Logo
image

বন বিভাগৰ ছত্ৰছায়াতে কাঠৰ ছিণ্ডিকেট, আঁৰত আৰক্ষীও

আমাৰ অসম, ১৯ আগষ্টঃ মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো ৰাজ্যত অব্যাহত আছে অৰুণাচলৰ চোৰাং কাঠৰ ছিণ্ডিকেট৷ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে সু-সম্পৰ্ক থকা ছিণ্ডিকেট মাফিয়াই বন বিভাগৰ ছত্ৰছায়াত অৰুণাচলৰ পৰা অসমলৈ অবৈধভাৱে কাঠৰ সৰবৰাহ অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে৷ কামৰূপ জিলাৰ আৰক্ষীয়ে বাইহাটা চাৰিআলিত আকস্মিক অভিযান চলোৱাত অৰুণাচলৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰা এখন ষোল্ল চকীয়া ট্ৰাক জব্দ কৰাৰ পাছতেই কাঠ ছিণ্ডিকেট চক্ৰটোৰ তথ্য উন্মোচন হয়৷ আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি দীৰ্ঘ দিনে এই চত্ৰটোৱে অৰুণাচলৰ পৰা অবাধ হাৰত চোৰাং কাঠ সৰবৰাহ কৰি আহিছিল৷ বাইহাটা আৰক্ষীয়ে চোৰাং কাঠ ভৰ্তি এ এছ ০১ এন চি ৮০১৩ নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনকো আটক কৰে৷ আৰক্ষীৰ প্ৰাথমিক জেৰাত ট্ৰাকখনৰ চালক-হেণ্ডিমেনে চতিয়াৰ ভাস্কৰ বৰা নামৰ এজন যুৱকৰ নিৰ্দেশত অৰুণাচলৰ পৰা কাঠখিনি নলবাৰীমুখে সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে৷ আৰক্ষী সূত্ৰই সদৰী কৰা মতে ছিণ্ডিকেট চক্ৰটোত ভাস্কৰ বৰাৰ লগতে কাঠ মাফিয়া গোবিন্দ সৰকাৰ জড়িত আছে৷ অৰুণাচল আৰু মেঘালয়ৰ চোৰাং কাঠৰ ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত গোবিন্দ চৰকাৰ ৰাজ্যৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতেও মধুৰ সম্পৰ্ক থকা বুলিও আৰক্ষীৰ ভিতৰচ’ৰাতে চৰ্চা চলিছে৷ অৱশ্যে বাইহাটা আৰক্ষী জব্দকৃত কাঠখিনি বন বিভাগক চমজাই দিলেও স্মাৰ্ট অসম আৰক্ষীয়ে ছিণ্ডিকেট মাফিয়া চক্ৰটোক উৎখাত কৰিবলৈ সাহস কৰিব নে নাই, সেয়া সময়ত লক্ষণীয় হ’ব৷