Logo
image

হিন্দী ভাষাত প্ৰশ্নকাকত কিয় যুক্তি দিলে মন্ত্ৰী পীয়ূষে

আমাৰ অসম, ১৯ আগষ্টঃ ৰাজ্যত প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে অহা ২১ আৰু ২৮ আগষ্টত তথা ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বাছনি পৰীক্ষা৷ এই পদসমূহৰ বাবে ইতিমধ্যে অনলাইনযোগে আবেদন কৰিছে প্ৰায় ১৪ লাখ প্ৰাৰ্থীয়ে৷ এই বাছনি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে  জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হৈছে৷ উল্লেখ্য, প্ৰথমবাৰৰ কাৰণে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ প্ৰশ্নকাকতত ব্যৱহাৰ হ’ব অসমীয়া, বাংলা, বড়ো, ইংৰাজী আৰু হিন্দী ভাষা৷ কিন্তু হিন্দী ভাষাত প্ৰশ্নকাকত দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ ইয়াৰ দ্বাৰা বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব বুলি আশংকা কৰিছে একাংশই৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– আজি মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশত গৈ অসমীয়া ল’ৰাই চাকৰি কৰি থকা নাই নেকি? আমি কেতিয়াবা কেতিয়াবা ইমান উগ্ৰ জাতীয়তাবাদী হৈ যাওঁ যে ইয়াত জাত্যাভিমান দেখুৱাই থাকোঁ৷ সেইটোৱে আমাৰ সমস্যা৷ চেণ্ট্ৰেল কোটা বুলি নিয়ম এটা আছে৷ অহা ২১, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা নিযুক্তি পৰীক্ষাত ১৪,৩০,৩৩৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অছে৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব লগা এই পৰীক্ষা সুপৰিচালনাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই জিলাসমূহৰ উপায়ুক্ত আৰু অন্যান্য অংশীদাৰীসকলৰ সৈতে যোৱা বুধবাৰে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে বৈঠকত মিলিত হৈছিল৷ অসমত এই সময়খিনিত একাংশ সংগঠনে ‘কা’ বিৰোধী আন্দোলন কৰাৰ প্ৰসংগত মন্ত্ৰী হাজিৰকাই কয় প্ৰায় ৩০ হাজাৰ চৰকাৰী পদৰ বাবে পৰীক্ষা হ’ব গৈ আছে সেয়ে চাকৰিপ্ৰাৰ্থী সকলৰ জীৱন আৰু সংস্থাপনৰ স্বাৰ্থত কোনেও যাতে আন্দোলনৰ নামত বেমেজালিৰ সৃষ্টি নকৰে তাৰ বাবে সকলো পক্ষকে আহ্বান জনাইছো৷ ২০১৯ চনত কৰা ‘কা’ বিৰোধী অন্দোলনৰ একাংশ নেতা অথবা সংগঠনে সেই সময়ত অসমৰ ৰাইজক মিছা কথাৰে বিপথে পৰিচালনা কৰিছিল৷ আন্দোলনৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে তেতিয়া শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি গুৱাহাটীখনৰ অনিষ্ট কৰিছিল৷ ‘কা’ কাৰ্যকৰী হ’লে কোটি কোটি বাংলাদেশী নাগৰিক আমাৰ ৰাজ্যলৈ আহিব বুলি মিছা প্ৰচাৰ চলোৱা একাংশ নেতাৰ আন্দোলনৰ পাছতো নিজৰ মতাদৰ্শত বিশ্বাস ৰাখি আমাৰ দলে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ মতাদৰ্শগত পাৰ্থক্য আমাৰ মাজত থাকিব পাৰে, কিন্তু জোৰ জবৰদস্তি কাৰোবাৰ মতাদৰ্শক প্ৰতিষ্ঠা কৰাৰ নামত আন্দোলন কৰি ৰাজ্যখনৰ খাতিখোৱা পৰিয়ালৰ চাকৰি প্ৰাৰ্থীসকলক কোনেও যাতে পণবন্দী নকৰে৷ চৰকাৰ এখন সংবিধানে নিৰ্দ্ধাৰণ কৰা নীতিৰ আধাৰত চলে৷ যেনেকৈ অসমৰ বহু নাগৰিকে বহিৰাজ্যত চাকৰি লাভ কৰি বৰ্তমানে কৰ্মৰত হৈ আছে তেনেকৈ যদি প্ৰচলিত নিয়মৰ আধাৰত আন ৰাজ্যৰ দুই এজনে আমাৰ ৰাজ্যৰ চাকৰি লাভ কৰে তেতিয়া আমাৰ কোনো অসুবিধা থাকিব নালাগে৷ কা আন্দোলনৰ নামত পৰিৱেশ অস্থিৰ কৰি অনাগত এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ যি নিযুক্তি পৰীক্ষা হ’বলৈ গৈ আছে সেই পৰীক্ষাত অৱতীৰ্ণ হ’বলগা প্ৰাৰ্থীসকলক যাতে পণবন্দী কৰি পেলোৱা নহয়৷