Logo
image

‘বহিঃৰাজ্যৰ লোকৰ আগ্ৰাসনৰ পথ প্ৰশস্ত হ’ব নেকি’

হিন্দীত প্ৰশ্নকাকত

আমাৰ অসম, ১৯ আগষ্টঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬,০০০ পদত নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰি অহা ২১ আগষ্টৰ পৰা তিনিটা পৰ্যায়ত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে৷ কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ উক্ত পদসমূহৰ বাবে অনুষ্ঠিত হ’ব লগা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত চৰকাৰে অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষাতো প্ৰস্তুত কৰিছে৷ পৰীক্ষাৰ প্ৰশ্নকাকত হিন্দী ভাষাত প্ৰস্তুত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই এনেদৰে কয়– ‘চৰকাৰৰ এই সিদ্ধান্ত খিলঞ্জীয়াবিৰোধী৷ আমি অসম চুক্তিৰ ৬নং দফা অনুসৰি খিলঞ্জীয়াৰ বাবে চাকৰি-বাকৰি সকলো সংৰক্ষণৰ দাবী জনাই আহিছো৷ সমান্তৰালভাৱে অসমত যুগ যুগ ধৰি বাস কৰা তথা হিন্দী মাধ্যমত পঢ়াশুনা কৰা লোকসকলেও যাতে ন্যায় পায় সেয়াও নিশ্চিত হ’ব লাগিব৷ কিন্তু হিন্দী মাধ্যমৰ প্ৰশ্ন কাকতৰ সুযোগ লৈ ৰাজ্যৰ বাহিৰৰ কোনো প্ৰাৰ্থীয়ে যাতে অসমৰ থলুৱা যুৱক-যুৱতীৰ মুখৰ ভাত কাঢ়ি নিব নোৱাৰে, এই কথা চৰকাৰে নিশ্চিত কৰিবই লাগিব৷ হিন্দী ভাষাৰ প্ৰশ্নকাকতৰ জৰিয়তে অসমলৈ বহিঃৰাজ্যৰ লোকৰ আগ্ৰাসনৰ পথ যাতে প্ৰশস্ত নহয়, সেয়া নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব৷ অন্যথা ইয়াৰ বিৰুদ্ধে সংঘবদ্ধ প্ৰতিবাদৰ গত্যন্তৰ নাথাকিব৷’ ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়– তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত বহিৰাগত লোকক নিযুক্তি দিয়াৰ স্বাৰ্থত চৰকাৰে বহিৰাগতক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দি হিন্দী ভাষাত প্ৰশ্নকাকত প্ৰস্তুত কৰিছে৷ চৰকাৰৰ এই অসম বিৰোধী, অসমৰ নিবনুৱা বিৰোধী ষড়যন্ত্ৰ কেতিয়াও গ্ৰহণ কৰি লোৱা নহব৷ পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত লগতে কয় যে যি সময়ত অসমত প্ৰায় ৩৫ লাখ শিক্ষিত নিবনুৱাই কোনো সংস্থাপন নাপাই দিক-বিদিক হেৰুৱাই পেলাইছে যি সময়ত ৰাজ্যখনৰ শিক্ষিত নিবনুৱাই সংস্থাপন নাপাই বহিঃৰাজ্যলৈ গৈ দিন হাজিৰা কৰিব লগা হৈছে তেনে সময়ত থলুৱা খিলঞ্জীয়া লোকৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে ৰাজ্যত বহিৰাগতক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰি থলুৱা খিলঞ্জীয়া নিবনুৱা যুৱক-যুৱতীক চূড়ান্ত প্ৰৱঞ্চনা কৰিছে৷ ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি অসমৰ অনান্য দল-সংগঠনে দশক দশক ধৰি অসম চৰকাৰৰ অধীনৰ সকলো বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদত সম্পূৰ্ণ ১০০ শতাংশ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাই আহিছে৷ কিন্তু দল সংগঠন আৰু অসমৰ নিবনুৱাৰ স্বাৰ্থক কুঠাৰাঘাত কৰি হিমন্ত বিশ্ব শৰ্ম্মাৰ চৰকাৰ খনে ৰাজ্যৰ চৰকাৰী বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত বহিৰাগতক নিযুক্তি দিয়াৰ অভিসন্ধি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক৷ পৰিষদৰ নেতাদ্বয়ে আক্ষেপেৰে কয়, কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰে ক্ষমতা দখল কৰা দিনৰে পৰা অসমত অসমীয়া জাতিক নিঃশেষ কৰাৰ বাবে সুদুৰপ্ৰসাৰী পৰিকল্পনাৰে বাৰে বাৰে অসম বিদ্বেষী সিদ্ধান্ত লৈ আহিছে৷