰৰ শেষৰ ফালে সিদ্ধান্ত ল’ব৷ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই দলটো ধৰি ৰাখিব পৰা নাই৷ তেওঁৰ দুৰ্বলতাৰ বাবেই দল এৰিব বহু বিধায়কে৷ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত ছিদ্দেক আহমেদে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাম-কাজত সন্তুষ্ট তেওঁ৷ আগৰ চৰকাৰৰ তুলনাত এইবাৰ তেওঁৰ সমষ্টিত বহুত কাম হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই পথ-ঘাটৰ কাম-কাজত গুৰুত্ব দিছে৷ তেওঁ কয়, আগন্তুক সময়ত এআইইউডিএফ লাভবান হ’ব৷ কাৰণ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত যিহেতু মিত্ৰতা নাই, ভবিষ্যতত এআইইউডিএফে বিভিন্ন আসনত প্ৰাৰ্থী দিব৷ ইয়াৰ ফলত সংখ্যালঘু ভোটত বিভাজন হ’লে কংগ্ৰেছে বহু সমষ্টি হেৰুওৱাব বুলি তেওঁ কয়৷ ইপিনে ‘কা’ আন্দোলন সন্দৰ্ভত তেওঁ কয়, অসমত ‘কা’ আন্দোলন ফলপ্ৰসূ নহয়৷ ৰাইজে উন্নয়ন বিচাৰিছে আৰু চৰকাৰেও উন্নয়নমূলক কাম-কাজ কৰিছে৷ ইয়াৰ ফলত ‘কা’ আন্দোলনৰ প্ৰভাৱ নপৰে বুলি ছিদ্দেক আহমেদে কয়৷