Logo
image

দুনিশা নীৰৱে গুৱাহাটীত কটাই গ’ল মোহনলালে

আমাৰ অসম, ১৯ আগষ্টঃ দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ মোহনলাল বিশ্বনাথন নায়াৰ৷ দক্ষিণ ভাৰতীয় চলচ্ছিত্ৰৰ ছুপাৰষ্টাৰ হিচাপে পৰিচিত মোহনলালৰ চিনেমা নোচোৱা ছাগৈ কোনো দৰ্শক নোলাব৷ কিন্তু দক্ষিণৰ এইজন ছুপাৰষ্টাৰে গুৱাহাটীত দুনিশা কটাই গ’ল যদিও কোনেও অভিনেতাজনক চিনিকে নাপালে৷ মঙল আৰু বুধবাৰে গুৱাহাটীৰ মা কামাখ্যা দেৱালয় আৰু উমানন্দত পূজা দি উভটি গ’ল মালায়ালম ছুপাৰষ্টাৰজনে৷ মঙলবাৰে পুৱাই দক্ষিণৰ চলচ্ছিত্ৰ জগতৰ চিত্ৰনাট্যকাৰ আৰ ৰমানন্দনৰ সৈতে নীলাচল পাহাৰত উপস্থিত হৈ কামাখ্যা দেৱালয়ত পূজা-অৰ্চনা কৰে অভিনেতাজনে৷ দক্ষিণৰ অন্যতম ছুপাৰষ্টাৰ ৰজনীকান্ততকৈও এটা সময়ত অধিক জনপ্ৰিয় অভিনেতা মোহনলাল বিশ্বনাথন নায়াৰে কেইবাঘণ্টা সময় কামাখ্যা দেৱালয়ত কটোৱাৰ লগতে মন্দিৰৰ পাণ্ডা আৰু দলৈৰ সৈতেও মত বিনিময় কৰে৷ মালায়ালম ভাষাৰ লগতে তামিল, তেলেগু, কনড়, হিন্দী আদি বিভিন্ন ভাষাৰ ছবিত অভিনয় কৰা মোহনলালে কামাখ্যা মন্দিৰৰ ঐতিহ্যৰ সন্দৰ্ভতো মন্দিৰ কতৃৰ্পক্ষৰ পৰা বুজ লোৱা বুলিও জানিব পৰা গৈছে৷ অভিনেতাজনে গুৱাহাটী ভ্ৰমণৰ দ্বিতীয় দিনা ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ কৰি উমানন্দতো পূজা-অৰ্চনা কৰে৷ মোহনলালক গুৱাহাটীত জনপ্ৰিয় শিল্পী পাপন অংগৰাগ মহন্তই সাক্ষাৎ কৰি গামোচা পিন্ধাই চেনেহ যচা দেখা গ’ল৷ পাপনে সাক্ষাৎ কৰাৰ কথা অভিনেতাজনে ছ’চিয়েল মিডিয়াযোগে নিজেই ৰাজহুৱা কৰিছে৷ অৱশ্যে কামাখ্যা ধাম বা উমানন্দত দীৰ্ঘ সময় পাৰ কৰা অভিনেতাজনক অসমৰ আন কোনো লোকে চিনি নাপালে যদিও অসমৰ সন্দৰ্ভত প্ৰশংসাৰে উপচাই পেলাইছে মোহনলালে৷ নিজৰ ফেচবুকত মোহনলালে তন্ত্ৰ পৰম্পৰাৰ পীষ্ঠস্থান কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ পাই শৈশৱৰ এটা আশা পূৰণ হোৱা বুলি মন্তব্য কৰিছে৷ মোগল আৰু ব্ৰিটিছৰ শাসনক আহোম ৰজাসকলে প্ৰতিহত কৰাৰ ইতিহাস পাঠ্যপুথিত পঢ়িবলৈ নোপোৱা বিষয়টোত আক্ষেপ প্ৰকাশ কৰি আহোমৰ ৬০০ বছৰীয়া শাসনক ভালদৰে অধ্যয়ন কৰাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে৷ কামাখ্যা মন্দিৰক জাতি-ধৰ্ম-বৰ্ণ সকলো লোকে আদৰি লোৱা বুলি মন্তব্য কৰি অভিনেতা মোহনলালে সুধাকণ্ঠ ভূপেন হাজৰিকাই হৃদয়েৰে ভালপোৱা ব্ৰহ্মপুত্ৰত যাত্ৰা কৰি নদীক ভালপোৱা মানুহজনক লগ পোৱা যেন অনুভৱ হোৱা বুলিও উল্লেখ কৰিছে৷ তদুপৰি কামাখ্যা মন্দিৰৰ সন্দৰ্ভত ককাক গোপীনাথ নায়াৰৰ পৰা প্ৰথমবাৰলৈ অৱগত হৈছিল বুলি উল্লেখ কৰিছে৷ উল্লেখ্য, ৬০ বছৰ গৰকা মালায়ালম অভিনেতাজনে সাধাৰণ ভক্ত-দৰ্শনাৰ্থীৰ দৰে শাৰী পাতি কামাখ্যা দেৱালয়ত প্ৰৱেশ কৰি পূজা আগবঢ়াইছিল৷ অভিনেতাজনৰ বিখ্যাত কেইখনমান ছবি হৈছে– জনতা গেৰেজ, দৃশ্যম, লুচিফাৰ, পুলিমুৰুগান, অ’ডিয়ান, শ্বেৰ কা চিকাৰী, নৰছিমা, আৰাআট্টু, ৱেলভ মেন ইত্যাদি৷